শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই নামত কেৱল ধোনীৰে অধিকাৰ! ভুলতো নাভাবিব ব্যৱহাৰৰ কথা, অন্যথা হ’ব বিপদ

নিজৰ অসামান্য বেটিং দক্ষতা আৰু উইকেটকীপিং কৌশলৰ লগতে সুদক্ষ অধিনায়ক শৈলীৰ বাবে ক্ৰিকেট বিশ্বত ধোনীয়ে দখল কৰি আহিছে সুকীয়া স্থান। এই প্ৰতিভাৰ সুবাদতে বহুকেইটা উপনামেৰে পৰিচিত ধোনী। এতিয়া এই নামৰ ক্ষেত্ৰতে মহেন্দ্ৰ সিং ধোনীয়ে এক আচৰিত সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই নামত কেৱল ধোনীৰে অধিকাৰ! ভুলতো নাভাবিব ব্যৱহাৰৰ কথা, অন্যথা হ’ব বিপদ
ধোনীয়ে ল’লে আচৰিত পদক্ষেপImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 01 Jul 2025 14:36 PM

ভাৰতীয় ক্ৰিকেটৰ এক স্বৰ্ণিল যুগৰ মহানায়ক মহেন্দ্ৰ সিং ধোনী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক কেতিয়াবাই বিদায় দিলেও পিছে এতিয়াও ক্ৰিকেট বিশ্বত মহেন্দ্ৰ সিং ধোনীৰ জনপ্ৰিয়তা অতুলনীয়। এতিয়াও আই পি এলত দেখা যায় ধোনীৰ নামৰ উন্মাদনা, কিদৰে তেওঁ খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে ‘ধোনী ধোনী’ স্বৰেৰে উত্তাল হৈ উঠে ষ্টেডিয়াম। এয়া সকলোৰে পৰিচিত দৃশ্য। নহ’বই বা কিয়! ভাৰতীয় ক্ৰিকেটক কি দিয়া নাই এই তাৰকাগৰাকীয়ে! তেওঁৰ কান্ধত ভৰ দিয়েইটো ভাৰতে দূৰ কৰিছিল আই চি চি খিতাপৰ খৰাং।

নিজৰ অসামান্য বেটিং দক্ষতা আৰু উইকেটকীপিং কৌশলৰ লগতে সুদক্ষ অধিনায়ক শৈলীৰ বাবে ক্ৰিকেট বিশ্বত ধোনীয়ে দখল কৰি আহিছে সুকীয়া স্থান। এই প্ৰতিভাৰ সুবাদতে বহুকেইটা উপনামেৰে পৰিচিত ধোনী। ইয়াৰে ভিতৰত বিশেষভাৱে উল্লেখনীয় ‘কেপ্তেইন কুল’ অভিধা। কেৱল ধোনী অনুৰাগী বুলিয়েই নহয়, সমগ্ৰ ক্ৰিকেট বিশ্বই ধোনীক এই উপনামেৰে সম্বোধন কৰাত একপ্ৰকাৰে সহমত।

এতিয়া এই নামৰ ক্ষেত্ৰতে মহেন্দ্ৰ সিং ধোনীয়ে এক আচৰিত সিদ্ধান্ত গ্ৰহণ কৰিছে। খেলপথাৰত যিকোনো ক্ষণতে শান্ত-সমাহিত ভাবমূর্তিৰ বাবে কেপ্তেইন কুল নামেৰে পৰিচিত হৈ পৰা ধোনীয়ে এতিয়া এই পৰিচিত আচৰণৰ যেন এক সম্পূৰ্ণ বিপৰীত স্থিতি লৈছে। প্ৰকাশিত খবৰ অনুসৰি ধোনীয়ে ‘কেপ্তেইন কুল’নামৰ ট্ৰেডমাৰ্কৰ বাবে আবেদন কৰিছে। এই আবেদনখন যোৱা ৫ জুনত দাখিল কৰা হৈছে আৰু ১৬ জুনত অফিচিয়েল ট্ৰেডমাৰ্ক জাৰ্নেলত প্ৰকাশ পাইছিল।

স্বাভাৱিকতেই ধোনীৰ এই পদক্ষেপক লৈ ব্যাপক চৰ্চা চলিছে। যদি ধোনীয়ে এই কেপ্তেইন কুল শব্দটোৰ ট্ৰেডমাৰ্ক ৰাইট লাভ কৰে, তেতিয়া কোনো ব্যক্তি বা সংস্থাই এই কেপ্তেইন কুল শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। ধোনীয়ে নিজৰ ব্ৰেণ্ড ভেল্যু অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি আলোচনা চলিছে। এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে ধোনীৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

আমোদজনকভাৱে ধোনীৰ পূৰ্বে আন এটা কোম্পানী প্ৰভা স্কিল স্প’ৰ্টছ প্ৰাইভেট লিমিটেডেও ‘কেপ্তেইন কুল’ৰ ট্ৰেডমাৰ্ক বিচাৰি আবেদন দাখিল কৰিছিল। ইফালে ধোনীয়ে নিজ আবেদনৰ সমৰ্থনত যুক্তি আগবঢ়ায় যে ‘কেপ্তেইন কুল’ নাম ধোনীৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ আছে আৰু এই নাম অনুৰাগীৰ লগতে সংবাদ মাধ্যমেও বৃহৎ পৰিসৰত গ্ৰহণ কৰি আহিছে। এতিয়া ধোনীয়ে এই ট্ৰেডমাৰ্ক লাভ কৰে নে নকৰে সেয়া লক্ষণীয় হ’ব।

অৱশ্যে এই ক্ষেত্ৰত ধোনী বিমুখ হ’লেও ক্ৰিকেট জগতত ‘কেপ্তেইন কুল’ অভিধা ধোনীৰ নামত পূৰ্ণাঙ্গ ৰূপত প্ৰতিফলিত হৈ পৰিছিল। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতে জয় কৰিছিল উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ ২০০৭। ইয়াৰ পিছত ২০১১ চনত এদিনীয়া বিশ্বকাপ জয়ত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰি ধোনীয়ে ২৮ বৰ্ষৰ পিছত ভাৰতক দিছিল বিশ্বকাপ জয়ৰ আনন্দ। পুনৰ তেওঁৰ নেতৃত্বতে ভাৰতে জয় কৰে ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী।

কেৱল খিতাপ জয় কৰা বুলিয়েই নহয়, যিকোনো ক্ষণতে শীতল মস্তিষ্কৰে সিদ্ধান্ত গ্ৰহণৰ দক্ষতাৰ বাবেই ধোনী হৈ পৰিছিল কেপ্তেইন কুল। এই দক্ষতাৰ দিশলৈ যদি চোৱা যায়, ২০০৭ চনৰ টি-২০ বিশ্বকাপ জয়ৰ ক্ষেত্ৰতে পোৱা যাব সঠিক উদাহৰণ। উদ্বোধনী বৰ্ষৰ এই টি-২০ বিশ্বকাপত পাকিস্তানৰ বিপক্ষে শ্বাসৰুদ্ধকৰ অৱস্থাত অন্তিম অভাৰত বল তুলি দিছিল যোগীন্দৰ শৰ্মাৰ হাতত। আৰু তাৰ পিছতে সৃষ্টি হৈছিল ইতিহাস।

ইয়াৰ পিছত ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত নিজৰ বেটিং ক্ৰম উন্নীত কৰি মেচ বিজয়ী ইনিংছ খেলিছিল। একেদৰে ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীত ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেলত মাত্ৰ ১৩০ ৰানৰ লক্ষ্য ৰক্ষা কৰাৰ ক্ষেত্ৰতো দেখা গৈছিল ধোনীৰ নিৰ্ভুল আৰু সময়োচিত সিদ্ধান্তৰ ফল। এই বৃহৎ তিনি মঞ্চৰ উপৰিও নানা সময়ত দেখা গৈছিল ধোনীৰ এনে গেম চেঞ্জিং সিদ্ধান্ত।