ইংলেণ্ডত অব্যাহত গিলৰ অভিলেখৰ জোৱাৰঃ ভংগ কৰিলে ৫৯ বছৰীয়া টেষ্ট অভিলেখ, পিছ পৰিল গাভাস্কাৰো

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত দৰ্শনীয় প্ৰদৰ্শনেৰে গিলে এইপৰ্যন্ত কেইবাটাও অভিলেখ ৰচনা কৰিছে। আজিৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ অন্তিমখন মেচতো গিলে অৰ্জন কৰিছে আন দুটা ঈৰ্ষণীয় কৃতিত্ব। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰিছে দুই কিংবদন্তি তাৰকাক।

ইংলেণ্ডত অব্যাহত গিলৰ অভিলেখৰ জোৱাৰঃ ভংগ কৰিলে ৫৯ বছৰীয়া টেষ্ট অভিলেখ, পিছ পৰিল গাভাস্কাৰো

গিলৰ অভিলেখ

Updated On: 

31 Jul 2025 | 06:41 PM

টেষ্টৰ পৰা ৰোহিত শৰ্মাৰ আকস্মিক অৱসৰৰ পিছতে ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছিল শুভমন গিলে বিচিচিআইৰ এই সিদ্ধান্তক সহজে পৰা নাছিল বহুলোকে বহু ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীয়ে আনকি টেষ্ট ফৰ্মেটত গিলৰ স্থানক লৈয়ে প্ৰশ্ন তুলিছিল পিছে এই সকলো শংকা দূৰ কৰি তথা সমালোচকক উচিত প্ৰত্যুত্তৰ দি অধিনায়ক হিচাপে নিজৰ প্ৰথমটো শৃংখলাতে উজলি উঠে যুৱ তাৰকাগৰাকী ইংলেণ্ডৰ বিপক্ষে চলিত শৃংখলাত শুভমন গিলে নিজৰ বেটিঙেৰে সৃষ্টি কৰিছে চমক

চলিত শৃংখলাটোৰ প্ৰথমখন মেচৰ পৰাই গিলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছে এইপৰ্যন্ত তেওঁৰ বেটৰ পৰা এটা দ্বিশতকসহ আহিছে মুঠ চাৰিটাকৈ শতক এনে দৰ্শনীয় প্ৰদৰ্শনেৰে গিলে এইপৰ্যন্ত কেইবাটাও অভিলেখ ৰচনা কৰিছে আজিৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ অন্তিমখন মেচতো গিলে অৰ্জন কৰিছে আন দুটা ঈৰ্ষণীয় কৃতিত্ব

অভেলত অনুষ্ঠিত হোৱা এই টেষ্টখনত প্ৰথমে বেটিং কৰিছে ভাৰতে দুই অপেনাৰ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে সোনকালেই ক্ৰীজ এৰাত গিলৰ কান্ধত পৰিছে অধিক দায়িত্ব তৃতীয় উইকেটত ছাই সুদৰ্শনৰ সৈতে যুটি বান্ধি গিলে আাগুৱাই নিছে দলৰ ইনিংছ এইপৰ্যন্ত তেওঁৰ বেটৰ পৰা আহিছে অপৰাজিত ১৫ ৰান

এই চমু ইনিংছটোৰ সময়তে গিলে দুটাকৈ অনন্য অভিলেখ ৰচনা কৰিছে আজি মাত্ৰ ৰান কৰাৰ লগে লগে তেওঁ ভংগ কৰে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্ৰিকেটাৰ গেৰী চ’বাৰ্ছৰ ৫৯ বছৰীয়া পুৰণি টেষ্ট অভিলেখবাৰ্ছে ১৯৬৬ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত ৭২২ ৰান সংগ্ৰহ কৰি ছেনা (SENA) দেশত অনুষ্ঠিত টেষ্ট শৃংখলাত এগৰাকী অধিনায়কৰ দ্বাৰা সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল

আজি দুই ৰান সংগ্ৰহ কৰাৰ লগে লগে গিলে বাৰ্ছৰ অভিলেখ ভংগ কৰি নিজৰ নামত সন্নিৱিষ্ট কৰে ইয়াৰ পিছতে নিজৰ ইনিংছত ১১ ৰান সংগ্ৰহ কৰাৰ লগে লগে গিলে আন এক কৃতিত্ব অৰ্জন কৰে এই কৃতিত্বৰ জৰিয়তে গিলে অতিক্ৰম কৰে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক

গাভাস্কাৰে ১৯৭৮-৭৯ চনত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে টেষ্ট শৃংখলাত ৭৩২ ৰান সংগ্ৰহ কৰিছিল এইদৰে তেওঁ এইপৰ্যন্ত এটা টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈ আহিছিল অৱশেষত সুদীৰ্ঘ ৪৭ বছৰৰ মূৰত এই অভিলেখ ভংগ কৰিছে শুভমন গিলে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...