Paris Olympics 2024: আজি দিনটোৰ ভাৰতীয় খেলুৱৈৰ খেলৰ সময়সূচী, বক্সিং ৰিঙত নামিব লাভলীনা বৰগোহাঁই…

Paris Olympics 2024, Day 5 : দুটাকৈ বঞ্জ পদকেৰে পেৰিছ অলিম্পিক, ২০২৪ ত যাত্ৰা অব্যাহত ৰাখিছে ভাৰতে । ভাৰতৰ হৈ ১০ মিটাৰ এয়াৰ পিষ্টলত একক শাখাত প্ৰথমটো পদক লাভ কৰে মনু ভাকৰে। ইয়াৰ পিছত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড টিম ইভেণ্টত মনু ভাকৰ আৰু সৰবজোৎ সিঙে ভাৰতৰ হৈ দ্বিতীয়টো পদক লাভ কৰে। আজি পেৰিছ অলিম্পিকৰ পঞ্চমটো দিন । আজি কেইবাটাও ইভেণ্টৰ প্ৰতিযোগিতাত ভাৰতীয় কেইবাগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

Paris Olympics 2024: আজি দিনটোৰ ভাৰতীয় খেলুৱৈৰ খেলৰ সময়সূচী, বক্সিং ৰিঙত নামিব লাভলীনা বৰগোহাঁই...

লাভলীনা বৰগোহাঁই

Updated On: 

31 Jul 2024 08:01 AM

আজি লাভলীনাৰ খেল ।  দুটাকৈ বঞ্জ পদকেৰে পেৰিছ অলিম্পিক, ২০২৪ ত যাত্ৰা অব্যাহত ৰাখিছে ভাৰতে । ভাৰতৰ হৈ ১০ মিটাৰ এয়াৰ পিষ্টলত একক শাখাত প্ৰথমটো পদক লাভ কৰে মনু ভাকৰে। ইয়াৰ পিছত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড টিম ইভেণ্টত মনু ভাকৰ আৰু সৰবজোৎ সিঙে ভাৰতৰ হৈ দ্বিতীয়টো পদক লাভ কৰে। আজি পেৰিছ অলিম্পিকৰ পঞ্চমটো দিন । আজি কেইবাটাও ইভেণ্টৰ প্ৰতিযোগিতাত ভাৰতীয় কেইবাগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

ইয়াৰ ভিতৰত আছে লাভলীনা বৰগোঁহাই । সাহস আৰু আত্মবিশ্বাসেৰে পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা বৰগোহাঁই । আজি লাভলীনাই মহিলাৰ ৭৫ কেজি শাখাৰ ১৬ ৰাউণ্ডত নৰৱেৰ চুনিভা হফষ্টাডৰ বিৰুদ্ধে খেলিব। এই খেলখন বিয়লি ৩:৫০ বজাৰ পৰা আৰম্ভ হ’ব । উল্লেখ্য যে, লাভলীনাই যোৱাবাৰ তথা টকিঅ’ ২০২০ত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

ইয়াৰ লগতে আজি পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ঐশ্বৰ্য প্ৰতাপ তোমৰ আৰু স্বপ্নিল সিঙক অৰ্হতা ৰাউণ্ডত দেখা যাব। নিশা ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব তেওঁলোকৰ মেচ। আনহাতে, মহিলাৰ ট্ৰেপ শ্বুটিঙত ৰাজেশ্বৰী কুমাৰী আৰু শ্ৰেয়াসী সিঙে কোৱালিফাইং ডে-২ত খেলিব। এই খেলখনো নিশা ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব।

বেডমিণ্টনত পিভি সিন্ধুক মহিলাৰ একক গ্ৰুপ প্লে ষ্টেজত খেলা দেখা যাব। ইষ্ট’নিয়াৰ শ্বাটলাৰ ক্ৰীষ্টিন কুবাৰ বিৰুদ্ধে নিশা ১২:৫০ বজাৰ পৰা আৰম্ভ হ’ব তেওঁৰ মেচ । দিনৰ ১:৪০ বজাত পুৰুষৰ একক শাখাত ইণ্ডোনেছিয়াৰ জনাথন ক্ৰীষ্টিৰ বিৰুদ্ধে খেলিব লক্ষ্য সেনে। একে সময়তে এই ইভেণ্টত এইচ এছ প্ৰাণোৱেও প্ৰতিদ্বন্দ্বিতা কৰিব। নিশা ১১:০০ বজাত ভিয়েটনামৰ ডাক ফাটৰ বিৰুদ্ধে খেলিব এইচ এছ প্ৰাণোৱে ।

মহিলা একক শাখাৰ ৩২ ৰাউণ্ডৰ মেচত ছিংগাপুৰৰ জেং জিয়ানৰ বিৰুদ্ধে খেলিব টেবুল টেনিছৰ তাৰকা শ্ৰীজা আকুলা। তেওঁলোকৰ খেলখন দুপৰীয়া ২:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। ইফালে ধনুৰ্বিদ্যাত ইষ্ট’নিয়াৰ ৰীনা পাৰ্নাটৰ বিৰুদ্ধে খেলিব দীপিকা কুমাৰীয়ে । এলিমিনেচন ৰাউণ্ডৰ এই খেলখন বিয়লি ৩:৫৬ বজাৰ পৰা আৰম্ভ হ’ব । একেদৰে পুৰুষ শাখাৰ তৰুনদীপ ৰায়ে গ্ৰেট ব্রিটেইনৰ টম হলৰ বিৰুদ্ধে খেলিব । এলিমিনেচন ৰাউণ্ড এই খেলখন নিশা ৯:২৮ বজাৰ পৰা আৰম্ভ হ’ব।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?