ইংলেণ্ড ভ্ৰমণত প্ৰশিক্ষকৰ ভূমিকাত নাথাকে গম্ভীৰ! দেখা যাব এইগৰাকী প্ৰাক্তন খেলুৱৈক….

আই পি এলৰ পিছতে ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে। ইতিমধ্যেই এই শৃংখলাক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত চৰ্চা আৰম্ভ হৈছে। ইফালে এই শৃংখলাৰ পূৰ্বে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰত- এ ক্ৰিকেট দলে। এই ভ্ৰমণত ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰ ভূমিকাত দেখা নাযাব গৌতম গম্ভীৰক।

ইংলেণ্ড ভ্ৰমণত প্ৰশিক্ষকৰ ভূমিকাত নাথাকে গম্ভীৰ! দেখা যাব এইগৰাকী প্ৰাক্তন খেলুৱৈক….

প্ৰশিক্ষকৰ ভূমিকাত নাথাকিব গম্ভীৰ!

Updated On: 

18 May 2025 19:41 PM

আই পি এলৰ পিছতে ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে। এই শৃংখলা হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ত ভাৰতৰ প্ৰথমটো শৃংখলা। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পৰিপ্ৰেক্ষিতত এই শৃংখলাৰ ওপৰত ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ বিশেষ দৃষ্টি থাকিব। ইতিমধ্যেই এই শৃংখলাক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত চৰ্চা আৰম্ভ হৈছে। ইফালে এই শৃংখলাৰ পূৰ্বে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰত- এ ক্ৰিকেট দলে। এই ভ্ৰমণো ভাৰতীয় দলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ভাৰত- এ দলৰ এই ইংলেণ্ড ভ্ৰমণ ৩০ মে’ৰ পৰা আৰম্ভ হ’ব। এই ভ্ৰমণত ভাৰত- এ দলে কেণ্টাৰবেৰী আৰু নৰ্থাম্পটনত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দুখন প্ৰথম শ্ৰেণীৰ মেচ খেলিব। ইয়াৰ পিছতে ভাৰত- এ দলটোৱে ভাৰতৰ ছিনিয়ৰ দলৰ সৈতে আন এখন মেচ খেলিব। ইতিমধ্যে ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰত- এ দলটো ঘোষণা কৰা হৈছে। অভিমন্যু ইশ্বৰনৰ নেতৃত্বত ঘোষিত এই দলটোত কেইবাগৰাকীও যুৱ খেলুৱৈক স্থান দিয়া হৈছে।

তদুপৰি দীৰ্ঘদিনৰ মূৰকত এই শৃংখলাৰ জৰিয়তে জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ সুযোগ লাভ কৰিছে কৰুণ নায়াৰে। তেওঁৰ লগতে শ্বাৰ্দুল ঠাকুৰ আৰু ঈষান কিষাণেও দলত স্থান লাভ কৰিছে। ইফালে ছিনিয়ৰ দলৰ কেইবাজনো খেলুৱৈকো দলত স্থান দিয়া হৈছে। লক্ষণীয়ভাৱে এই দলটোত প্ৰশিক্ষকৰ ভূমিকাত দেখা পোৱা নাযাব ভাৰতৰ ছিনিয়ৰ দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক। তেওঁৰ পৰিৱৰ্তে প্ৰশিক্ষক হিচাপে দেখা যাব এগৰাকী প্ৰাক্তন খেলুৱৈক।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ঋষিকেশ কাণিটকাৰক ভাৰত- এ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে কাণিটকাৰে ভাৰতৰ হৈ দুখন টেষ্ট মেচ আৰু ৩৪খন এদিনীয়া মেচ খেলিছে। তেওঁ নিজ কেৰিয়াৰৰ এই দুখন টেষ্ট মেচত ৭৪ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ৩৪খন এদিনীয়া মেচত তেওঁ ১৭.৮৪ গড়ে ৩৩৯ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ দখল কৰিছিল ১৭টা উইকেট। ঘৰুৱা ক্ৰিকেটত অৱশ্যে তেওঁৰ কেৰিয়াৰ কিছু সফল আছিল।

তদুপৰি প্ৰশিক্ষক হিচাপেও কাণিটকাৰৰ পূৰ্বে অভিজ্ঞতা আছে। আই পি এলত তেওঁ কোচি টাস্কাৰ্ছ কেৰালা দলৰ প্ৰশিক্ষকৰ ভূমিকা পালন কৰিছিল। বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ ঘৰুৱা দলৰ সৈতে জড়িত। এতিয়া তেওঁৰ তত্বাৱধানতে ভাৰত- এ দলে ইংলেণ্ড লায়ন্সৰ লগতে ভাৰতৰ ছিনিয়ৰ দলৰ বিপক্ষেও প্ৰতিদ্বন্দিতাত নামিব।

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…