প্ৰীতি জিণ্টাৰ সৈতে দেখা যাব ৰোহিত শৰ্মাক! মাজত বাধা মাথো দুটা বিশেষ চৰ্ত…

আই পি এল ২০২৫ত ৰোহিত শৰ্মাক মুম্বাই ইণ্ডিয়ানছৰ পৰিৱৰ্তে আন দলত দেখা যাব পাৰে বুলি প্ৰতিযোগিতাখনৰ গত সংস্কৰণতে চৰ্চা চলিছিল। মেগা নিলামৰ পূৰ্বেই ৰোহিতে মুম্বাই দল ত্যাগ কৰিব বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে। যদি এয়া সত্য হয় তাৰকা খেলুৱৈগৰাকীক চুক্তিবদ্ধ কৰাৰ বাবে প্ৰতিটো ফ্ৰেন্সাইজিয়ে স্বাভাৱিকতেই চেষ্টা চলাব।

প্ৰীতি জিণ্টাৰ সৈতে দেখা যাব ৰোহিত শৰ্মাক! মাজত বাধা মাথো দুটা বিশেষ চৰ্ত…

IPL 2025ত পঞ্জাৱ কিংছত ৰোহিত!

Published: 

26 Aug 2024 | 02:04 PM

আগন্তুক ছিজনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ মাজত এতিয়াও আছে বহু দিন। কিন্তু ইতিমধ্যেই এই প্ৰতিযোগিতাখনক লৈ অনুৰাগীৰ মাজত আৰম্ভ হৈছে ব্যাপক চৰ্চা। মূলতঃ এইবাৰ অনুষ্ঠিত হ’বলগা খেলুৱৈৰ মেগা নিলামৰ বাবেই বহু পূৰ্বৰে পৰা আই পি এলক লৈ চৰ্চা আৰম্ভ হৈছে। এই চৰ্চাত সঘনে উচ্চাৰিত হৈছে দেশৰ তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ নাম। বিশ্ব ক্ৰিকেটত হিটমেন খ্যাত ৰোহিতৰ প্ৰদৰ্শনৰ চমক প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰ স্বাভাৱিকতেই জ্ঞাত। তদুপৰি আই পি এলৰ ইতিহাসৰে তেওঁ এগৰাকী শ্ৰেষ্ঠতম অধিনায়ক। গতিকে মেগা নিলামৰ পূৰ্বে ৰোহিতক লৈ এই চৰ্চাৰ নিশ্চিতভাৱেই গুৰুত্ব আছে।

আই পি এল ২০২৫ত ৰোহিত শৰ্মাক মুম্বাই ইণ্ডিয়ানছৰ পৰিৱৰ্তে আন দলত দেখা যাব পাৰে বুলি প্ৰতিযোগিতাখনৰ গত সংস্কৰণতে চৰ্চা চলিছিল। মেগা নিলামৰ পূৰ্বেই ৰোহিতে মুম্বাই দল ত্যাগ কৰিব বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে। যদি এয়া সত্য হয় তাৰকা খেলুৱৈগৰাকীক চুক্তিবদ্ধ কৰাৰ বাবে প্ৰতিটো ফ্ৰেন্সাইজিয়ে স্বাভাৱিকতেই চেষ্টা চলাব।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত আনকি দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰোহিতক ক্ৰয় কৰিবলৈ ৫০ কোটি টকাকৈ আঁতৰাই ৰাখিছে বুলিও দাবী কৰা হৈছিল। বিগত ছিজনত ৰোহিতে আনকি কলকাতা নাইট ৰাইডাৰ্ছত যোগদান কৰাৰ খবৰেও ব্যাপক চৰ্চা লাভ কৰিছিল। তাৰ মাজতে এইবাৰ ৰোহিত শৰ্মাক লৈ পোহৰলৈ আহিছে আন এক খবৰ।

এই খবৰ মতে প্ৰীতি জিন্তাৰ দল পঞ্জাৱ কিংছেও এইবাৰ ৰোহিত শৰ্মাক ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। লক্ষণীয়ভাৱে আই পি এলৰ ইতিহাসৰ অন্যতম বিফল দল হিচাপে বিবেচিত হোৱা প্ৰীতি জিন্টাৰ পঞ্জাব কিংছ দলে বিগত দহটা ছিজনত প্লে’ অফত প্ৰৱেশ কৰিব পৰা নাই। এনে ব্যৰ্থতাক লৈ যোৱা ছিজনত তেওঁ এক বিবৃতিত উল্লেখ কৰিছিল যে তেওঁৰ দলত ভাল খেলুৱৈৰ অভাৱ নাই, মাত্ৰ এজন নেতাৰ প্ৰয়োজন।

পঞ্জাৱে যে দলৰ বাবে এগৰাকী অধিনায়কৰ সন্ধান চলাই আছে সেয়া প্ৰীতি জিণ্টাৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছিল। অৱশ্যে ৰোহিত শৰ্মাক চুক্তিবদ্ধ কৰাৰ ক্ষেত্ৰত পঞ্জাৱ কিংছৰ সমুখত আছে দুটা বাধা। প্ৰথমতে, মুম্বাই ত্যাগ কৰি ৰোহিত শৰ্মা নিলামৰ মেজলৈ আহিব লাগিব আৰু দ্বিতীয়তে পঞ্জাব কিংছৰ হাতত ৰোহিত শৰ্মাক ক্ৰয় কৰিবলৈ যথেষ্ট ধন থাকিব লাগিব।

উল্লেখ্য যে শেহতীয়াকৈ পঞ্জাব কিংছৰ ক্ৰিকেট উন্নয়নৰ মুৰব্বী সঞ্জয় বাংগাৰে এক প’ডকাষ্টত ৰোহিত শৰ্মাক সম্ভৱ হ’লে দলত অন্তৰ্ভুক্ত কৰাৰ ইংগিত দিছিল। তেওঁ মন্তব্য কৰিছিল যে যদি ৰোহিত নিলামলৈ আহে তেন্তে তেওঁৰ বিড নিশ্চিতভাৱে যথেষ্ট বেছি হ’ব। এতিয়া সেই সময়ত ৰোহিত কিনিবলৈ ফ্ৰেঞ্চাইজিৰ ইমান টকা বাকী থাকে নে নাথাকে সেয়া হ’ব লক্ষণীয়।

উল্লেখ্য যে আই পি এলৰ ইতিহাসত মহেন্দ্ৰ সিং ধোনীৰ দৰেই ৰোহিত শৰ্মাও এগৰাকী সফলতম অধিনায়ক হিচাপে বিবেচিত হৈছে। ৰোহিতৰ নেতৃত্বতে মুম্বাই ইণ্ডিয়াঞ্চে ৫ বাৰকৈ আই পি এলৰ খিতাপ জয় কৰিছে। ইয়াৰ পিছতো গত সংস্কৰণত ফ্ৰেঞ্চাইজিটোয়ে তেওঁক অধিনায়ক পদৰ পৰা আঁতৰাই তেওঁৰ স্থানত হাৰ্দিক পাণ্ডিয়াক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...