ভাৰত নে ইংলেণ্ড! অভেল টেষ্টত ভাৰত জয়ী হ’লে কাৰ হাতত থাকিব এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী?

ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলা ১-২ ব্যৱধানত পিছ পৰি আছে ভাৰত। পিছে অভেলত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ অন্তিম মেচত যদি ভাৰত জয়ী হয় আৰু শৃংখলা ২-২ ব্যৱধানত ড্ৰ হয়, তেতিয়া কাৰ হাতলৈ যাব এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী?

ভাৰত নে ইংলেণ্ড! অভেল টেষ্টত ভাৰত জয়ী হ’লে কাৰ হাতত থাকিব এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী?

কাৰ হাতলৈ যাব এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী!

Published: 

29 Jul 2025 | 04:01 PM

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ ইতিমধ্যে খন মেচ সম্পন্ন হৈছে এতিয়া এই শৃংখলাৰ অন্তিমখন মেচ অহা ৩১ জুলাইৰ পৰা লণ্ডনৰ কেনিংটন অভেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। অভেলৰ এই মেচখন শৃংখলাৰ ফলাফল নিৰ্ণায়ক মেচ এইপৰ্যন্ত শৃংখলাৰ চাৰিখন মেচৰ দুখনত জয়ৰ সূত্ৰে ঘৰুৱা দল ইংলেণ্ড ব্যৱধানত আগবাঢ়ি আছে গতিকে ইংলেণ্ডৰ এতিয়া এই শৃংখলা হেৰুওৱাৰ কোনো শংকা নাই তাৰ পৰিৱৰ্তে অভেল টেষ্টত জয় অনিবাৰ্য ভাৰতৰ বাবে এই মেচখন ড্ৰ লে বা পৰাস্ত লেই শৃংখলা হেৰুৱাব ভাৰতে

ইংলেণ্ডৰ বিপক্ষে এই শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰিছে শুভমন গিলে গিল নেতৃত্বাধীন যুৱ ভাৰতীয় দলটোৱে এইপৰ্যন্ত শৃংখলাত উন্নত প্ৰদৰ্শন দাঙি ধৰা বুলিয়েই লাগিব এডজবাষ্টন টেষ্টত সহজ জয়ৰ বিপৰীতে ভাৰতে লীডছ আৰু লৰ্ডছ টেষ্টত জয়ৰ সুযোগ পায়ো ব্যৰ্থ হৈছিল

আনহাতে মানচেষ্টাৰত অনুষ্ঠিত চতুৰ্থ টেষ্টখনো দৰ্শনীয় প্ৰত্যাৱৰ্তনেৰে ড্ৰ ৰাখিবলৈ সক্ষম হৈছিল ভাৰতীয় দল এতিয়া অভেলত জয়েৰে শৃংখলাত সমতা স্থাপন কৰিব বিচাৰিব গিল বাহিনীয়ে পিছে যদি এই মেচখনত ভাৰত জয়ী হয় আৰু শৃংখলা ব্যৱধানত ড্ৰ হয়, তেতিয়া কাৰ হাতলৈ যাব এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী? এয়া স্বাভাৱিকতেই এক বিশেষ প্ৰশ্ন

উল্লেখ্য যে ভাৰত বনাম ইংলেণ্ডৰ এই শৃংখলা প্ৰথমে পাটাউডি ট্ৰফী হিচাপে পৰিচিত আছিল পিছে এইবাৰ শৃংখলা আৰম্ভ হোৱাৰ আগে আগে এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী নামেৰে নামকৰণ কৰা হয় এতিয়া অভেল টেষ্টৰ পিছত যদি শৃংকলা ড্ৰ ৰূপে সমাপ্ত হয়, তেতিয়া যদি এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী ইংলেণ্ডতে থাকিব নে ভাৰতীয় দলৰ হাতলৈ আহিব? চাওঁ আহক এই নিয়ম

সাধাৰণতে এই দ্বিপাক্ষিক শৃংখলা ড্ৰ লে ট্ৰফীটো বিগতবাৰৰ দলটোৰ হাততে থাকে এতিয়া এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী নামেৰে পৰিচিত পূৰ্বৰ পাটাউডি ট্ৰফী অন্তিমবাৰৰ বাবে ২০২১-২২ চনত অনুষ্ঠিত হৈছিল। বিগত বাৰৰ এই শৃংখলাত ড্ৰ ৰূপে সামৰণি মাৰিছিল ভাৰত আৰু ইংলেণ্ড দলে

আনহাতে তাৰ পূৰ্বে ২০১৮ চনত এই শৃংখলা অনুষ্ঠিত হৈছিল উক্ত শৃংখলাটোত ভাৰতক ইংলেণ্ডে ৪-১ ব্যৱধানত পৰাস্ত কৰিছিল। তেতিয়াৰ পৰা এই ট্ৰফী ইংলেণ্ডৰ সৈতে আছে গতিকে এইবাৰো যদি শৃংখলা ড্ৰ হয়, তেতিয়া ইংলেণ্ডৰ হাততে থাকিব এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...