বাৰ্তা স্পষ্ট, নগলে হৃদয়! স্থিতিত অটল সূৰ্য, টছৰ সময়তে পুনৰ এবাৰ অপমানিত পাকিস্তান

পাকিস্তানৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ জয়ৰ পিছত অধিনায়ক সূৰ্যই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ লগতে নিৰাপত্তা বাহিনীৰ বাবে এই জয় উৎসৰ্গা কৰে। তেওঁ লগতে সুযোগ লাভ কৰিলেই নিৰাপত্তা বাহিনীৰ মুখত হাঁহি ফুটাই তোলাৰ কাৰণ দিব বুলিও উল্লেখ কৰিছিল।

বাৰ্তা স্পষ্ট, নগলে হৃদয়! স্থিতিত অটল সূৰ্য, টছৰ সময়তে পুনৰ এবাৰ অপমানিত পাকিস্তান

ভাৰত বনাম পাকিস্তান মেচ

Updated On: 

21 Sep 2025 22:10 PM

পুনৰ এবাৰ ২২ গজত মুখামুখি হৈছে ভাৰত আৰু পাকিস্তান। এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ পৰ্যায়ৰ দ্বিতীয়খন মেচত দুয়োটা দলে আজি প্ৰতিদ্বন্দিতাত নামিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত প্ৰথমে বেটিং কৰিছে পাকিস্তানে। উল্লেখ্য যে চলিত এই প্ৰতিযোগিতাখনত আজি দ্বিতীয়বাৰৰ বাবে মুখামুখি হৈছে দুয়োটা দল। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়তো পাকিস্তানৰ মুখামুখি হৈছিল ভাৰত। উক্ত মেচখনত দেখা গৈছিল কিছু বিশেষ দৃশ্য। ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ।

সাধাৰণতে মেচৰ টছৰ সময়ত দুয়ো দলৰ অধিনায়কে কৰমৰ্দন কৰে। কিন্তু ভাৰত-পাকিস্তানৰ প্ৰথম মেচখনৰ সময়ত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাক কৰমৰ্দনৰ পৰা বিৰত আছিল। মেচৰ পিছতো দেখা গৈছিল অনুৰূপ দৃশ্য। আত্মপক্ষ সমৰ্থনত সূৰ্যকুমাৰ যাদৱে স্পষ্ট কৰি দিছিল দেশৰ প্ৰতি থকা স্থিতি।

এই গ্ৰুপ মেচখনৰ দৰেই এতিয়া ছুপাৰ-৪ৰ মেচখনতো দেখা গ’ল এক দৃশ্য। আজিৰ মেচৰ টছৰ সময়ত সূৰ্যকুমাৰ যাদৱে দলৰ খেলুৱৈৰ তালিকা আম্পায়াৰৰ হাতত তুলি দিয়ে আৰু তাৰ পিছতে নিৰ্দিষ্ট কাৰ্য সমাপনৰ পিছত ড্ৰেছিং ৰুমলৈ ৰাওনা হয়। এই সময়ছোৱাত সূৰ্যই পাকিস্তানী অধিনায়ক ছলমান আলী আঘালৈ লক্ষ্যও কৰা নাছিল।

সাধাৰণতে টছৰ সময়ত দুয়োটা দলৰ অধিনায়কে হাত মিলাই দিয়ে, যিটো ক্ৰীড়াবিদ্যাৰ পৰম্পৰাগত চিন। কিন্তু দুয়োখন দেশৰ মাজত অসুবিধাজনক সম্পৰ্কৰ বাবে এই দলসমূহৰ অধিনায়কসকলে একেৰাহে দ্বিতীয়বাৰৰ বাবে হাত মিলাব পৰা নাই। এই ঘটনাৰ ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে।

উল্লেখ্য যে ২২ এপ্ৰিলত সংঘটিত হোৱা পহলগাম আক্ৰমণ আৰু ৭ মে’ত আৰম্ভ হোৱা অপাৰেচন সেন্দূৰৰ পিছত দুয়োটা ক্ৰিকেট দল প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত মুখামুখি হৈছে। পাকিস্তানৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ জয়ৰ পিছত অধিনায়ক সূৰ্যই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ লগতে নিৰাপত্তা বাহিনীৰ বাবে এই জয় উৎসৰ্গা কৰে।

তেওঁ লগতে সুযোগ লাভ কৰিলেই নিৰাপত্তা বাহিনীৰ মুখত হাঁহি ফুটাই তোলাৰ কাৰণ দিব বুলিও উল্লেখ কৰিছিল। টছৰ সময়ত এয়া পুনৰবাৰ স্পষ্ট কৰি দিছে সূৰ্যকুমাৰ যাদৱে। এতিয়া মেচত জয়েৰে এই স্থিতি স্বাভাৱিকতেই মজবুত কৰি তুলিব বিচাৰিব ভাৰতীয় দলে।

খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!