ভাৰতৰ বিশ্বকাপ জয়ৰ আশাৰ নায়িকা জেমিমাৰ মুঠ সম্পত্তি কিমান জানেনে? খেলৰ লগতে এইদৰেও কৰে উপাৰ্জন
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে জেমিমাই সম্প্ৰতি ৱ’মেন প্ৰিমিয়াৰ লীগ, ৱ’মেন বিগ বেছ লীগ, ৱ’মেন কেৰিবিয়ান প্ৰিমিয়াৰ লীগ আৰু ৱ’মেন হাণ্ড্ৰেড আদি কেইবাখনো ফ্ৰেঞ্চাইজি লীগত অংশ লৈছে। ক্ৰিকেট বিশ্বত এতিয়া এক পৰিচিত নাম জেমিমা কিমান সম্পত্তিৰ অধিকাৰী জানেনে?

জেমিমা ৰড্ৰিগুৱেজ
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চলিত মহিলা বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে ভাৰতীয় দল। প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফীত চুম্বন দিয়াৰ লক্ষ্যৰে কাইলৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত নামিব ভাৰত। দলৰ লগতে দেশবাসীৰ মনত বিশ্বকাপ জয়ৰ আশা সজীৱ কৰি ৰখাত লোৱা ভূমিকাৰ বাবে এতিয়া সৰ্বত্ৰে চৰ্চিত এগৰাকী খেলুৱৈ। এই খেলুৱৈগৰাকী হৈছে অষ্ট্ৰেলিয়াৰ বিপক্ষে ছেমি ফাইনেলত চমকপ্ৰদ শতকেৰে উজলি উঠা জেমিমা ৰড্ৰিগুৱেজ। ছেমিত অসাধাৰণ ১২৭ ৰানৰ অপৰাজিত ইনিংছেৰে জেমিমা এতিয়া দেশৰ নায়িকা।
বৰ্তমান সময়ত ভাৰতীয় মহিলা দলৰ এগৰাকী নিৰ্ভৰযোগ্য সদস্য জেমিমা। তিনিওটা ফৰ্মেটতে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অহা জেমিমাৰ ওপৰত এতিয়া দেশবাসীয়ে বিশ্বকাপৰ ফাইনেলতো আস্থা প্ৰকাশ কৰিছে। দেশবাসীৰ এই আস্থাক শুদ্ধ প্ৰমাণিত কৰা স্বাভাৱিকতেই কাইলৈ ফাইনেলতো উজনি উঠাৰ চেষ্টা চলাব জেমিমাই।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে জেমিমাই সম্প্ৰতি ৱ’মেন প্ৰিমিয়াৰ লীগ, ৱ’মেন বিগ বেছ লীগ, ৱ’মেন কেৰিবিয়ান প্ৰিমিয়াৰ লীগ আৰু ৱ’মেন হাণ্ড্ৰেড আদি কেইবাখনো ফ্ৰেঞ্চাইজি লীগত অংশ লৈছে। ক্ৰিকেট বিশ্বত এতিয়া এক পৰিচিত নাম জেমিমা কিমান সম্পত্তিৰ অধিকাৰী জানেনে?
ৱ’মেন প্ৰিমিয়াৰ লীগৰ দৰমহা
জেমিমাই এতিয়ালৈকে ৱ’মেন প্ৰিমিয়াৰ লীগৰ প্ৰতিটো ছিজনতে অংশ লৈছে। উদ্বোধনী ছিজনত দিল্লী কেপিটেলছে ২.২ কোটি টকা মূল্যত তেওঁক ক্ৰয় কৰিছিল। ক্ৰমাগত তিনিটা ছিজন তেওঁ দলটোৰ গুৰুত্বপূৰ্ণ সদস্য। এতিয়া বিশ্বকাপত প্ৰদৰ্শন সূত্ৰে ৱ’মেন প্ৰিমিয়াৰ লীগৰ আগন্তুক সংস্কৰণত জেমিমাৰ দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
বিচিচিআইৰ চুক্তি
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ গ্ৰেড বি শ্ৰেণীৰ অন্তৰ্গত জেমিমা। এই চুক্তি অনুসৰি বছৰি ৩০ লাখ টকা উপাৰ্জন কৰে খেলুৱৈগৰাকীয়ে। আনহাতে প্ৰতিখন টেষ্টৰ বাবে ১৫ লাখ টকা, এদিনীয়াত ৬ লাখ টকা আৰু টি-২০ত ৩ লাখ টকাকৈ মেচ মাচুল লাভ কৰে।
ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্ট
সময়ৰ লগে লগে জেমিমাৰ ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্টৰ ক্ষেত্ৰও প্ৰসাৰিত হৈছে। হুণ্ডাই, জিলেট, ৰেড বুল আৰু প্লেটিনাম ইভাৰাৰ দৰে কোম্পানীৰ সৈতে জড়িত হৈছে জেমিমা। স্মাৰ্টফোন নিৰ্মাতা কোম্পানী HMD India আৰু হেডছেট আৰু ৱেয়াৰেবল ব্ৰেণ্ড boAtৰ সৈতেও জেমিমাহৰ দীৰ্ঘম্যাদী অংশীদাৰিত্ব আছে। এইদৰে খেল আৰু ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্টৰ জৰিয়তে জেমিমা সম্প্ৰতি প্ৰায় ১৫ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী বুলি জানিব পৰা গৈছে।