শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনৰ বাগদান সম্পন্ন, কিমান ধনী হ’বলগীয়া পত্নী?

প্ৰখ্যাত বেটছমেন শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰে মুম্বাইত ব্যক্তিগত অনুষ্ঠানত বাগদান সম্পন্ন হয়। তেওঁৰ হ’বলগীয়া পত্নী এটি বিখ্যাত ব্যৱসায়িক পৰিয়ালৰ। ইয়াৰ উপৰিও তেওঁ মিষ্টাৰ প’জৰ প্ৰতিষ্ঠাপক।

শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনৰ বাগদান সম্পন্ন, কিমান ধনী হবলগীয়া পত্নী?

অৰ্জুন টেণ্ডুলকাৰৰ বাগদান সম্পন্ন

Published: 

14 Aug 2025 10:16 AM

মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰে হঠাতে এংগেজমেণ্ট কৰি সকলোকে আচৰিত কৰি তুলিছে। এক ব্যক্তিগত অনুষ্ঠানত তেওঁ মুম্বাইৰ ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন কৰে। অৱশ্যে এই অনুষ্ঠানৰ ফটো এতিয়াও পোহৰলৈ অহা নাই। ইয়াৰ উপৰিও দুয়োটা পৰিয়ালে এই সন্দৰ্ভতো এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। অৰ্জুনৰ ভাবি পত্নী ছানিয়া মুম্বাইৰ অন্যতম প্ৰতিষ্ঠিত ব্যৱসায়িক পৰিয়ালৰ কন্যা। আতিথ্য আৰু খাদ্য খণ্ডৰ ক্ষেত্ৰত এই পৰিয়ালটোৰ ডাঙৰ নাম আছে। ইয়াৰ উপৰিও ছানিয়া এগৰাকী সফল ব্যৱসায়ীও।

ছানিয়া চান্দোকে কি কৰে?

খবৰ অনুসৰি মুম্বাইৰ ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী আৰু গৌৰৱ ঘাইৰ কন্যা ছানিয়া চান্দোক অৰ্জুন তেণ্ডুলকাৰৰ শৈশৱৰ বন্ধু। লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে ছানিয়াই। তেওঁ বিজনেছ মেনেজমেণ্টত অধ্যয়ন কৰিছে। স্নাতক হোৱাৰ পিছত ভাৰতৰ ক্ৰমবৰ্ধমান পোহনীয়া জন্তুৰ ব্যৱসায়ত এটা সুযোগ দেখি মিষ্টাৰ প’ছ প্ৰতিষ্ঠা কৰিছিল ছানিয়াই।

মুম্বাইৰ প্ৰিমিয়াম পেট চেলুন, স্পা আৰু ষ্ট’ৰ মিষ্টাৰ প’ছৰ প্ৰতিষ্ঠাপক ছানিয়া। ছানিয়া মুম্বাইৰ এটা বিখ্যাত ব্যৱসায়িক পৰিয়ালৰ কন্যা। তেওঁৰ পৰিয়াল ইন্টাৰকন্টিনেণ্টেল মেৰিন ড্ৰাইভ হোটেল আৰু ব্ৰুকলিন ক্ৰীমেৰী (আইচক্ৰীম ব্ৰেণ্ড)ৰ মালিক । কম কেলৰিযুক্ত আইচক্ৰীম ব্ৰেণ্ড ব্ৰুকলিন ক্ৰীমেৰীৰ স্বত্বাধিকাৰী । ইয়াৰ উপৰিও তেওঁলোকে আতিথ্য উদ্যোগতো বৃহৎ বিনিয়োগ কৰিছে। তেওঁলোক কোটি কোটি টকাৰ  সম্পত্তি অধিকাৰী।

ছ’চিয়েল মিডিয়াত জনপ্ৰিয়

ইয়াৰ উপৰিও ছানিয়াই ষ্টাইলিছ ব্যক্তিত্ব, ফেশ্বন চেন্স আৰু হাই-এণ্ড ব্ৰেণ্ডৰ প্ৰতি থকা আকৰ্ষণৰ বাবে ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয়। ভ্ৰমণ, ডিজাইনাৰ আউটফিট আৰু এক্সক্লুছিভ পাৰ্টিৰ তেওঁৰ জীৱনত ডাঙৰ প্ৰভাৱ আছে। যেতিয়াই সময় পায় ছানিয়াই ভ্ৰমণলৈ ওলাই যায়।

খবৰ অনুসৰি ছানিয়া চান্দোক আৰু অৰ্জুন তেণ্ডুলকাৰে ইজনে সিজনক সৰুৰে পৰা চিনি পায়। দুয়োটা পৰিয়ালৰ মাজত বহুত পুৰণি সম্পৰ্ক আছে। এতিয়া এই সম্পৰ্ক আত্মীয়লৈ পৰিণত হ’বলৈ গৈ আছে। অৱশ্যে এই দুয়োৰে বিবাহ কেতিয়া হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই। পোহনীয়া জন্তুৰ চিকিৎসাৰ সময়ত ছানিয়াই ছ’চিয়েল মিডিয়াত নিজৰ ফটো শ্বেয়াৰ কৰা দেখা যায়।

ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...
বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ হয় নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...