বিৰাট কোহলিক অপমান! টেষ্ট মেচত এইগৰাকী ভাৰতীয় খেলুৱৈয়ে পিন্ধিলে ১৮ নম্বৰৰ জাৰ্চি, ক্ষুব্ধ অনুৰাগী

ইণ্ডিয়া এ আৰু ইংলেণ্ড লায়ন্সৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন আন-অফিচিয়েল টেষ্ট মেচৰ সময়ত সৃষ্টি হৈছে এক ডাঙৰ বিতৰ্কৰ । য'ত টীম ইণ্ডিয়াৰ এগৰাকী খেলুৱৈক ১৮ নম্বৰৰ জাৰ্চি পিন্ধা দেখা গৈছে, এই জাৰ্চি নম্বৰটো ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি বেটছমেন বিৰাট কোহলিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে।

বিৰাট কোহলিক অপমান! টেষ্ট মেচত এইগৰাকী ভাৰতীয় খেলুৱৈয়ে পিন্ধিলে ১৮ নম্বৰৰ জাৰ্চি, ক্ষুব্ধ অনুৰাগী

টেষ্ট মেচত এইগৰাকী ভাৰতীয় খেলুৱৈয়ে পিন্ধিলে ১৮ নম্বৰৰ জাৰ্চি

Published: 

01 Jun 2025 | 10:38 AM

বৰ্তমান ইংলেণ্ড ভ্ৰমণত আছে ইণ্ডিয়া এ । য’ত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে ২ খন আন-অফিচিয়েল টেষ্ট মেচ খেলিছে দলটোৱে। এই সময়ছোৱাত ভাৰতৰ ছিনিয়ৰ দলটোও ৫খন মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডলৈ যাব। এই ভ্ৰমণত দলৰ অংশ নহ’ব বিৰাট কোহলি। ১৮ নম্বৰৰ জাৰ্চিতে টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে কোহলিয়ে। ইফালে কেণ্টাৰবেৰীত অনুষ্ঠিত হৈ থকা আন-অফিচিয়ে টেষ্ট মেচখনত ভাৰতীয় বেগী বলাৰ মুকেশ কুমাৰে ১৮ নম্বৰ জাৰ্চি পিন্ধা দেখা গৈছে, যিয়ে ক্ৰিকেট অনুৰাগীৰ মাজত এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

এই জাৰ্চি নম্বৰটো ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি বেটছমেন বিৰাট কোহলিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। কিছুদিন পূৰ্বে কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত  অনুৰাগীৰ আৱেগক আঘাত কৰিছে এই কামে। কাৰণ কোহলি অনুৰাগীসকলৰ বাবে ১৮ নম্বৰটো কেৱল এটা জাৰ্চিৰ নম্বৰ নহয়, ই ভাৰতৰ আৱেগ। যাৰ বাবে  ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইমান সোনকালে আন এজন খেলুৱৈক এই জাৰ্চি নম্বৰটো দিয়াৰ বাবে ছ’চিয়েল মিডিয়াযোগে ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীসকলে। বহু অনুৰাগীৰ মতে কোহলিৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে টেষ্ট ক্ৰিকেটত ১৮ নম্বৰৰ জাৰ্চি অৱসৰ লোৱা উচিত। এনে পৰিস্থিতিত মুকেশ কুমাৰক ১৮ নম্বৰৰ জাৰ্চি পিন্ধা দেখি অনুৰাগীসকল অতিশয় ক্ষুব্ধ হৈ পৰে।কিন্তু ভৱিষ্যতে মুকেশ কুমাৰে ১৮ নম্বৰৰ জাৰ্চি পিন্ধিব নে পিন্ধিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

একাংশ অনুৰাগীৰ মতেও বিৰাট কোহলিক সন্মান জনাবলৈ মুকেশ কুমাৰে ১৮ নম্বৰৰ জাৰ্চি পিন্ধিছে। আনহাতে BCCI-এ ইয়াৰ পূৰ্বে একাংশ কিংবদন্তি খেলুৱৈৰ জাৰ্চি নম্বৰক অৱসৰ প্ৰদান কৰিছে। শচীন টেণ্ডুলকাৰৰ ১০ নম্বৰ আৰু মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্চিক সকলো ফৰ্মেটতে অৱসৰ দিয়া হৈছে। কিন্তু ৰোহিত আৰু বিৰাট এতিয়াও এদিনীয়া ফৰ্মেটৰ অংশ, গতিকে এই মুহূৰ্তত তেওঁলোকৰ জাৰ্চিক অৱসৰ দিয়াটো কঠিন।

১৮ নম্বৰ জাৰ্চিৰ সৈতে বিৰাটৰ সম্পৰ্ক

১৮ নম্বৰ জাৰ্চিৰ সৈতে বিৰাট কোহলীৰ ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্ক আছে।এই নম্বৰটো তেওঁৰ বাবে কেৱল এটা নম্বৰ নহয়, বৰঞ্চ তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰ প্ৰতীক। ১৮ আগষ্টৰ পৰা আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰা কোহলীয়ে ২০০৬ চনৰ ১৮ ডিচেম্বৰত পিতৃৰ মৃত্যু হয়।ইয়াৰ বাবেই এই সংখ্যাটো তেওঁৰ বাবে আৱেগিকভাৱে বিশেষ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...