IND vs PAK, U19 Asia Cup Final: আকৌ সমুখ সমৰত ভাৰত-পাকিস্তান, ফাইনেলত জয় হ’লে ভাৰতীয় দলে ট্ৰফী গ্ৰহণ কৰিবনে?
আজি ১৯ অনুৰ্ধ এছিয়া কাপৰ ফাইনেল। আকৌ সমুখ সমৰত ভাৰত-পাকিস্তান। এতিয়া প্ৰশ্ন হয় ভাৰত জয়ী হ’লে কি হ’ব? ৮৪ দিনৰ আগৰ দৰেই পৰিস্থিতি থাকিবনে নে কাহিনী কিছু সলনি হ’ব?

১৯ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ অন্তিমখন খেল ২১ ডিচেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব। এতিয়া প্ৰশ্ন হয় ভাৰত জয়ী হ’লে কি হ’ব? ৮৪ দিনৰ আগৰ দৰেই পৰিস্থিতি থাকিবনে নে কাহিনী কিছু সলনি হ’ব? ইয়াত প্ৰশ্নটো হৈছে এছিয়া কাপৰ ট্ৰফী ল’ব নে নলয়। ৮৪ দিন পূৰ্বে ২০২৫ চনৰ ২৮ ছেপ্টেম্বৰত ছিনিয়ৰ দলৰ মাজত অনুষ্ঠিত এছিয়া কাপৰ অন্তিমখন খেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতে ট্ৰফী লাভ কৰিছিল। অৱশ্যে ভাৰতীয় দলটোৱে ট্ৰফী গ্ৰহণ নকৰিলে। আজিও সেই ট্ৰফী ডুবাইস্থিত এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুখ্য কাৰ্যালয়ত আছে।
২০২৫ চনৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত ভাৰত আৰু পাকিস্তানে দ্বিতীয়বাৰৰ বাবে মুখামুখি হ’ব। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ত দুয়োটা দলৰ মাজত সংঘৰ্ষ হৈছিল, য’ত ভাৰতীয় খেলুৱৈয়ে পাকিস্তানী খেলুৱৈৰ সৈতে কৰমৰ্দন কৰা নাছিল। ফাইনেলতো কৰমৰ্দন নকৰাৰ সম্ভাৱনা আছে। কিন্তু ভাৰতীয় দলে জয়ী হ’লে ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব নেকি? প্ৰশ্নটো ৰৈ গৈছে কাৰণ ইয়াত কেৱল মহছিন নাকৱীয়েহে ট্ৰফী প্ৰদান কৰিব পাৰিব।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা ভাৰত-পাকিস্তান ছিনিয়ৰ এছিয়া কাপৰ ফাইনেলত জয়ৰ হোৱাৰ পিছত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে মহছিন নাকৱীৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে। মহছিন নাকৱী যদি কেৱল এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি হ’লহেঁতেন তেন্তে ঠিকেই হ’লহেঁতেন। অৱশ্যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হোৱাৰ উপৰিও তেওঁ পাকিস্তান চৰকাৰৰ মন্ত্ৰীও আছিল। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সূৰ্যকুমাৰ যাদৱে কোনো পাকিস্তানী বা তাত থকা কোনো মন্ত্ৰীৰ পৰা ট্ৰফী গ্ৰহণ কৰিব বিচৰা নাছিল। এই সিদ্ধান্তত সমগ্ৰ দলটোৱে নিজৰ অধিনায়কক সমৰ্থন কৰিছিল আৰু ট্ৰফী গ্ৰহণ নকৰিলে।
ক্ৰিকেটক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে আইচিচিয়ে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আই চি চিয়ে ভাৰত আৰু পাকিস্তানক এই খেলৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ নিৰ্দেশ দিছে। কিন্তু গ্ৰুপ পৰ্যায়ৰ খেলখনৰ সময়ত ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ খেলুৱৈসকলে নিজৰ ছিনিয়ৰক সন্মান জনাই পাকিস্তানী খেলুৱৈসকলৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাৰ ধৰণটো দেখাৰ পিছত এই প্ৰশ্নটো নিশ্চিতভাৱে গভীৰ হৈ পৰিছে যে, তেওঁলোকে নিজৰ ছিনিয়ৰসকলক অনুসৰণ কৰি এছিয়া কাপৰ ট্ৰফী গ্ৰহণ নকৰিব নেকি?