জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষ উপহাৰ মেছিৰ! কি আছে সেই বিশেষ টোপোলাটোত?

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদযাপন কৰিছে ৭৫ সংখ্যক জন্মদিন। এই সময়চোৱাত দেশ-বিদেশৰ বহু লোকে মোদীক শুভেচ্ছা প্ৰেৰণ কৰিছে। কিন্তু ইয়াৰ মাজতে মেছিয়ে মোদীক এক বিশেষ উপহাৰ প্ৰদান কৰিছে।

জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষ উপহাৰ মেছিৰ! কি আছে সেই বিশেষ টোপোলাটোত?

মেছি

Published: 

17 Sep 2025 17:42 PM

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদযাপন কৰিছে ৭৫ সংখ্যক জন্মদিন। এই উপলক্ষে মোদীক দেশ-বিদেশৰ বহু নেতা, বিশিষ্ট লোক, অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। এই সময়চোৱাত মোদীয়ে বিভিন্ন ধৰণৰ উপহাৰো লাভ কৰিছে। এই বিভিন্ন উপহাৰৰ ভিতৰত আছে তাৰকা ফুটবল খেলুৱৈ লিয়নেল মেছিয়ে আৰ্জেন্টিনাৰ পৰা প্ৰেৰণ কৰা এক বিশেষ উপহাৰ। পিছে কি আছে এই উপহাৰত?

কি উপহাৰ দিলে

জানিব পৰা মতে, ১৩ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব মেছিয়ে। এই উপলক্ষে ক্ৰীড়া উদ্যোগী তথা মেছিৰ ভ্ৰমণ প্ৰমোটাৰ সতাদ্ৰু দত্তই শেহতীয়াকৈ তেওঁক সাক্ষাৎ কৰে। এই সময়চোৱাতে মেছিয়ে সতদ্ৰু দত্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক এক বিশেষ উপহাৰ প্ৰদান কৰিছে। তেওঁ  এ এন আইৰ সৈতে হোৱা এক  সাক্ষাৎকাৰত কয় যে, “বিশ্বৰ আগশাৰীৰ ফুটবলাৰ লিয়নেল মেছিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৭৫ সংখ্যক জন্মদিনৰ বাবে এটা স্ব-স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ কৰিছে। ইমানেই নহয়, ভাৰত ভ্ৰমণৰ সময়ত মেছিয়ে মোদীক সাক্ষাৎ কৰিব পাৰে”।

তথ্য অনুসৰি, ১৩ ডিচেম্বৰত কলকাতাত উপস্থিত হ’ব মেছি। তাৰ পাছত তেওঁ ১৪ ডিচেম্বৰত মুম্বাইলৈ আৰু পাছদিনা ১৫ ডিচেম্বৰত দিল্লীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মেছিৰ এই ভ্ৰমণে ভাৰতত ফুটবলৰ প্ৰসাৰ ঘটাব বুলি আশা কৰা হৈছে।

ৰবীন্দ্ৰ জাদেজাই কৰিলে বিশেষ টুইট

ইফালে ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাইও সামাজিক মাধ্যমযোগে মোদীৰ সৈতে প্ৰথম সাক্ষাৎতৰ স্মৃতি শ্বেয়াৰ কৰে। তেওঁ কয় যে, “মই প্ৰথমবাৰৰ বাবে ২০১০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাইছিলো। সেই সময়ত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিল। সেই সময়ত আহমেদাবাদত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আমাৰ মেচ আছিল। সেই মেচ আৰম্ভ হোৱাৰ ঠিক আগতে দুয়োটা দলে পৰিচয়ৰ বাবে খেলপথাৰত শাৰী পাতিছিলো”।

তেওঁ আৰু কয়, “তেতিয়া মোদীয়ে আহি সকলো খেলুৱৈৰ সৈতে হাত মিলাইছিল। আৰু তেতিয়াই মই তেওঁক প্ৰথম লগ পাইছিলো। সেই সময়ত আমাৰ দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে মোদীৰ সৈতে মোক চিনাকী কৰাই দিছিল। তেতিয়া মোদীয়ে হাঁহি কৈছিল- তেওঁ আমাৰ ল’ৰা, যত্ন লোৱা”।

তেওঁ আৰু কয় যে, এনে এগৰাকী বিশিষ্ট নেতাই সকলোৰে আগত মোৰ বিষয়ে এনেকৈ কোৱা শুনি সুখী হৈছিলো। মই গৌৰৱান্বিত অনুভৱ কৰিছিলো। এই সময়খিনি মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো। জাদেজাই আৰু কয় যে, ইয়াৰ পাছত তেওঁক মই ২০১৯ চনত দিল্লীত লগ পাইছিলো। তেতিয়া প্ৰায় ২০-২৫ মিনিট কথা পতাৰ সুযোগ লাভ কৰিছিলো।

 

অন্য খবৰ পঢ়কঃ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিনামূলীয়া…মহিলাৰ বাবে মোদী চৰকাৰৰ নতুন অভিযান…

ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...