ভাৰত-নিউজিলেণ্ডৰ মেচত বাংলাদেশী সদস্য! BCCI-BCBৰ বিবাদৰ মাজতে সৃষ্টি হৈছে নতুন বিতৰ্ক

ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ মাজত স্বাভাৱিকতেই আজিৰ ভাৰত-নিউজিলেণ্ডৰ মেচক লৈ পূৰ্বৰ দৰেই উৎকণ্ঠা দেখা গৈছে। কিন্তু খেলপথাৰৰ উত্তেজনাৰ সমান্তৰালকৈ সৃষ্টি হৈছে এক বিতৰ্কৰো। এগৰাকী বাংলাদেশী সদস্যক লৈ সৃষ্টি হৈছে এই বিতৰ্ক। পিছে ভাৰত-নিউজিলেণ্ডৰ মেচত বাংলাদেশী সদস্য কেনেকৈ! জানো আহক।

ভাৰত-নিউজিলেণ্ডৰ মেচত বাংলাদেশী সদস্য! BCCI-BCBৰ বিবাদৰ মাজতে সৃষ্টি হৈছে নতুন বিতৰ্ক

ভাৰত-নিউজিলেণ্ডৰ ম্ৰ্চত বাংলাদেশী সদস্য!

Published: 

11 Jan 2026 | 07:37 PM

আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ এদিনীয়া শৃংখলা। তিনিখনীয়া মেচৰ এই শৃংখলাটোৰ প্ৰথমখন মেচ আজি বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। মেচখনত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ৩০০ ৰান সংগ্ৰহ কৰাৰ পিছত ভাৰতে লক্ষ্য অনুসৰণৰ দিশত শক্তিশালী আৰম্ভণি ঘটাইছে। ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ মাজত স্বাভাৱিকতেই এই মেচখনক লৈ পূৰ্বৰ দৰেই উৎকণ্ঠা দেখা গৈছে। কিন্তু খেলপথাৰৰ উত্তেজনাৰ সমান্তৰালকৈ সৃষ্টি হৈছে এক বিতৰ্কৰো।

শেহতীয়া বিতৰ্ক

বিগত কিছুদিন ধৰি ভাৰত আৰু বাংলাদেশৰ মাজত তীব্ৰ ৰাজনৈতিক তথা কূটনৈতিক উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ প্ৰভাৱ পৰিছে ক্ৰিকেটতো। দেশজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত বিচিচিআইয়ে আগন্তুক আই পি এলৰ পৰা বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক বহিষ্কাৰ কৰিছিল।

এই সিদ্ধান্তই ক্ষোভিত কৰি তুলিছিল বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (BCB)ক। আনকি বাংলাদেশে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ অহাৰ পৰিৱৰ্তে শ্ৰীলংকাত দলটোৰ মেচ আয়োজনৰ বাবে আইচিচিৰ ওচৰত আবেদন জনাইছিল। তদুপৰি মুস্তাফিজুৰৰ বহিষ্কৰণৰ কাৰণ দৰ্শাবলৈও বিচিচিআইলৈ পত্ৰ প্ৰেৰণ কৰিছিল বিচিবিয়ে।

ভাৰত-কিৱি মেচত বাংলাদেশী সদস্য

শেহতীয়া এনে বিবাদৰ মাজতে আজি ভাৰত-নিউজিলেণ্ডৰ মেচত দেখা পোৱা গ’ল এগৰাকী বাংলাদেশী সদস্য। আজিৰ মেচত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে এগৰাকী আম্পায়াৰৰ ওপৰত, নাম তেওঁৰ শৰফুদ্দৌলা ছৈকত। বাংলাদেশৰ এইগৰাকী আম্পায়াৰে আজিৰ মেচত টিভি আম্পায়াৰৰ দায়িত্ব পালন কৰিছে।

আম্পায়াৰ নিযুক্তিৰ প্ৰক্ৰিয়া

শৰফুদ্দৌলা ছৈকতে ভাৰতৰ মাটিত আম্পায়াৰিং কৰা দেখি বহু লোক আচৰিত হৈছে। সামাজিক মাধ্যমত বহু অনুৰাগীয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় মেচত আম্পায়াৰ নিযুক্তিৰ সিদ্ধান্ত BCCI-এ নলয়, লয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICC)।

বাংলাদেশৰ শৰফুদ্দৌলা ছৈকত আইচিচিৰ এলিট পেনেলৰ এগৰাকী অন্যতম আম্পায়াৰ। আইচিচিয়ে তেওঁলোকৰ প্ৰদৰ্শন আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিৰপেক্ষ আম্পায়াৰ হিচাপে নিযুক্তি দিয়ে। এদিনীয়া আৰু টি-২০ শৃংখলাত অন্ততঃ এগৰাকী নিৰপেক্ষ আম্পায়াৰ থকাটো বাধ্যতামূলক। সেই সূত্ৰেই আজি আম্পায়াৰ হিচাপে দায়িত্ব পালন কৰিছে শৰফুদ্দৌলা ছৈকতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...