Champions Trophy: চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শন কেনেকুৱা ?

২০০২ চনত টীম ইণ্ডিয়া আৰু শ্ৰীলংকাই এই প্ৰতিযোগিতাৰ যৌথ বিজয়ী হৈছিল। একে সময়তে ২০১৩ চনত টীম ইণ্ডিয়াই ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে।

Champions Trophy: চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শন কেনেকুৱা ?

টীম ইণ্ডিয়া

Published: 

24 Dec 2024 | 09:10 PM

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ সূচী প্ৰকাশ কৰিছে আই চি চিয়ে। এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। অৰ্থাৎ টিম ইণ্ডিয়াই নিজৰ সকলো মেচ ডুবাইত খেলিব আৰু বাকী মেচবোৰ কেৱল পাকিস্তানত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীৰ পৰা কৰাচীত আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ আৰু অহা ৯ মাৰ্চত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ। কিন্তু ফাইনেল ক’ত অনুষ্ঠিত হ’ব সেয়া নিৰ্ভৰ কৰিব টীম ইণ্ডিয়াৰ মেচসমূহৰ ওপৰত। অৰ্থাৎ যদি টীম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰে তেন্তে ফাইনেল মেচখন ডুবাইত অনুষ্ঠিত হ’ব ।

২টা গ্ৰুপত বিভক্ত চেম্পিয়নছ ট্ৰফীত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব । পাকিস্তান, নিউজিলেণ্ড আৰু বাংলাদেশৰ সৈতে গ্ৰুপ A ত আছে টীম ইণ্ডিয়া। গ্ৰুপ পৰ্যায়ত প্ৰত্যেকটো দলে প্ৰতিটো দলৰ বিৰুদ্ধে এখনকৈ মেচ খেলিব লাগিব । ইয়াৰ পিছত ছেমি ফাইনেল আৰু তাৰ পিছত ফাইনেল মেচ অনুষ্ঠিত হ’ব। টীম ইণ্ডিয়াৰ প্ৰথমখন মেচ আছে ২০ ফেব্ৰুৱাৰীত আৰু প্ৰথমখন মেচ খেলিব বাংলাদেশৰ বিৰুদ্ধে । ইয়াৰ পিছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব টীম ইণ্ডিয়াই। গ্ৰুপৰ অন্তিমখন মেচ ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব টীম ইণ্ডিয়াই ।

১৯৯৮ চনত আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী। ৮ বছৰৰ পাছত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন শেষবাৰৰ বাবে ২০১৭ চনত অনুষ্ঠিত হৈছিল। তেতিয়া পাকিস্তানে ফাইনেলত টিম ইণ্ডিয়াক পৰাস্ত কৰিছিল। ২০০২ চনত টীম ইণ্ডিয়া আৰু শ্ৰীলংকাই এই প্ৰতিযোগিতাৰ যৌথ বিজয়ী হৈছিল। একে সময়তে ২০১৩ চনত টীম ইণ্ডিয়াই ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে।

উল্লেখ্য যে, দুবাৰকৈ এই প্ৰতিযোগিতাত খিতাপ দখল কৰাত ব্যৰ্থ হৈছে ভাৰতীয় দলটোৱে। ২০০০ চনত ভাৰতীয় দলটো নিউজিলেণ্ডৰ হাতত পৰাস্ত হয়। আনহাতে, যোৱাবাৰ পাকিস্তানে পৰাস্ত কৰিছিল ।

এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক সফল দল হৈছে টীম ইণ্ডিয়া। চেম্পিয়নছ ট্ৰফীত এই পৰ্যন্ত ২৯ খন মেচ খেলি ভাৰতে ১৮ খন মেচত জয়লাভ কৰিছে। আনহাতে ৮ খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ভাৰতীয় দলটোৰ আন তিনিখন মেচত কোনো ধৰণৰ ফলাফল পোৱা নাযায় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...