দেশত নিষিদ্ধ ‘ধুৰন্ধৰ’, পিছে সেই ছবিৰ গীতৰ তালতে নাচিলে পাকিস্তানী খেলুৱৈয়ে! ভিডিঅ’ ভাইৰেল

পাকিস্তানকে ধৰি একাংশ ইছলামিক দেশত ধুৰন্দৰক নিষিদ্ধ কৰা হৈছে৷ পিছে এই নিষেধাজ্ঞাই যেন স্পৰ্শ কৰিব পৰা নাই পাকিস্তানৰ খেলুৱৈসকলক। দেশত ধুৰন্দৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো পাকিস্তানীয়ে ছবিখনৰ গীতৰ তালে তালে নৃত্যৰ হেঁপাহ প্ৰতিহত কৰিব পৰা নাই। ইয়াৰ আভাস পোৱা গ’ল দেওবাৰে ডুবাইত।

দেশত নিষিদ্ধ ‘ধুৰন্ধৰ’, পিছে সেই ছবিৰ গীতৰ তালতে নাচিলে পাকিস্তানী খেলুৱৈয়ে! ভিডিঅ’ ভাইৰেল

পাকিস্তানী খেলুৱৈৰ নৃত্য

Updated On: 

22 Dec 2025 | 04:39 PM

দেশৰ চিনেপ্ৰেমীৰ মাজত এতিয়া ‘ধুৰন্দৰ’ৰ চৰ্চা। ৰণবীৰ সিং আৰু অক্ষয় খান্না অভিনীত এই ছবিখনে এক কথাত দেশত এতিয়া জোৱাৰ তুলিছে। মুক্তিৰ পিছৰে পৰা ছবিখনে একপ্ৰকাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে, সকলোৰে মাজত এতিয়া এই ‘ধুৰন্দৰ’ৰ আলোচনা। কেৱল ভাৰততে নহয়, বিদেশতো আনকি এতিয়া ধুৰন্দৰৰ চৰ্চা। পিছে এই বলীউডৰ এই ছবিখনে পাকিস্তানৰ ভাবমূর্তি হানি কৰা বুলি অভিযোগ কৰি পাকিস্তানকে ধৰি একাংশ ইছলামিক দেশত ধুৰন্দৰক নিষিদ্ধ কৰা হৈছে৷ পিছে এই নিষেধাজ্ঞাই যেন স্পৰ্শ কৰিব পৰা নাই পাকিস্তানৰ খেলুৱৈসকলক।

দেশত ধুৰন্দৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো পাকিস্তানীয়ে ছবিখনৰ গীতৰ তালে তালে নৃত্যৰ হেঁপাহ প্ৰতিহত কৰিব পৰা নাই। ইয়াৰ আভাস পোৱা গ’ল দেওবাৰে ডুবাইত। ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপৰ ফাইনেলত দেওবাৰে ভাৰতক পৰাস্ত কৰাৰ পিছতে পাকিস্তানী খেলুৱৈসকলে ধুৰন্দৰ ছবিৰ এটা জনপ্ৰিয় গীতৰ তালত নাচি উদযাপন কৰা দেখা গ’ল।

দেওবাৰে ডুবাইৰ আই চি চি একাডেমীত ভাৰত আৰু পাকিস্তানৰ মাজত ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল অনুষ্ঠিত হয়। মেচখনত পাকিস্তানে ভাৰতক একপক্ষীয়ভাৱে ১৯১ ৰাণত পৰাস্ত কৰে। লক্ষণীয়ভাৱে ১৯ অনুৰ্ধ এছিয়া কাপত পাকিস্তানৰ এয়াই হৈছে প্ৰথম জয়। সেয়ে স্বাভাৱিকতেই খিতাপ জয়ৰ আনন্দই পাকিস্তানী খেলুৱৈসকলক উৎফুল্লিত কৰি তোলে।

নিষেধাজ্ঞা পাহৰিলে নেকি পাকিস্তানী খেলুৱৈয়ে?

পাকিস্তানৰ জয়ৰ পিছত এছিয়ান ক্ৰিকেট কাউন্সিলে এটা ভিডিঅ’ পোষ্ট কৰে, এই ভিডিঅ’টোত সকলো পাকিস্তানী খেলুৱৈয়ে নাচি থকা দেখা গৈছে। ভিডিঅ’টোত ‘ধুৰন্ধৰ’ ছবিখনত অক্ষয় খান্নাৰ এণ্ট্ৰীৰ সময়ত বাজি উঠা গীতটো বজোৱা শুনিবলৈ পোৱা গৈছে। এই গীতটো হৈছে বাহৰেইনৰ ৰেপাৰ Fliparchyই কণ্ঠদান কৰা আৰু DJ Outlawৱে সুৰ কৰা ‘Fasla’।

 

এই গীতটো আৰু গীতৰ তালত দেখুওৱা বেলুচ নৃত্য বিশ্বজুৰি হিট হৈ পৰিছে। ইয়াৰ ওপৰত ভিত্তি কৰি অসংখ্য ভিডিঅ’ আৰু ৰিল নিৰ্মাণ কৰা দেখা গৈছে। পাকিস্তানী খেলুৱৈসকলেও একে ষ্টাইলত গীতটোত নৃত্য কৰা দেখা যায়। পাকিস্তানী খেলুৱৈসকলৰ এই আনন্দ উদযাপনৰ দৃশ্য এতিয়া ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...