ক্ৰীজত উঠিল ছয়-চাৰিৰ বৰষুণ, ভাৰতীয় বেটাৰে গঢ়িলে টি-২০ৰ দ্ৰুততম শতকৰ অভিলেখ

প্ৰতিপক্ষৰ বলিং লাইন আপক দিশহাৰা কৰি তুলি তেওঁ মাত্ৰ ৩৫ বলত ১০৬ ৰানৰ এক অপৰাজিত ইনিংছ খেলে। তেওঁৰ এই বিস্ফোৰক ইনিংছটোত আছিল ১৪টা চাৰি আৰু ৭টা ছয়। মাত্ৰ ৩৪টা বলতে শতক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰে।

ক্ৰীজত উঠিল ছয়-চাৰিৰ বৰষুণ, ভাৰতীয় বেটাৰে গঢ়িলে টি-২০ৰ দ্ৰুততম শতকৰ অভিলেখ

ভাৰতীয় বেটাৰে গঢ়িলে অভিলেখ

Published: 

18 Oct 2025 | 01:56 PM

ক্ৰিকেট বিশ্বত ভাৰতীয় খেলুৱৈৰ জয়জয়কাৰৰ কথা পুনৰাই বাখ্যা নকৰিলেও পুৰুষ ক্ৰিকেট দলৰ সমান্তৰালকৈ মহিলা ক্ৰিকেট দলৰ খেলুৱৈয়েও নিজা প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত চমক সৃষ্টি কৰিছে সম্প্ৰতি ভাৰতীয় মহিলা ক্ৰিকেট দল মহিলা বিশ্বকাপৰ অভিযানত ব্যস্ত বিশ্বকাপৰ সমান্তৰালকৈ বৰ্তমান ভাৰতীয় ঘৰুৱা ক্ৰিকেটত মহিলা টি-২০ ট্ৰফী প্ৰতিযোগিতা চলি আছে। এই প্ৰতিযোগিতাত এগৰাকী ভাৰতীয় বেটাৰে এক ঐতিহাসিক ইনিংছেৰে সমগ্ৰ ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

এই খেলুৱৈগৰাকীৰ নাম কিৰণ নৱগিৰে। মহিলা টি-২০ ট্ৰফীত পঞ্জাৱৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ অ’পেনাৰ কিৰণ নৱগিৰে ক্ৰীজত ধুমুহাৰ সৃষ্টি কৰি মহিলাৰ টি-২০ ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ সৃষ্টি কৰিছে। এই মেচখনত পঞ্জাৱে প্ৰথমে বেটিং কৰি ১১১ ৰানৰ লক্ষ্য স্থিৰ কৰিছিল যদিও মহাৰাষ্ট্ৰই মাত্ৰ ৮ অভাৰতে সেই লক্ষ্য অৰ্জন কৰে।

অৰ্থা পঞ্জাৱে নিৰ্ধাৰণ কৰা লক্ষ্যৰ প্ৰায় সম্পূৰ্ণ ৰানেই আহে কিৰণৰ বেটৰ পৰা তেওঁৰ বাদে ৰান কৰি অপৰাজিত থাকে মুক্তা মাৰ্গে অপেনাৰ ঈশ্বৰী সাৱকাৰে ৰান সংগ্ৰহ কৰিয়েই বিদায় লৈছিল যদিও কিৰণে আৰু দলৰ হানি ঘটিবলৈ নিদিলে মাৰমুখী বেটিঙেৰে তেওঁ দলক সহজ জয় প্ৰদান কৰে

পঞ্জাৱৰ বলিং লাইন আপক দিশহাৰা কৰি তুলি কিৰণে মাত্ৰ ৩৫ বলত ১০৬ ৰানৰ এক অপৰাজিত ইনিংছ খেলে। তেওঁৰ এই বিস্ফোৰক ইনিংছটোত আছিল ১৪টা চাৰি আৰু ৭টা ছয়। মাত্ৰ ৩৪টা বলতে শতক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰে। মহিলাৰ টি-২০ ক্ৰিকেটত এয়াই হৈছে দ্ৰুততম শতকৰ অভিলেখ।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল নিউজিলেণ্ডৰ ফী ডিভাইনৰ হাতত ডিভাইনে ২০২১ চনত ৩৬ বলত শতক অৰ্জন কৰি এই কৃতিত্ব অৰ্জন কৰিছিল। কিন্তু এতিয়া কিৰণ নৱগিৰে নিজৰ বিস্ফোৰক ইনিংছৰ জৰিয়তে এই অভিলেখ ভংগ কৰিছে।

লক্ষণীয়ভাৱে ক্ৰিকেটাৰ হোৱাৰ পূৰ্বে কিৰণ নৱগিৰে এথলেটিকছতো নিজকে প্ৰমাণিত কৰিছিল। বিদ্যালয় পৰ্যায়ৰ পিছত ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছতো তেওঁ লাভ কৰিছিল সফলতা জেভেলিন থ্ৰ’, শ্বট পুট, ১০০ মিটাৰ দৌৰৰ দৰে ইভেণ্টত কিৰণ নৱগিৰে সফলতাৰ মুখ দেখিছিল। ২০১৭ চনত তেওঁ ক্ৰিকেটত অভিষেক ঘটায়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...