ইতিহাস ৰচিলে মুন ভাকৰে, এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত আন এটা পদক ভাৰতৰ…

Paris Olympics 2024: ভাৰতক আন দ্বিতীয়টো পদক দিবলৈ সক্ষম হৈছে মনু ভাকৰে। ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ২ লৈ বৃদ্ধি পালে। একেখন অলিম্পিকতে দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে মনু ভাকৰ। মনু ভাকৰ লগতে তেওঁৰ সংগী সৰবজোৎ সিঙে ভাৰতৰ হৈ দ্বিতীয়টো পদক লাভ কৰে।

ইতিহাস ৰচিলে মুন ভাকৰে, এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত আন এটা পদক ভাৰতৰ...

মনু ভাকৰ আৰু সৰবজোৎ সিং

Updated On: 

30 Jul 2024 14:01 PM

পেৰিছ অলিম্পিকত ইতিহাস ৰচনা কৰি ভাৰতক আন দ্বিতীয়টো পদক দিবলৈ সক্ষম হৈছে মনু ভাকৰে। ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ২ লৈ বৃদ্ধি পালে। একেখন অলিম্পিকতে দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে মনু ভাকৰ। মনু ভাকৰ লগতে তেওঁৰ সংগী সৰবজোৎ সিঙে ভাৰতৰ হৈ দ্বিতীয়টো পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টৰ ব্ৰঞ্জৰ পদক মেচত মনু আৰু সৰবজোৎ সিঙে কোৰিয়ান যুটিটোক ১৬-১০ ব্যৱধানত পৰাস্ত কৰে।

ইয়াৰ পূৰ্বে ২৮ জুলাইত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ একক ইভেণ্টতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল মনু ভাকৰে। পেৰিছত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰি মনুৱে পদকৰ হিচাপত ভাৰতৰ একাউণ্ট খুলিলে। এতিয়া পেৰিছত প্ৰথম সফলতা লাভ কৰাৰ ৪৮ ঘণ্টাৰ পাছত আন এক ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছে মনু ভাকৰে।

২৯ জুলাইত অনুষ্ঠিত হোৱা ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টৰ ব্ৰঞ্জৰ পদক মেচত যোগ্যতা অৰ্জন কৰিছিল মনু ভাকৰ আৰু সৰবজোৎ সিঙে। পেৰিছত দ্বিতীয়খন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছে মনু ভাকৰে। ইয়াৰ আগতে তেওঁ টকিঅ’ত অলিম্পিকৰ পৰা খালী হাতেৰে উভতি আহিবলগীয়া হৈছিল। কিন্তু, ভাল কথাটো হ’ল মনু ভাকৰে পেৰিছৰ পৰা খালী হাতেৰে উভতি অহা নাই। নিজৰ লগতে পেৰিছ অলিম্পিকত ভাৰতৰ বাবে পদকৰ একাউণ্টো খুলিছে মনু ভাকৰে ।

লগতে পঢ়কঃ পেৰিছত মনু ভাকৰৰ সমুখত আন এক সুযোগঃ ব্ৰঞ্জ দখলৰ যুঁজত মনু-সৰবজোৎ যুটি

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension