ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখা যাব ছামিক! বিচিচিআইয়ে লৈছে এনে পদক্ষেপ…
চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে শীঘ্ৰেই ভাৰতীয় শিবিৰত যোগদান কৰিব পাৰে অভিজ্ঞ তাৰকা পেচাৰ মহম্মদ ছামিয়ে। ভাৰতীয় দলত ছামিৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত বুলি দাবী কৰা হৈছে এক প্ৰতিবেদনত। এই প্ৰতিবেদন অনুসৰি, আঘাতৰ বাবে প্ৰায় এবছৰ ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত থকা ছামিয়ে যিকোনো সময়তে অষ্ট্ৰেলিয়া অভিমুখে ৰাওনা হ’ব পাৰে।

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখা যাব ছামিক!
সম্প্ৰতি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দল। ইতিমধ্যে পাৰ্থ টেষ্টত জয়েৰে ভাৰতে এই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব। এই টেষ্টৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে আহিছে এক সুখবৰ। অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলৰ হ’ব শক্তি বৃদ্ধি। শীঘ্ৰেই ভাৰতীয় শিবিৰত যোগদান কৰিব পাৰে অভিজ্ঞ তাৰকা পেচাৰ মহম্মদ ছামিয়ে। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দলত ছামিৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত বুলি দাবী কৰা হৈছে প্ৰকাশিত এক প্ৰতিবেদনত।
প্ৰতিবেদন অনুসৰি, আঘাতৰ বাবে প্ৰায় এবছৰ ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত থকা ছামিয়ে যিকোনো সময়তে অষ্ট্ৰেলিয়া অভিমুখে ৰাওনা হ’ব পাৰে। বৰ্তমান ছামি ঘৰুৱা ক্ৰিকেটত ব্যস্ত। ৰঞ্জী ট্ৰফীৰ জৰিয়তে ক্ৰিকেটলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰাৰ পিছত এতিয়া ঘৰুৱা টি-২০ লীগ ছৈয়দ মুস্তাক আলী ট্ৰফীত অংশগ্ৰহণ কৰি আছে তাৰকা পেচাৰগৰাকীয়ে। নিৰ্বাচক আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ পৰা সেউজ সংকেত লাভ কৰাৰ লগে লগে তেওঁ অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব।
ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, সম্প্ৰতি ছৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে ৰাজকোটত আছে মহম্মদ ছামি আৰু তেওঁৰ ফিটনেছ পৰীক্ষা কৰাৰ উদ্দেশ্যে ৰাজকোটত উপস্থিত হৈছে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ একাংশ বিষয়া আৰু নিৰ্বাচকৰ এটা দল। এই দলটোৱে ছামিৰ ওপৰত চকু ৰাখিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ছামিৰ শৰীৰ সম্পূৰ্ণ সাজু হৈছে নে নাই সেয়া লক্ষ্য কৰিব বিষয়াসকলে।
জানিব পৰা মতে, এই উদ্দেশ্যে বিচিচিআইয়ে ক্ৰীড়া বিজ্ঞান শাখাৰ মুৰব্বী নীতিন পেটেল, প্ৰশিক্ষক নিশান্ত বৰডুলে আৰু নিৰ্বাচক এছ এছ দাসক সৌৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিছে। ব’ৰ্ডৰ ক্ৰীড়া বিজ্ঞান বিভাগৰ পৰা সেউজ সংকেত পোৱাৰ পিছতহে ছামিক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হ’ব। তাৰকা খেলুৱৈগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিচিচিআইয়ে কোনো ধৰণৰ ৰিস্ক ল’ব খোজা নাই আৰু সেয়ে তেওঁ ১০০ শতাংশ সাজু নে নহয়- সম্পূৰ্ণ নিশ্চিত হ’ব বিচাৰে।
মহম্মদ ছামিৰ প্ৰত্যাৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষকসকলে কঠোৰ পৰিশ্ৰম কৰি আছে। জাতীয় দলৰ বাবে ছামিক সাজু কৰি তোলাৰ চেষ্টাত ব্ৰতী একাডেমীৰ প্ৰশিক্ষকসকল। প্ৰতিবেদন অনুসৰি প্ৰশিক্ষকসকলে শনিবাৰলৈকে ৰাজকোটত ছামিৰ সৈতে কাম কৰিছিল আৰু এতিয়া তেওঁলোক পুনৰ বাংগালুৰুলৈ উভতিছে। কিন্তু তাৰ পূৰ্বে ছামিৰ বাবে কিছু ফিটনেছ টাৰ্গেট দিয়া হৈছে।
সেই অনুসৰি ছামিয়ে ছৈয়দ মুস্তাক আলী ট্ৰফী মেচৰ সময়ত প্ৰতিদিনে বলিং কৰিবলৈ দিয়া হৈছে। লগতে মেচৰ আগত আৰু পিছত তেওঁৰ সম্পূৰ্ণ প্ৰদৰ্শন তথা ফিটনেছৰ স্থিতিৰ প্ৰতি লক্ষ্য কৰা হৈছে। এই সন্দৰ্ভত সম্পূৰ্ণ তথ্য মুখ্য নিৰ্বাচক অজিত আগৰকাৰলৈ প্ৰেৰণ কৰা হৈছে। যদি সকলো ঠিকেই থাকে, তেতিয়া হয়তো ছামিক চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিম কেইখন মেচত দেখা যাব পাৰে।