IND vs AUS 1st T20 Live Streaming: আজিৰে পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ ছিৰিজ, কেতিয়া, ক’ত আৰু কেনেকৈ চাব পাৰিব এই মেচ?
IND vs AUS: আজিৰে পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খনীয়া খেলৰ টি-২০ শৃংখলা। এই ছিৰিজত ভাৰতীয় দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিৰিজৰ সকলো স্কোয়াড, টেলিকাষ্ট আৰু ষ্ট্ৰীমিংৰ সবিশেষ চাওক।

আজিৰে পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ ছিৰিজ
India vs Australia Live Streaming, 1st T20I Match Start Time: আজিৰে পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খনীয়া খেলৰ টি-২০ শৃংখলা আৰম্ভ হ’ব। ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগা এই ছিৰিজত ভাৰতীয় দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। কেনবেৰাত টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ওলোৱা টি-২০ শৃংখলাত অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱৰ প্ৰথমটো প্ৰকৃত পৰীক্ষা। পাৱাৰপ্লেৰ ভিতৰত জ’ছ হেজলউডৰ বিৰুদ্ধে অভিষেক শৰ্মা আৰু শুভমন গিলৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।
এছিয়া কাপ ২০২৫ৰ জয়ৰ পিছত ভাৰতে এই শৃংখলালৈ অহাৰ বিপৰীতে শেহতীয়াকৈ অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডক টি-২০ শৃংখলাত পৰাস্ত কৰিছে। অহা বছৰৰ আৰম্ভণিতে ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া মাৰ্কিন টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলে নিজৰ দক্ষতাক সূক্ষ্মভাৱে উন্নত কৰিবলৈ চেষ্টা কৰিব।
নিউজিলেণ্ডৰ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই আঘাতপ্ৰাপ্ত অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে প্ৰথম দুখন টি-২০ৰ অংশ নহ’ব। তেওঁ কেৱল শেষৰ তিনিখন টি-২০ৰ বাবেহে উপলব্ধ হ’ব। ইফালে ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ২-১ পইণ্টত জয়লাভ কৰা তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত খেলিব নোৱাৰাৰ পিছত পুনৰ খেলপথাৰলৈ আহিছে যশপ্ৰীত বুমৰাহ।
স্কোয়াড:
ভাৰত: সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক বৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমচন, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ।
অষ্ট্ৰেলিয়া: মিচেল মাৰ্ছ (অধিনায়ক), শ্বেন এবট (games 1-3), জেভিয়াৰ বাৰ্টলেট, মাহলী বিয়াৰ্ডমেন (গেম ৩-৫), টিম ডেভিদ, বেন ড্ৱাৰ্শ্বুইছ (গেম ৪-৫), নাথান এলিছ, জোছ হেজলউড (গেম ১-২), গ্লেন মেক্সৱেল (গেম ৩-৫), ট্ৰেভিছ হেড, জোছ ইংলিছ, মেথিউ কুহনেমেন, মিচেল ওৱেন, জোছ ফিলিপ (wk), মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া ১ম টি-২০ আইৰ সকলো ষ্ট্ৰীমিং আৰু টেলিকাষ্টৰ সবিশেষ ইয়াত দিয়া হ’ল:
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টি-২০ কেতিয়া হ’ব?
২৯ অক্টোবৰ, বুধবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচ দুপৰীয়া ১:৪৫ বজাত অনুষ্ঠিত হ’ব। টছ অনুষ্ঠিত হ’ব ১:১৫ বজাত ।
ক’ত অনুষ্ঠিত হ’ব?
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টি-২০ কেনবেৰাৰ মানুকা অ’ভেলত অনুষ্ঠিত হ’ব ।
কোনবোৰ চেনেলে টেলিকাষ্ট কৰিব?
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই মেচৰ লাইভ টেলিকাষ্ট হ’ব ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত।
লাইভ ষ্ট্ৰীমিং উপলব্ধ ক’ত হ’ব?
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টি-২০ জিঅ’হটষ্টাৰ এপ আৰু ৱেবছাইটত লাইভ প্ৰচাৰ কৰা হ’ব।