Joe Root breaks Sachin Record: টেষ্ট ক্ৰিকেটত টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে জ’ ৰুটে…

জ' ৰুটে শচীন টেণ্ডুলকাৰ, এলেষ্টাৰ কুক আৰু গ্ৰেম স্মিথৰ দৰে মহান বেটছমেনক অতিক্ৰম কৰে । ইংলেণ্ডৰ খেলুৱৈ জ' ৰুট বৰ্তমান টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ ১ নম্বৰ বেটছমেন হিচাপে পৰিগণিত হৈছে।

Joe Root breaks Sachin Record: টেষ্ট ক্ৰিকেটত টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে জ ৰুটে...

ইংলেণ্ডৰ ক্ৰিকেটাৰ জ' ৰুট

Updated On: 

01 Dec 2024 | 12:03 PM

বিশ্বৰ অভিলেখ সৃষ্টিৰে প্ৰতিখন মেচতে নিজৰ আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন কৰি আহিছে ইংলেণ্ডৰ বেটছমেন জ’ ৰুটে। বিশেষকৈ ইংলেণ্ডৰ এই বেটছমেন গৰাকীয়ে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ বহু অভিলেখ ভংগ কৰিছে। ক্ৰাইষ্টচাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত জ’ ৰুটে শচীনৰ আন এক অভিলেখ ভংগ কৰে। ১ ডিচেম্বৰ দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডে ১০৪ ৰান লক্ষ্য ভেদ কৰাৰ সময়ত জ’ ৰুটে ১৫ টা বলত ২৩ ৰানৰ ইনিংছ খেলি টেষ্ট ক্ৰিকেটত এক নতুন কৃতিত্ব অৰ্জন কৰে।

নিউজিলেণ্ডৰ দলটোৱে তৃতীয় ইনিংছত মুঠ ২৫৪ ৰান সংগ্ৰহ কৰে। ইতিমধ্যে ১৫১ ৰানৰ অগ্ৰগতি লাভ কৰাৰ বাবে ইংলেণ্ডৰ দলটোৱে চতুৰ্থ ইনিংছত মাত্ৰ ১০৪ ৰানৰ লক্ষ্য লাভ কৰে । এই সময়ছোৱাত জ’ ৰুটে বেটিং কৰাৰ সুযোগ লাভ কৰে । এই ইনিংছত জ’ ৰুটে ২৩ ৰান সংগ্ৰহ কৰে ।

এই চুটি ইনিংছৰ জৰিয়তে তেওঁ শচীন টেণ্ডুলকাৰ, এলেষ্টাৰ কুক আৰু গ্ৰেম স্মিথৰ দৰে মহান বেটছমেনক অতিক্ৰম কৰে । ইংলেণ্ডৰ খেলুৱৈ জ’ ৰুট বৰ্তমান টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ ১ নম্বৰ বেটছমেন হিচাপে পৰিগণিত হৈছে। টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত ৰুটে মুঠ ১৬৩০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শচীনে ১৬২৫ ৰান, কুকে ১৬১১ ৰান আৰু গ্ৰেম স্মিথে ১৬১১ ৰান সংগ্ৰহ কৰিছিল।

প্ৰায় ৩৪ বছৰীয়া জ’ ৰুটে এতিয়ালৈকে ১৫০খন টেষ্ট মেচ খেলিছে আৰু গড়ে ৫০.৯০ ৰান কৰি মুঠ ১২৭৭৭ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৬ টা দ্বৈত শতক, ৩৫ টা শতক আৰু ৬৪টা অৰ্ধশতক অৰ্জন কৰিছে। সক্ৰিয় ক্ৰিকেটাৰৰ ভিতৰত তেওঁৰ নামত আছে সৰ্বাধিক শতক। কেৱল এয়াই নহয়, ইংলেণ্ডৰ হৈ সৰ্বাধিক টেষ্ট ৰান কৰা বেটছমেনজনেই হৈছে জ’ ৰুট। টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৫ নম্বৰ স্থানত আছে জ’ ৰুট।

উল্লেখ্য যে, এই বয়সত তেওঁ যি গতিবেগেৰে ৰান সংগ্ৰহ কৰি আছে তাৰ বাবে শচীনৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ১৫৯২১ ৰান সংগ্ৰহৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে । এই বিশ্ব অভিলেখ ভংগ কৰিবলৈ জ’ ৰুট এতিয়াও ৩১৪৪ ৰান কৰিব লাগিব। ৰুটৰ বয়স আৰু টেষ্ট ক্ৰিকেটত তেওঁৰ ফৰ্ম বিবেচনা কৰিলে এই সম্ভাৱনা নুই কৰিব নোৱাৰি ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...