কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপত চুম্বন দিলে ছিনাৰেঃ লাভ কৰিলে ইমান পৰিমাণৰ ধন

বছৰৰ তৃতীয়খন গ্ৰেণ্ড শ্লেম উইম্বলডনৰ ফাইনেলত যোৱা নিশা স্পেনিছ তাৰকা কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি ছিনাৰে নিজ কেৰিয়াৰত প্ৰথমটো উইম্বলডন খিতাপত চুম্বন দিয়ে। ইয়াৰ লগে লগে ছিনাৰে অল ইংলেণ্ড ক্লাবত জয়ী হোৱা ইটালীৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপেও ইতিহাস ৰচনা কৰে।

কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপত চুম্বন দিলে ছিনাৰেঃ লাভ কৰিলে ইমান পৰিমাণৰ ধন

উইম্বলডনৰ খিতাপ জয় ছিনাৰৰ

Published: 

14 Jul 2025 | 11:11 AM

ইতিহাস ৰচি উইম্বলডন ২০২৫ৰ পুৰুষৰ একক শাখাৰ খিতাপ জয় কৰিছে য়ানিক ছিনাৰে বছৰৰ তৃতীয়খন গ্ৰেণ্ড শ্লেম উইম্বলডনৰ ফাইনেলত যোৱা নিশা স্পেনিছ তাৰকা কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি ছিনাৰে নিজ কেৰিয়াৰত প্ৰথমটো উইম্বলডন খিতাপত চুম্বন দিয়ে ইয়াৰ লগে লগে ছিনাৰে অল ইংলেণ্ড ক্লাবত জয়ী হোৱা ইটালীৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপেও ইতিহাস ৰচনা কৰে উল্লেখ্য যে নিজ কেৰিয়াৰত ছিনাৰৰ এয়া চতুৰ্থটো গ্ৰেণ্ড শ্লেম এই জয়ৰ লগে লগে ছিনাৰে বিগত ফ্ৰেন্স অপেনৰ ফাইনেলত আলকাৰাজৰ বিপক্ষে হোৱা পৰাজয়ৰো পোতক তুলিবলৈ সক্ষম হয়

যোৱা নিশা অনুষ্ঠিত হোৱা পুৰুষৰ একক শাখাৰ ফাইনেলত ছিনাৰে কাৰ্লোছ আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। এইদৰে ছিনাৰে নিজৰ প্ৰথমটো উইম্বলডন খিতাপ জয় কৰাৰ বিপৰীতে আলকাৰাজ ক্ৰমাগত তৃতীয়টো উইম্বলডন খিতাপ জয়ওৰ ঐতিহাসিক সাফল্যৰ পৰা বঞ্চিত বলগা হয় টেনিছ ইতিহাসত এতিয়ালৈকে কেৱল বিজ’ৰ্ন বৰ্গ, পিট ছাম্প্ৰাছ, ফেডাৰেৰ আৰু জ’কভিচেহে এই কৃতিত্ব অৰ্জন কৰিছে

বিগত সময়ছোৱাত ছিনাৰ আৰু আলকাৰাজ টেনিছ জগতৰ দুই প্ৰধান প্ৰতিদ্বন্দী তাৰকা হিচাপে বিবেচিত হৈছে দুয়োগৰাকী তাৰকাই উইম্বলডনতো এই ধাৰা অব্যাহত ৰাখি খিতাপ যুঁজত প্ৰৱেশ কৰিছিল মেচৰ প্ৰথমটো ছেটত আলকাৰাজে ৬-৪ ব্যৱধানত জয়লাভ কৰিছিল যদিও তাৰ পিছতে দুৰন্ত প্ৰত্যাৱৰ্তন ঘটায় ছিনাৰে আৰু পৰৱৰ্তী তিনিটা ছেট দখল কৰি খিতাপ জয় কৰে

 

উল্লেখ্য যে ফাইনেলত প্ৰৱেশৰ ক্ষেত্ৰত ছিনাৰে ছেমি ফাইনেলত পৰাস্ত কৰিছিল টেনিছ ইতিহাসৰ কিংবদন্তি, অভিলেখ ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী ন’ভাক জ’কভিচক স্বাভাৱিকতেই নিজ কেৰিয়াৰত তেওঁৰ এই কৃতিত্ব অনন্য হিচাপে বিবেচিত হৈছিল এই সফলতাৰ ধাৰা অব্যাহত ৰাখিয়েই ফাইনেলত আলকাৰাজক পৰাস্ত কৰে ছিনাৰে।

উইম্বলডন ২০২৫ৰ খিতাপ জয় কৰাৰ বাবে ছিনাৰে বৃহৎ পৰিমাণৰ ধনৰাশি পুৰস্কাৰ হিচাপে লাভ কৰে। চেম্পিয়ন হিচাপে ছিনাৰে ৩,০০০,০০০ পাউণ্ড পুৰস্কাৰ লাভ কৰে ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰাশিৰ পৰিমাণ হৈছে ৩৪ কোটিতকৈও অধিক। আনহাতে ৰানাৰ্ছ আপ কাৰ্লোছ আলকাৰাজে ১,৫২০,০০০ পাউণ্ড (ভাৰতীয় টকাত প্ৰায় ১৭ কোটি টকা) ধৰ্নৰাশি পুৰস্কাৰ ৰূপে লাভ কৰে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...