‘ৰোকো’ যুটিৰ প্ৰত্যাৱৰ্তনত ঘটিব বিলম্ব! পাৰ্থৰ পৰা অনুৰাগীৰ সমুখত হতাশাৰ ডাৱৰ
অষ্ট্ৰেলিয়াৰ বিপক্ষে প্ৰথমখন এদিনীয়াৰ জৰিয়তে প্ৰায় ৭ মাহৰ পিছত দুই জ্যেষ্ঠ তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ভাৰতীয় দলৰ হৈ খেলপথাৰত নমাৰ সম্ভাৱনা আছে। পিছে এই প্ৰতীক্ষাৰ প্ৰাকক্ষণত অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ।

ৰোহিত শৰ্মা আৰু বিৰাট কোহলী
অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বহু প্ৰত্যাশিত এদিনীয়া শৃংখলা। শৃংখলাৰ প্ৰথমখন মেচ পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই মেচখন ভাৰতীয় ক্ৰিকেট দল তথা অনুৰাগীৰ বাবে হৈ পৰিছে বিশেষ। কিয়নো এই মেচখনৰ জৰিয়তেই প্ৰায় ৭ মাহৰ পিছত দুই জ্যেষ্ঠ তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ভাৰতীয় দলৰ হৈ খেলপথাৰত নমাৰ সম্ভাৱনা আছে। লগতে প্ৰথমবাৰৰ বাবে এদিনীয়া দলৰ অধিনায়ক হিচাপে দেখা যাব শুভমন গিলক।
অনুৰাগীৰ প্ৰতীক্ষাত ডাৱৰ
পিছে এই প্ৰতীক্ষাৰ প্ৰাকক্ষণত অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচত বৰষুণৰ বাধাৰ সম্ভাৱনাই দেখা দিছে। একুৱেডাৰৰ তথ্য অনুসৰি দেওবাৰে পাৰ্থত বৰষুণৰ সম্ভাৱনা প্ৰায় ৬৩ শতাংশ। স্থানীয় সময় অনুসৰি পুৱা ১১:৩০ বজাত অৰ্থাৎ ভাৰতীয় সময় অনুসৰি পুৱা ৯ বজাৰ পৰা মেচখন আৰম্ভ হ’ব।
অৱশ্যে খেলখনৰ প্ৰাৰম্ভিক পৰ্যায়ত বৰষুণৰ সম্ভাৱনা ৫০-৬০ শতাংশ। এনে পৰিস্থিতিত বৰষুণে মেচখনত প্ৰভাৱ পেলাব পাৰে। যদি বৰষুণৰ প্ৰভাৱত মেচখন বাতিল কৰিবলগা হয়, তেতিয়া অনুৰাগীয়ে ৰোহিত আৰু বিৰাটৰ প্ৰত্যাৱৰ্তনৰ বাবে আৰু অধিক সময় অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।
৯ বছৰৰ পিছত দেখা যাব এনে
২০২১ চনত ৰোহিত শৰ্মাই বিৰাট কোহলীৰ স্থানত এদিনীয়া অধিনায়ক হিচাপে দায়িত্ব লয়। তাৰ পূৰ্বে বিৰাটে দীৰ্ঘদিন ধৰি এই দায়িত্ব পালন কৰিছিল। এতিয়া সুদীৰ্ঘ ৯ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে আন অধিনায়কৰ তত্বাৱধানত খেলুৱৈ হিচাপে খেলিব। ইয়াৰ পূৰ্বে ২০১৬ চনত ধোনীৰ নেতৃত্বত দুয়ো খেলুৱৈ হিচাপে খেলপথাৰত নামিছিল।
লক্ষণীয়ভাৱে এই খেলপথাৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে এদিনীয়া মেচ খেলিব। এই খেলপথাৰত অষ্ট্ৰেলিয়াই ৩খন মেচ খেলিছে। পিছে আটাইকেইখনতে পৰাস্ত হৈছে ঘৰুৱা দলটো। ভাৰতীয় দলৰ বাবে এয়া নিতান্তই ভাল খবৰ। অৱশ্যে অষ্ট্ৰেলিয়াত ঘৰুৱা দলটোৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ অত্যন্ত দুৰ্বল। ভাৰতে ৫৪খন মেচৰ ভিতৰত মাত্ৰ ১৪খনতহে জয়লাভ কৰাৰ বিপৰীতে ৩৮খনত পৰাস্ত হৈছে।