Rohit Sharma: বিশ্বৰ ১ নং এদিনীয়া বেটছমেন ৰোহিত শৰ্মা, অতিক্ৰম কৰিলে শুভমন গিলক
ভাৰতৰ কিংবদন্তি বেটছমেন ৰোহিত শৰ্মা বিশ্বৰ ১ নং এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে। এই স্থান অৰ্জন কৰিবলৈ তেওঁ শুভমন গিলক অতিক্ৰম কৰিছিল। আমোদজনক কথাটো হ’ল ৰোহিতে দীঘলীয়া কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ১ নং স্থান দখল কৰিছে।

বিশ্বৰ ১ নং এদিনীয়া বেটছমেন ৰোহিত শৰ্মা
অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত আই চি চিৰ এদিনীয়া ৰেংকিঙত ১ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই। তেওঁ এদিনীয়াৰ অধিনায়ক শুভমন গিলক অতিক্ৰম কৰি এই স্থান লাভ কৰে। ইয়াৰ উপৰিও ৰোহিতে বিশ্বৰ এক নং এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হোৱা আটাইতকৈ বয়সীয়াল খেলুৱৈ। শেহতীয়া এদিনীয়া ৰেংকিঙত গিল আৰু ইব্ৰাহিম জাদ্ৰানক অতিক্ৰম কৰি ৭৮১ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই। ইফালে শুভমন গিল ১ নম্বৰৰ পৰা ৩ নম্বৰলৈ নামি আহিছে।
অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাত ৰোহিত শৰ্মাই সৰ্বাধিক ৰান সংগ্ৰহ কৰি আন সকলো বেটছমেনক পিছ পেলায়। এইগৰাকী খেলুৱৈৰ বেটে প্ৰথমখন মেচত ভাল প্ৰদৰ্শন নকৰিলেও দ্বিতীয়খন এদিনীয়াত অৰ্ধশতক অৰ্জন কৰি অন্তিম মেচত শতকৰে দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাত ৰোহিত শৰ্মাই গড়ে ১০১ ৰান কৰি ২০২ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই প্ৰদৰ্শনে তেওঁক বিশ্বৰ ১ নং এদিনীয়া ৰেংকিঙলৈ আগুৱাই লৈ গৈছে। ৰোহিত শৰ্মাই তেওঁৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ১ নং স্থান লাভ কৰিছে।
ৰোহিত শৰ্মাৰ বিশ্ব অভিলেখ
বিশ্বৰ ১ নং এদিনীয়া বেটছমেন হৈ বিশ্ব অভিলেখো গঢ়ি তুলিছে ৰোহিতে। লগতে ১ নং স্থান দখল কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ। ৰোহিতে ৩৮ বছৰ ১৮২ দিন বয়সত এদিনীয়া মেচত ১ নং স্থান অৰ্জন কৰে। ১৮ বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা ৰোহিতে এতিয়া প্ৰথমবাৰৰ বাবে ১ নং স্থানত উপনীত হৈছে।
এদিনীয়া ক্ৰিকেটত ১ নং ৰেংকিং অৰ্জন কৰা ভাৰতীয় বেটছমেনৰ ভিতৰত ৰোহিত শৰ্মা পঞ্চমজন। শচীন তেণ্ডুলকাৰে প্ৰথমে এই স্থন অৰ্জন কৰিছিল, তাৰ পিছত ধোনীয়ে। বিৰাট কোহলীয়ে দীৰ্ঘদিন ধৰি এই স্থানত অধিষ্ঠিত আছিল। খুব কম সময়ৰ ভিতৰতে শুভমন গিলে এদিনীয়া ১ নং ৰেংকিং অৰ্জন কৰিছিল। এতিয়া ৰোহিত শৰ্মাই এই স্থানৰ অধিকাৰী হৈছে।
ৰোহিত শৰ্মাৰ এদিনীয়া কেৰিয়াৰ
উল্লেখ্য যে, ৰোহিত শৰ্মাই এদিনীয়া কেৰিয়াৰ এই পৰ্যন্ত ২৭৬খন এদিনীয়াত ১১,৩৭০ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ৰানৰ গড় ৪৯.২২ আৰু ৩৩টা শতক আৰু ৫৯টা অৰ্ধশতক অৰ্জন।