IPL 2026 Retention: কোন হ’ব ৰিটেইন, কাক দিয়া হ’ব বিদায়! আজি প্ৰকাশ পাব IPLৰ খেলুৱৈ ৰিটেনচনৰ চূড়ান্ত তালিকা

চৰ্চাৰ ওৰ পেলাই আজি আই পি এল ফ্ৰেন্সাইজিসমূহে প্ৰতিযোগিতাৰ আগন্তুক সংস্কৰণৰ বাবে নিজৰ প্ৰাথমিক প্ৰস্তুতি নিশ্চিত কৰিব। কিয়নো আজি আই পি এল ফ্ৰেন্সাইজিসমূহে ঘোষণা কৰিব লাগিব ৰিটেইন তথা ৰিলিজ খেলুৱৈৰ চূড়ান্ত তালিকা।

IPL 2026 Retention: কোন হ’ব ৰিটেইন, কাক দিয়া হ’ব বিদায়! আজি প্ৰকাশ পাব IPLৰ খেলুৱৈ ৰিটেনচনৰ চূড়ান্ত তালিকা

আজি প্ৰকাশ পাব IPLৰ খেলুৱৈ ৰিটেনচন তালিকা

Published: 

15 Nov 2025 | 07:33 AM

অৱশেষত আজি অন্ত পৰিব ক্ৰিকেটপ্ৰেমীৰ দীৰ্ঘদিনীয়া জল্পনা-কল্পনা, উৎকণ্ঠা তথা অপেক্ষাৰ। ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় তথা ধনাঢ্য লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি দেখা গৈছিল তীব্ৰ চৰ্চা। এই চৰ্চাৰ ওৰ পেলাই আজি আই পি এল ফ্ৰেন্সাইজিসমূহে প্ৰতিযোগিতাৰ আগন্তুক সংস্কৰণৰ বাবে নিজৰ প্ৰাথমিক প্ৰস্তুতি নিশ্চিত কৰিব। কিয়নো আজি আই পি এল ফ্ৰেন্সাইজিসমূহে ঘোষণা কৰিব লাগিব ৰিটেইন তথা ৰিলিজ খেলুৱৈৰ চূড়ান্ত তালিকা।

আই পি এল ২০২৬ ছিজনৰ বাবে খেলুৱৈৰ ৰিটেইন তথা ৰিলিজৰ সময়সীমা ১৫ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসৰি আজি ফ্ৰেন্সাইজিসমূহে ৰিটেইন আৰু ৰিলিজ কৰিবলগীয়া খেলুৱৈৰ নাম প্ৰকাশ কৰিব। স্বাভাৱিকতেই এই তালিকাত ক্ৰিকেট বিশ্বৰ বহু ৰথী-মহাৰথীৰ নাম থাকিব। গতিকে ক্ৰিকেটপ্ৰেমীয়ে অত্যন্ত উৎকণ্ঠাৰে অপেক্ষা কৰিছে এই নিৰ্দিষ্ট সময়লৈ।

খেলুৱৈ ৰিটেনচনৰ নিয়মবোৰ কি কি?

আই পি এল ২০২৫ৰ বাবে অনুষ্ঠিত হৈছিল খেলুৱৈৰ মেগা নিলাম। সেয়ে আগন্তুক সংস্কৰণৰ বাবে এইবাৰ মিনি নিলাম অনুষ্ঠিত হ’ব। মিনি নিলামৰ ৰিটেনচনৰ নিয়ম মেগা নিলামতকৈ সম্পূৰ্ণ পৃথক হ’ব। এইবাৰ সকলো ফ্ৰেন্সাইজিয়ে ইচ্ছা অনুসৰি খেলুৱৈ ৰিটেইন কৰি ৰখা বা ৰিলিজ কৰাৰ সুবিধা লাভ কৰিব।

নিয়ম অনুসৰি মেগা নিলামৰ পূৰ্বে প্ৰতিটো দলক সৰ্বাধিক ৫ বা ৬ জন খেলুৱৈক ধৰি ৰাখিবলৈ অনুমতি দিয়া হয়। কিন্তু মিনি নিলামৰ ক্ষেত্ৰত এনে কোনো বাধা নাই। মুকলি কৰা খেলুৱৈসকলৰ মূল্য ফ্ৰেন্সাইজিৰ নিলামৰ পাৰ্চত যোগ কৰা হ’ব। যদি কোনো খেলুৱৈৰ ট্ৰেডৰ বিনিময়ত ধন লাভ কৰে, সেয়াও নিলামৰ পাৰ্চত যোগ কৰা হ’ব।

ৰিটেনচনৰ পূৰ্বে ট্ৰেডিং উইণ্ড’ত খেলুৱৈ সলনি

এইবাৰ ৰিটেনচন উইণ্ড’ৰ পূৰ্বে কেইবাজনো খেলুৱৈৰ ট্ৰেডক লৈ যথেষ্ট আলোচনা দেখা গৈছিল। বিশেষকৈ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত সঞ্জু চেমছন, ৰবীন্দ্ৰ জাডেজা, আৰু চেম কুৰাণৰ ট্ৰেডক লৈ তীব্ৰ চৰ্চা চলিছিল। অৱশ্যে এইপৰ্যন্ত ফ্ৰেন্সাইজি দুটাই এই সন্দৰ্ভত কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

অৱশ্যে কিছু খেলুৱৈৰ ট্ৰেডে আনুষ্ঠানিক অনুমোদন লাভ কৰিছে। এইবাৰ ট্ৰেডৰ জৰিয়তে দল সলনি হোৱা প্ৰথমজন খেলুৱৈ আছিল শ্বাৰ্দুল ঠাকুৰ। তেওঁক মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সৈতে ২ কোটি টকাৰ চুক্তিৰ জৰিয়তে নিজ দললৈ আনে। দলটোৱে লগতে গুজৰাট টাইটানছৰ পৰা ২.৬ কোটি টকাৰ চুক্তিৰে শ্বেৰফানে ৰাদাৰফোৰ্ডক অন্তৰ্ভুক্ত কৰিছে।

তেওঁলোকৰ লগতে আজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে মহম্মদ ছামিৰ ট্ৰেড চুক্তি চূড়ান্ত কৰাৰ সম্ভাৱনা আছে। তেওঁৰ লগতে আজি ট্ৰেডৰ জৰিয়তে আন কেইবাজনো খেলুৱৈৰ দল সলনিৰ সম্ভাৱনা আছে। ইফালে খেলুৱৈৰ ৰিলিজৰ ক্ষেত্ৰতো বহু ৰথী-মহাৰথীৰ নাম দেখা যোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...