ভাৰতৰ দৰ্প চূৰ্ণ কৰি পুনেত ইতিহাস নিউজিলেণ্ডৰঃ ভংগ ভাৰতৰ ১২ বছৰীয়া ধাৰা

পুনেত টেষ্টতো ভাৰতক সহজে পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰাই নহয়, ভাৰতৰ ভূমিত ঐতিহাসিক শৃংখলা জয় কৰিছে নিউজিলেণ্ডে। এইদৰে নিউজিলেণ্ডে ভাৰতক প্ৰথমবাৰৰ বাবে নিজৰ ঘৰতে টেষ্ট শৃংখলাত পৰাস্ত কৰাৰ অনন্য সাফল্য অৰ্জন কৰে।

ভাৰতৰ দৰ্প চূৰ্ণ কৰি পুনেত ইতিহাস নিউজিলেণ্ডৰঃ ভংগ ভাৰতৰ ১২ বছৰীয়া ধাৰা

নিউজিলেণ্ডৰ ঐতিহাসিক টেষ্ট শৃংখলা জয়

Published: 

26 Oct 2024 | 06:02 PM

ঘৰুৱা ভূমিতে দৰ্প চূৰ্ণ হ’ল ক্ৰিকেট বিশ্বত দপদপনি তুলি থকা ভাৰতীয় ক্ৰিকেট দলৰ। ভ্ৰমণকাৰী নিউজিলেণ্ডৰ সমুখত নিৰ্লজ্জ আত্মসমৰ্পণেৰে আজি ভাৰতীয় দলে নিজ ভূমিতে হেৰুৱাইছে টেষ্ট শৃংখলা। তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাৰ আজি পুনেত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টতো ভাৰতক সহজে পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰাই নহয়, ভাৰতৰ ভূমিত ঐতিহাসিক শৃংখলা জয় কৰিছে। এইদৰে ভাৰতক প্ৰথমবাৰৰ বাবে নিজৰ ঘৰতে টেষ্ট শৃংখলাত পৰাস্ত কৰিছে নিউজিলেণ্ডে। সমান্তৰালকৈ ভংগ হৈছে টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ এক ঐতিহাসিক ধাৰা।

পুনে টেষ্টত পৰাজয়ৰ লগে লগে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতৰ ১২ বছৰীয়া অনন্য জয়ৰ ধাৰা ভংগ হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় দল ২০১২-১৩ চনত ইংলেণ্ডৰ বিপক্ষে অন্তিমবাৰ টেষ্ট শৃংখলাত পৰাস্ত হৈছিল। তেতিয়াৰ পৰাই ঘৰুৱা মাটিত ভাৰতীয় দলৰ আধিপত্য অব্যাহত আছিল। এই সময়ছোৱাত ভাৰতীয় দলে একেলগে ১৮টা টেষ্ট শৃংখলা জয় কৰিছিল যদিও আজি নিউজিলেণ্ডে এই জয়ৰ ধাৰা ৰুদ্ধ কৰে। একে সময়তে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘৰুৱা মাটিত চতুৰ্থখন টেষ্টত পৰাস্ত হৈছে।

এইদৰে ৰোহিত সৰ্বাধিক ঘৰুৱা টেষ্টত পৰাস্ত হোৱা ভাৰতীয় অধিনায়কৰ ক্ষেত্ৰত যৌথভাৱে দ্বিতীয়জন অধিনায়ক হিচাপে পৰিগণিত হৈছে। এই মেচখনত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু দলটোৱে প্ৰথম ইনিংছত ২৫৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলে প্ৰথম ইনিংছত মাত্ৰ ১৫৬ ৰানহে সংগ্ৰহ কৰিছিল। ইয়াৰ পাছত নিউজিলেণ্ডে দ্বিতীয় ইনিংছত ২৫৫ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলৰ সমুখত ৩৫৯ ৰানৰ কঠিন লক্ষ্য বান্ধি দিয়ে।

কিৱি স্পিন বলিং আক্ৰমণৰ সমুখত দিশহাৰা হৈ পৰা ভাৰতীয় বেটিং আপ এই লক্ষ্য অতিক্ৰমত চূড়ান্তৰূপে ব্যৰ্থ হয়। কিৱি দলৰ সমুখত একমাত্ৰ ভাৰতীয় বেটাৰ ৰূপে কিছু প্ৰতিৰোধ গঢ়ি তুলি ৭৭ ৰান সংগ্ৰহ কৰে। দলৰ আন বেটাৰসকলৰ ব্যৰ্থতাৰ পৰিণতিত ভাৰতে মাত্ৰ ২৪৫ ৰানত দ্বিতীয় ইনিংছ সামৰি ১১৩ ৰানত পৰাজয় স্বীকাৰ কৰে।ভাৰতীয় দলৰ এই লজ্জাজনক পৰাজয়ৰ মূল কাৰণ হৈ পৰে নিউজিলেণ্ডৰ তাৰকা স্পিনাৰ মিচেল চাণ্টনাৰ।

মেচখনৰ প্ৰথম ইনিংছত ৫৩ ৰানৰ বিনিময়ত ৭টাকৈ উইকেট দখল কৰা চাণ্টনাৰে দ্বিতীয় ইনিংছতো ভাৰতীয় ইনিংছত ত্ৰাসৰ সৃষ্টি কৰি ৬টা উইকেট দখল কৰে। টেষ্টখনত মুঠ ১৩ টাকৈ উইকেট দখলেৰে ভাৰতৰ মুখৰ পৰা প্ৰায় অকলেই জয় কাঢ়ি নিয়ে চাণ্টনাৰে। পুনে টেষ্টত পৰাজয়ৰ পিছত ১ নৱেম্বৰৰ পৰা মুম্বাইত শৃংখলাৰ অন্তিমখন মেচত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...