IPL 2025: খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই, মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন মেচৰ বাবে নতুন অধিনায়কৰ নাম ঘোষণা

আইপিএল ২০২৫ত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন খেলৰ পৰা বাহিৰত থাকিব হাৰ্দিক পাণ্ডিয়া। এই মেচখন অনুষ্ঠিত হ'ব চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে। এতিয়া প্ৰশ্ন হয় যে যদি পাণ্ডিয়া নাথাকে তেন্তে দলৰ অধিনায়ক কোন হ'ব? তাৰ বাবে এই খেলুৱৈজনৰ নাম প্ৰকাশ কৰা হৈছে।

IPL 2025: খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই, মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন মেচৰ বাবে নতুন অধিনায়কৰ নাম ঘোষণা

হাৰ্দিক পাণ্ডিয়া

Updated On: 

19 Mar 2025 | 02:39 PM

২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আইপি এল ২০২৫। যাক লৈ এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক উছাহ দেখা গৈছে। এইবাৰৰ IPLত মুম্বাই ইণ্ডিয়ানছৰ অভিযান ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব মুম্বাই ইণ্ডিয়ানছে। কিন্তু এই মেচখনৰ খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে হাৰ্দিক পাণ্ডিয়াক। কিন্তু, যিহেতু তেওঁ নতুন ছিজনৰ প্ৰথমখন মেচৰ পৰা বাহিৰত থাকিব, এনে সময়ত ডাঙৰ প্ৰশ্নটো হ’ল তেওঁৰ ঠাই কোনে ল’ব? তেওঁৰ ঠাইত দলৰ কমাণ্ড কোনে ল’ব? সংবাদমেললৈ আহি এই ডাঙৰ প্ৰশ্নৰ উত্তৰ নিজেই দিছে হাৰ্দিক পাণ্ডিয়াই। প্ৰকাশ কৰিছে আইপিএল ২০২৫ৰ প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰা খেলুৱৈগৰাকীৰ নাম।

প্ৰথমখন মেচ কিয় খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই?

বিগত ছিজনত এজন অধিনায়ক হিচাপে একেটা ভুল তিনিবাৰকৈ পুনৰাবৃত্তি কৰাৰ বাবে শাস্তি লাভ কৰিছে হাৰ্দিক পাণ্ডিয়াই। ২০২৪ চনৰ আই পি এলত তেওঁক তিনিবাৰকৈ স্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছিল পাণ্ডিয়াক। তাৰ পিছত আইপিএলৰ নিয়ম অনুসৰি তেওঁক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যিহেতু বিগত ছিজনত মুম্বাই ইণ্ডিয়ানছে খেলা শেষৰখন মেচত তৃতীয়বাৰৰ বাবে স্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত হৈছিল। গতিকে এইবাৰ বাবে পাণ্ডিয়াৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।  এই কাৰণেই তেওঁ আই পি এল ২০২৫ৰ প্ৰথমখন মেচৰ পৰা বাহিৰত থাকিব লাগিব হাৰ্দিক পাণ্ডিয়া।

কোন হ’ব অধিনায়ক?

মুম্বাইত মহেলা জয়ৱৰ্ধনৰ সৈতে সম্বোধন কৰা সংবাদমেলত নতুন অধিনায়কগৰাকীৰ বিষয়ে প্ৰকাশ কৰে হাৰ্দিক পাণ্ডিয়াই। তেওঁ কয় যে, যদি মই নাথাকো তেন্তে সূৰ্যকুমাৰ যাদৱে প্ৰথমখন মেচত বাঘজৰী ল’ব পাৰে। সংবাদমেলত হাৰ্দিকৰ সৈতে অধিনায়কত্বৰ সৈতে জড়িত প্ৰত্যাহ্বান সন্দৰ্ভতো আলোচনা হয়। তেওঁক সোধা হৈছিল যে, আপুনি আগতেও বহু দলৰ অধিনায়কত্ব কৰিছিল, কিন্তু সেই সকলোবোৰৰ তুলনাত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব লোৱাটো ডাঙৰ প্ৰত্যাহ্বান। এই বিষয়ে হাৰ্দিকে কয় যে, তেনেকুৱা নহয়। হয়, কিন্তু মুম্বাইৰ এটা লিগেচি আছে, যিটো বজাই ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান।

উল্লেখ্য যে, আইপিএলৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছ হৈছে সবাতোকৈ সফল দল। মুম্বাই ইণ্ডিয়ানছে সৰ্বাধিক বাৰ এই খিতাপ দখল কৰিছে। কিন্তু হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত এই কাম এতিয়াও কৰিবলৈ বাকী আছে। নিঃসন্দেহে অধিনায়ক হিচাপে হাৰ্দিকৰ নামত আইপিএলৰ খিতাপ আছে। কিন্তু গুজৰাট টাইটানছৰ হৈ তেওঁ সেই খিতাপ জয় কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...