পেৰিছত মনু ভাকৰৰ সমুখত আন এক সুযোগঃ ব্ৰঞ্জ দখলৰ যুঁজত মনু-সৰবজোৎ যুটি

১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত মনু ভাকেৰ আৰু সৰবজোৎ সিঙৰ যুটিয়ে আজি কোৱালিফায়িং ৰাউণ্ডত তৃতীয় স্থান দখল কৰে আৰু ব্ৰঞ্জ পদকৰ বাবে অনুষ্ঠিত হ’বলগীয়া মেচলৈ যোগ্যতা অৰ্জন কৰে। এতিয়া মঙলবাৰে দিনৰ ১ বজাত শক্তিশালী কোৰিয়াৰ বিপক্ষে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মনু-সৰবজোৎ যুটি।

পেৰিছত মনু ভাকৰৰ সমুখত আন এক সুযোগঃ ব্ৰঞ্জ দখলৰ যুঁজত মনু-সৰবজোৎ যুটি

পেৰিছত আন এক পদকৰ সম্ভাৱনা

Published: 

29 Jul 2024 14:30 PM

চলিত পেৰিছ অলিম্পিকত দেওবাৰে দেশক প্ৰথমটো পদক উপহাৰ দিয়াৰ পিছত আন এক পদক জয়ৰ দিশে অগ্ৰসৰ হৈছে তাৰকা শ্বুটাৰ মনু ভাকৰ। দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত পদক জয় কৰা দেশৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে ইতিহাস ৰচনা কৰিছিল মনুৱে। মঙলবাৰে এই ইতিহাস পুনৰ দোহাৰাৰ সুযোগ লাভ কৰিব তাৰকা শ্বুটাৰগৰাকীয়ে। ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টতো পদক জয়ৰ আশা জগাই তুলিছে মনু ভাকৰে

মিক্সড ইভেণ্টত মনু ভাকেৰ আৰু সৰবজোৎ সিঙৰ যুটিয়ে আজি কোৱালিফায়িং ৰাউণ্ডত তৃতীয় স্থান দখল কৰে। এইদৰে তেওঁলোকে স্বৰ্ণ জয়ৰ আশা ত্যাগ কৰিবলগা হয় যদিও ব্ৰঞ্জ পদকৰ বাবে অনুষ্ঠিত হ’বলগীয়া মেচলৈ যোগ্যতা অৰ্জন কৰে। এতিয়া মঙলবাৰে দিনৰ ১ বজাত শক্তিশালী কোৰিয়াৰ বিপক্ষে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মনু-সৰবজোৎ যুটি।

অৱশ্যে মনু-সৰবজোৎ যুটি সফল হ’লেও এই শাখাত ব্যৰ্থ হয় ভাৰতৰ আন এটা যুটি ৰিদম চাংৱান আৰু অৰ্জুন সিং। ৰিদম আৰু অৰ্জুনৰ যুটিয়ে এক সুন্দৰ আৰম্ভণিৰে আশা সজীৱ কৰি তুলিছিল যদিও পিছলৈ তেওঁলোকৰ ছন্দপতন ঘটে আৰু দশম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়।

উল্লেখ্য যে দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মনুৱে। মনু ভাকেৰৰ এই সাফল্যৰ জৰিয়তে পেৰিছ অলিম্পিকত পদকৰ পাতনি মেলিছিল ভাৰতীয় দলে। তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হোৱাৰ সমান্তৰালকৈ ১২ বছৰৰ পাছত অলিম্পিকত শ্বুটিং ইভেণ্টত পদক উপহাৰ দিয়ে ভাৰতক।

ইফালে শ্বুটিঙত আজি আন এগৰাকী ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দালে নিৰাশ কৰে দেশবাসীক। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাৰ ফাইনেলত ৭ম স্থান দখল কৰে জিন্দালে। আনহাতে ৩:৩০ বজাত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতৰ আন এজন তাৰকা শ্বুটাৰ অৰ্জুন বাবুতা। যদি বাবুতা সফল হয়, ভাৰতে আজি লাভ কৰিব পাৰে আন এক পদক।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey