আৱেগ ৰখাব নোৱাৰি প্ৰৱেশ কৰিছিল খেলপথাৰত, স্পৰ্শ কৰিছিল কোহলীৰ ভৰি; কি ব্যৱস্থা ল’লে আৰক্ষীয়ে?
কোহলীৰ এই শতকৰ পিছতে দেখা গৈছিল এক বিশেষ দৃশ্য। প্ৰিয় তাৰকাগৰাকীৰ শতকৰ আনন্দত উল্লাসিত হৈ পৰিছিল সমগ্ৰ ষ্টেডিয়ামত। পিছে এই হৰ্ষোল্লাসৰ মাজতে ষ্টেডিয়ামত বহি থকা সকলো দৰ্শক তথা নিৰাপত্তাৰক্ষীক আচম্বিত কৰি খেলপথাৰত প্ৰৱেশ কৰিছিল এজন অনুৰাগীয়ে।

কোহলীৰ ভৰি স্পৰ্শ কৰিছিল অনুৰাগীয়ে
যোৱা দেওবাৰে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। এই মেচখনত দৰ্শনীয় বেটিং প্ৰদৰ্শন কৰি তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে অৰ্জন কৰিছিল শতক। নিজ এদিনীয়া কেৰিয়াৰত কোহলীৰ এয়া ৫২তম শতক। লক্ষণীয়ভাৱে বিগত সময়ছোৱাত কোহলীৰ অৱসৰকেন্দ্ৰিক চৰ্চাই লাভ কৰিছিল ব্যাপক চৰ্চা। আনকি শীঘ্ৰেই তেওঁ আন্তঃৰাষ্ট্ৰীয় য়কেৰিয়াৰৰ যতি পেলাব বুলিও খবৰ ওলাইছিল। কিন্তু চমকপ্ৰদ শতকেৰে এই সকলো চৰ্চাৰ অন্ত পেলায় কোহলীয়ে।
কোহলীৰ এই শতকৰ পিছতে দেখা গৈছিল এক বিশেষ দৃশ্য। প্ৰিয় তাৰকাগৰাকীৰ শতকৰ আনন্দত উল্লাসিত হৈ পৰিছিল সমগ্ৰ ষ্টেডিয়ামত। পিছে এই হৰ্ষোল্লাসৰ মাজতে ষ্টেডিয়ামত বহি থকা সকলো দৰ্শক তথা নিৰাপত্তাৰক্ষীক আচম্বিত কৰি খেলপথাৰত প্ৰৱেশ কৰিছিল এজন অনুৰাগীয়ে।
দেখা গৈছিল এনে দৃশ্য
নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি খেলপথাৰত প্ৰৱেশ কৰা অনুৰাগীজনে প্ৰিয় তাৰকা কোহলীৰ ভৰি স্পৰ্শ কৰে। এনে ক্ষণত অনুৰাগীজনক পিছে পিছে খেদি যায় নিৰাপত্তা কৰ্মীয়ে। এই ঘটনাৰ ভিডিঅ’ ক্ষন্তেকৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
এই সময়ত কোহলীয়ে অনুৰাগীজনক তুলি ল’বলৈ চেষ্টা কৰিছিল যদিও লগে লগে নিৰাপত্তাৰক্ষী উপস্থিত হৈ অনুৰাগীজনক খেলপথাৰৰ পৰা উলিয়াই আনে। এই সমগ্ৰ ঘটনা মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সংঘটিত হয় যদিও ইয়াৰ ফলত ষ্টেডিয়ামৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।
অনুৰাগীজনৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ’ল?
ঘটনাৰ পিছতে আৰক্ষীয়ে অনুৰাগীজনক আটক কৰে। আৰক্ষীৰ জেৰাত এই অনুৰাগীজন পশ্চিম বংগৰ বাসিন্দা বুলি জানিব পৰা যায়। ৰাঁচীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে বিৰাট কোহলীৰ অনুৰাগীজন বয়সৰ জোখাৰে এগৰাকী নাবালক।
নিয়ম অনুসৰি এয়া ভুল হ’লেও ক্ৰিকেট মেনেজমেণ্ট বা আন কোনোৱে লিখিত অভিযোগ দাখিল নকৰাৰ বাবে অনুৰাগীজনক পি আৰ বণ্ডত মুকলি কৰি দিয়া হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰিয় খেলুৱৈগৰাকীয়ে শতক অৰ্জন কৰা দেখি আৱেগ বিহ্বল হৈয়ে কিশোৰটিয়ে এনে কৰা বুলি তেওঁ লগতে কয়।