সাইলাখ জাহিৰ! শচীনে শ্বেয়াৰ কৰিলে ১২ বৰ্ষীয় কিশোৰীৰ বলিঙৰ ভিডিঅ’, সহায়ৰ বাবে আগবাঢ়ি আহিল এই প্ৰতিষ্ঠান

ক্ৰিকেটৰ ভগৱান খ্যাত কিংবদন্তি শচীন তেণ্ডুলকাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এগৰাকী বিশোৰীৰ বলিঙৰ ভিডিঅ’। এই ভিডিঅ’টোত এগৰাকী কিশোৰীক বলিং কৰি থকা দেখিবলৈ পোৱা গৈছে। কিশোৰীগৰাকীৰ বলিং একচনে ভাৰতৰ শ্ৰেষ্ঠতম পেচাৰ জাহিৰ খানৰ বলিং একচনক পুনৰ এবাৰ সকলোৰে মানসপটলৈ আনি দিছে। এই কিশোৰীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে দেশৰ এক আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান।

সাইলাখ জাহিৰ! শচীনে শ্বেয়াৰ কৰিলে ১২ বৰ্ষীয় কিশোৰীৰ বলিঙৰ ভিডিঅ’, সহায়ৰ বাবে আগবাঢ়ি আহিল এই প্ৰতিষ্ঠান

সুশীলাৰ প্ৰশংসাত মুখৰ শচীন-জাহিৰ

Updated On: 

21 Dec 2024 | 08:18 AM

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ পেচ বলাৰ হিচাপে স্বীকৃতি লাভ কৰিছে জাহিৰ খানে। নিজৰ প্ৰদৰ্শনেৰে দীৰ্ঘসময় ধৰি ভাৰতীয় দলৰ বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰিছিল বাওঁহতীয়া পেচাৰগৰাকীয়ে। পেচ, চুইং, লাইন-লেংথ আৰু কৌশলী ভেৰিয়েচনৰ সমান্তৰালকৈ জাহিৰ খানে নিজৰ সুকীয়া বলিং একচনেৰেও অনুৰাগীক আকৰ্ষিত কৰিছিল। অনুৰাগীৰ মনত চিৰসেউজ জাহিৰ খানৰ এই বলিং একচনক পুনৰ এবাৰ মানসপটলৈ আনি দিছে এগৰাকী ১২ বৰ্ষীয় কিশোৰীয়ে। সামাজিক মাধ্যমত এতিয়া চাঞ্চল্যৰ কাৰণ হৈ পৰিছে এই কিশোৰীগৰাকী।

আনহে নালাগে ক্ৰিকেটৰ ভগৱান খ্যাত কিংবদন্তি শচীন তেণ্ডুলকাৰো কিশোৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। সামাজিক মাধ্যম যোগে শচীনে এই কিশোৰীগৰাকীক উচ্চ প্ৰশংসা কৰিছে। শচীন তেণ্ডুলকাৰৰ এই পোষ্টটোৱে দৃষ্টি আকৰ্ষণ কৰিছে কিংবদন্তি ভাৰতীয় পেচাৰ জাহিৰ খানৰো। কিশোৰীগৰাকীক প্ৰশংসা কৰি জাহিৰ খানে লগতে ব্যক্ত কৰিছে সম্ভাৱনা। কেৱল সিমানেই নহয়, এতিয়া কিশোৰীগৰাকীৰ ভাগ্য সলনি হোৱাৰ দিশেও আগবাঢ়িছে।

তেণ্ডুলকাৰৰ পোষ্টটোৱে ব্যাপক সঁহাৰি লাভ কৰাৰ পিছতে দেশৰ এক আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান কিশোৰীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে। সকলোৰে প্ৰশংসা বুটলা এই ১২ বৰ্ষীয় কিশোৰীগৰাকীৰ নাম সুশীলা মীনা। নিজৰ অনন্য বলিং একচনেৰে চৰ্চালৈ অহা মীনা ৰাজস্থানৰ বাসিন্দা। যোৱা কেইদিনমানৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সুশীলাৰ বলিঙৰ ভিডিঅ’। ভিডিঅ’টোত সুশীলাক গাঁৱৰ এখন সৰু খেলপথাৰত বলিং কৰা দেখা গৈছে।

সুশীলাৰ এই বলিং একচন হুবহু জাহিৰ খানৰ দৰেই আৰু এনে কাৰণতে বিশেষভাৱে চৰ্চালৈ আহে কিশোৰীগৰাকী। শুকুৰবাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত সুশীলাৰ এই ভিডিঅ’টো পোষ্ট কৰিছে শচীনে। সুশীলাৰ বলিঙক অত্যন্ত মসৃণ আৰু দৃষ্টিনন্দন বুলি অভিহিত কৰি শচীনে লগতে সুশীলাৰ একচনত জহীৰ খানৰ আভাস দেখা গৈছে বুলি উল্লেখ কৰে। পোষ্টটোত তেওঁ জাহীৰ খানক টেগ কৰি দিয়ে।

 

শচীনৰ এই পোষ্টৰ প্ৰতি সঁহাৰি জনাই জাহিৰ খানেও কিশোৰীগৰাকীয়ে যথেষ্ট সম্ভাৱনা বহন কৰা বুলি উল্লেখ কৰে। উল্লেখ্য যে ৰাজস্থানৰ এখন গাঁৱৰ এক কৃষক পৰিয়ালৰ সন্তান সুশীলাই বৰ্তমান প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি আছে। শচীনৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই দেশৰ অন্যতম বৃহৎ উদ্যোগিক প্ৰতিষ্ঠান আদিত্য বিৰলা গ্ৰুপ সুশীলাক সহায়ৰ বাবে আগবাঢ়ি আহিছে। প্ৰতিষ্ঠানটোৱে ’ফৰ গুড’ৰ পদক্ষেপৰ অধীনত সুশীলাক ক্ৰিকেট প্ৰশিক্ষণ দিব বুলি ঘোষণা কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...