বিয়াত বহিব বহু যুৱকৰ নয়নৰ মণি কাব্যা মাৰান! ‘পাত্ৰ’ই প্ৰকাশ কৰিলে এইদৰে…

আই পি এল ২০২৫ত ছানৰাইজাৰ্ছ হায়দৰাবাদ ব্যৰ্থ হ’লেও অৱশ্যে পূৰ্বৰ দৰে এই ছিজনতো ষ্টেণ্ডত দেখা পোৱা গ’ল ছানৰাইজাৰ্ছ হায়োৰাবাদৰ স্বত্বাধিকাৰী কাব্যা মাৰানক। ষ্টেণ্ডত থকা মাৰানৰ দিশলৈ প্ৰতিক্ষণতে ঘূৰে কেমেৰা আৰু স্ক্ৰীণত মাৰানৰ ছবি দেখি আনন্দিত হৈ উঠে দৰ্শক তথা অনুৰাগীসকলো। সেই কাব্যাৰে এতিয়া বিবাহৰ খবৰ। কাব্যাৰ চৰ্চিত পাত্ৰয়ো এতিয়া এই বিষয়ত দিছে মন্তব্য।

বিয়াত বহিব বহু যুৱকৰ নয়নৰ মণি কাব্যা মাৰান! ‘পাত্ৰ’ই প্ৰকাশ কৰিলে এইদৰে…

কাব্যা মাৰানৰ বিবাহৰ চৰ্চা!

Published: 

15 Jun 2025 | 08:46 PM

চলিত মাহৰ আৰম্ভণিতে অন্ত পৰিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। প্ৰতিযোগিতাত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি এইবাৰ খিতাপ দখল কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। পিছে এই ছিজনত অত্যন্ত হতাশাজনক প্ৰদৰ্শন আগবঢ়ালে ছানৰাইজাৰ্ছ হায়দৰাবাদে। বিগত ছিজনৰ ৰাণাৰ্ছ আপ দলটো এইবাৰ প্লে’ অফতো প্ৰৱেশ কৰাত ব্যৰ্থ হয়। আই পি এল ২০২৪ত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰাৰ পিছতো খিতাপ জয়ত ব্যৰ্থ হোৱাৰ বাবে এইবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে এক শক্তিশালী দল গঢ়ি তুলিছিল।

পিছে ইয়াৰ পিছতো আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় পেট কামিন্স নেতৃত্বাধীন দলটো। দল ব্যৰ্থ হ’লেও অৱশ্যে পূৰ্বৰ দৰে এই ছিজনতো ষ্টেণ্ডত দেখা পোৱা গ’ল ছানৰাইজাৰ্ছ হায়োৰাবাদৰ স্বত্বাধিকাৰী কাব্যা মাৰানক। খেলপথাৰৰ ষ্টেণ্ডত থিয় হৈ মাৰানে প্ৰায় প্ৰতিখন মেচতে নিজ দলৰ খেলুৱৈৰ মনোবল বৃদ্ধি কৰি আহিছিল। ষ্টেণ্ডত থকা মাৰানৰ দিশলৈ প্ৰতিক্ষণতে ঘূৰে কেমেৰা আৰু স্ক্ৰীণত মাৰানৰ ছবি দেখি আনন্দিত হৈ উঠে দৰ্শক তথা অনুৰাগীসকলো।

এক কথাত বহু অনুৰাগীৰ নয়নৰ মণি কাব্যা। সেইগৰাকী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী কাব্যা মৰাণৰে সম্প্ৰতি বিবাহ সন্দৰ্ভত চৰ্চা চলিছে। দাক্ষিণাত্যৰ এগৰাকী বিখ্যাত সংগীত শিল্পীৰ সৈতে কাব্যা মাৰানৰ সম্পৰ্ক থকা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। শেহতীয়া কিছুদিনত দক্ষিণৰ চিনেমা জগতৰ বিখ্যাত সংগীত শিল্পী অনিৰুদ্ধ ৰবিচন্দৰৰ সৈতে কাব্যা মাৰান সম্পৰ্কত আছে বুলি সংবাদ প্ৰকাশ পাইছে।

কেৱল সিমানেই নহয়, অচিৰেই দুয়ো বিয়াত বহিব বুলিও খবৰ ওলাইছে। এই তথ্য পোহৰলৈ অহাৰ লগে লগে আগ্ৰহৰ অন্ত নাই অনুৰাগীৰ মাজত। আই পি এলৰ সময়ত ষ্টেণ্ডত থকা কাব্যাক স্ক্ৰীণত দেখাৰ লগে লগে অনুৰাগীৰ মাজত উঠে হৰ্ষোল্লাস। সেয়ে স্বাভাৱিকতেই তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰতিও অনুৰাগীৰ যথেষ্ট আগ্ৰহ আছে।

অৱশ্যে কাব্যাৰ বিবাহৰ এই খবৰ কেৱল মাত্ৰ মুখৰোচক বাতৰি বুলি উলাই কৰিছে খোদ চৰ্চিত ‘পাত্ৰ’ অনিৰুদ্ধ ৰবিচন্দৰে। দুয়ো সম্পৰ্ক থকা বুলি চলি থকা চৰ্চা সন্দৰ্ভতো অৱশ্যে অনিৰুদ্ধই স্পষ্টকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। এই সম্পৰ্কৰ কথা স্বীকাৰ নকৰিলেও অৱশ্যে অস্বীকাৰো কৰা নাই অনিৰুদ্ধই। অনিৰুদ্ধই মাত্ৰ নিজা সামাজিক মাধ্যম যোগে লিখিছে, বিয়া! , এনে উৰাবাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থাকক।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...