অন্ত পৰিল বছৰজোৰা খৰাংঃ ৱেষ্ট ইণ্ডিজক ক্লীন ছুইপ কৰি ব্যথা দূৰ ভাৰতৰ, গম্ভীৰলৈ জন্মদিনৰ উপহাৰ

এই জয় ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ বাবেও হৈ পৰিছে বিশেষ। কিয়নো অধিনায়ক হিচাপে দায়িত্ব লাভৰ পিছত গিলৰ এয়া প্ৰথমটো টেষ্ট শৃংখলা জয়। ইয়াৰ সমান্তৰালকৈ এই শৃংখলা জয়েৰে ভাৰতীয় দলে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক জন্মদিনৰ উপহাৰ আগবঢ়ায়।

অন্ত পৰিল বছৰজোৰা খৰাংঃ ৱেষ্ট ইণ্ডিজক ক্লীন ছুইপ কৰি ব্যথা দূৰ ভাৰতৰ, গম্ভীৰলৈ জন্মদিনৰ উপহাৰ

ভাৰতৰ শৃংখলা জয়

Published: 

14 Oct 2025 | 11:51 AM

আহমেদাবাদত প্ৰথম টেষ্ট জয়ৰ পিছত অপ্ৰতিৰোধ্য গতিৰে দিল্লী টেষ্টতো জয়েৰে দুখন মেচৰ টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজক ক্লিন ছুইপ কৰিছে ভাৰতে আজি দ্বিতীয় টেষ্টৰ অন্তিম দিনা ভাৰতে প্ৰথমটো চেছনতে উইকেটত জয়লাভ কৰে এইদৰে কেৰিবিয়ান বাহিনীৰ বিপক্ষে টেষ্টত নিজৰ আধিপত্য অব্যাহত ৰাখিছে ভাৰতে এই জয় ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ বাবেও হৈ পৰিছে বিশেষ কিয়নো অধিনায়ক হিচাপে দায়িত্ব লাভৰ পিছত গিলৰ এয়া প্ৰথমটো টেষ্ট শৃংখলা জয়

ইয়াৰ সমান্তৰালকৈ এই শৃংখলা জয়েৰে ভাৰতীয় দলে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক জন্মদিনৰ উপহাৰ আগবঢ়ায় দিল্লী টেষ্টত জয়ৰ লগে লগে ভাৰতে সুদীৰ্ঘ ৩৭৮ দিনৰ পাছত প্ৰথমটো টেষ্ট শৃংখলাত জয়ৰ সোৱাদ পাইছে। বিগত বৰ্ষৰ ১ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে অন্তিমটো টেষ্ট শৃংখলা জয় কৰিছিল।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি অপেনাৰ যশস্বী জয়ছোৱালৰ ১৭৫ ৰান আৰু অধিনায়ক শুভমন গিলৰ ১২৯ ৰানৰ শতকীয় ইনিংছৰ লগতে ছাই সুদৰ্শনৰ ৮৭ ৰানৰ সহায়ত ৫১৮ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰিছিল

ভাৰতীয় দলৰ এই বিশাল স্কৰৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ২৪৮ ৰানতে প্ৰথম ইনিংছ সামৰি ফ’ল’ অ’ন কৰিবলৈ বাধ্য হয় অৱশ্যে দ্বিতীয় ইনিংছত কিছু যুঁজ দি ৱেষ্ট ইণ্ডিজে ৩৯০ ৰান সংগ্ৰহ কৰি ভাৰতৰ সমুখত ১২১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। এই প্ৰত্যাৱৰ্তনৰ মূলতে আছিল দলটোৰ অপেনাৰ জন কেম্পবেল আৰু শ্বাই হোপৰ শতক

কেম্পবেলে ১১৫ আৰু হোপে ১০৩ ৰান সংগ্ৰহ কৰিলেও অৱশ্যে দলটোৰ আন বেটাৰসকল ব্যৰ্থ হয় আৰু ৩৯০ ৰানত ইনিংছ সামৰে জয়ৰ বাবে ১২১ ৰানৰ সহজ লক্ষ্য ভাৰতে ৩টা উইকেট হেৰুৱাই অতিক্ৰম কৰে ৰাহুলে ৫৮ ৰান সংগ্ৰহ কৰি অপৰাজিত থকাৰ বিপৰীতে সুদৰ্শনে ৩৯ ৰান সংগ্ৰহ কৰে

ভাৰতৰ হৈ কুলদীপ যাদৱে মেচৰ প্ৰথম ইনিংছত ৫টা আৰু দ্বিতীয় ইনিংছত ৮টা উইকেট দখল কৰে এনে প্ৰদৰ্শনৰ বাবে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় আনহাতে শৃংখলাটোত মুঠ ১০ ৰান সংগ্ৰহ কৰাৰ লগতে ৮টা উইকেট দখল কৰা ৰবীন্দ্ৰ জাদেজাই লাভ কৰে শৃংখলাৰ শ্ৰেষ্ট খেলুৱৈৰ বঁটা

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...