সঞ্জু চেমছন নে ৰিয়ান পৰাগ, কোন হ’ব ৰাজস্থান ৰয়েলছৰ পৰৱৰ্তী IPL মেচৰ অধিনায়ক?

জানুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ সময়ত আঙুলিত আঘাত পাইছিল সঞ্জু চেমছনৰ । যদিও আইপিএলৰ আৰম্ভণিতে তেওঁক বেটিং কৰিবলৈ দিয়া হৈছিল, তথাপিও তেওঁৰ আঙুলিৰ অৱস্থাৰ বাবে চেণ্টাৰ অৱ এক্সেলেন্সৰ মেডিকেল টীমে তেওঁক উইকেট কিপিং বা ফিল্ডিং কৰাত বাধা আৰোপ কৰিছিল।

সঞ্জু চেমছন নে ৰিয়ান পৰাগ, কোন হব ৰাজস্থান ৰয়েলছৰ পৰৱৰ্তী IPL মেচৰ অধিনায়ক?

ৰিয়ান পৰাগ, সঞ্জু চেমছন

Published: 

02 Apr 2025 18:02 PM

আইপিএল ২০২৫ ছিজনৰ বেয়া আৰম্ভণিৰ অন্তত অৱশেষত সফলতাৰ সোৱাদ ল’লে ৰাজস্থান ৰয়েলছে। প্ৰাৰম্ভিক দুয়োখন মেচত পৰাস্ত হোৱাৰ পিছত অৱশেষত তৃতীয়খন মেচত ৰাজস্থান ৰয়েলছে জয়লাভ কৰে। ভাৰপ্ৰাপ্ত অধিনায়ক ৰিয়ান পৰাগৰ নেতৃত্বত দলটোৱে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত জয়ৰ পথ বিচাৰি পালে। কিন্তু এই জয়ৰ পাছত ৰাজস্থানে পুনৰ নিজৰ অধিনায়ক সলনি কৰাৰ সম্ভাৱনা আছে। এক কথাত ক’বলৈ গ’লে অপেক্ষা কৰি থকা খবৰটো লাভ কৰিছে দলটোৱে। দলৰ অধিনায়ক সঞ্জু চেমছনক বিচিচিআইয়ে ফিট বুলি ঘোষণা কৰাৰ পাছত এতিয়া তেওঁ উইকেটৰক্ষীৰ দায়িত্ব ল’বলৈ সাজু হৈছে। ইয়াৰ লগে লগে তেওঁ পৰৱৰ্তী মেচৰ পৰা পুনৰ দলৰ দায়িত্ব ল’ব।

ক্ৰিকবাজৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্স (COE)ৰ চিকিৎসা দলে সঞ্জু চেমছনক সম্পূৰ্ণ ফিট বুলি ঘোষণা কৰিছে। ৰাজস্থান ৰয়েলছৰ তৃতীয়খন খেলৰ পিছতহে চেমছনে নিজৰ ফিটনেছ ষ্টেটাছ পৰীক্ষা কৰিবলৈ বেংগালুৰুস্থিত COEত উপস্থিত হয়। তাত তেওঁক ভালদৰে পৰীক্ষা কৰি কেন্দ্ৰটোৰ মেডিকেল টীমে উইকেটকিপিঙৰ অনুমতি দিয়ে। ইয়াৰ পূৰ্বে সঞ্জুক কেৱল বেটিং কৰিবলৈ দিয়া হৈছিল।

জানুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ সময়ত আঙুলিত আঘাত পাইছিল সঞ্জু চেমছনৰ । তেতিয়াৰ পৰাই তেওঁ আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ চেষ্টা চলাই আছিল। যদিও আইপিএলৰ আৰম্ভণিতে তেওঁক বেটিং কৰিবলৈ দিয়া হৈছিল, তথাপিও তেওঁৰ আঙুলিৰ অৱস্থাৰ বাবে চেণ্টাৰ অৱ এক্সেলেন্সৰ মেডিকেল টীমে তেওঁক উইকেট কিপিং বা ফিল্ডিং কৰাত বাধা আৰোপ কৰিছিল। এনে পৰিস্থিতিত ৰাজস্থান ৰয়েলছে এই ছিজনৰ প্ৰথম ৩ খন মেচত চেমছনক ইমপেক্ট প্লেয়াৰ হিচাপেহে ব্যৱহাৰ কৰিছিল আৰু তেওঁক কেৱল বেটিং কৰা দেখা গৈছিল।

এনে সময়ত দলটোৰ কামাণ্ড ল’লে ৰিয়ান পৰাগে। তেওঁৰ অধিনায়কত্বত ৰাজস্থানে প্ৰথম আৰু দ্বিতীয় মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও তৃতীয়খন মেচত দলটোৱে শক্তিশালী প্ৰত্যাৱৰ্তনেৰে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি ছিজনৰ প্ৰথমটো জয় পঞ্জীয়ন কৰে। কিন্তু এতিয়া নিশ্চিত হৈছে যে কেপ্তেইন চেমচন আকৌ এবাৰ ৰিয়ান পৰাগৰ ঠাইত ঘূৰি আহিব। ৰাজস্থানৰ পৰৱৰ্তী মেচ হ’ব ৫ এপ্ৰিলত মুলনপুৰত পঞ্জাব কিংছৰ বিৰুদ্ধে। এই মেচৰ পৰাই সঞ্জুৱে অধিনায়ক হিচাপে দললৈ ঘূৰি আহিব পাৰে।

ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
কি কি কাৰণত চুগাৰ বাঢ়িব পাৰে ? আপোনাৰ যদি চুগাৰ আছে এই ৪ টা ভুল কেতিয়াও নকৰিব
আলমখি নে আলমখিৰ ৰস ! ছাল, চুলি আৰু হজম শক্তিৰ বাবে কোনটো বেছি উপকাৰী?
কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...