এছিয়া কাপত অব্যাহত ভাৰতৰ অপ্ৰতিৰোধ্য গতিঃ জাপানক পৰাস্ত কৰি লভিলে ক্ৰমাগত দ্বিতীয় জয়ৰ সোৱাদ

মেচখনত প্ৰাৰম্ভিক অৱস্থাত ভাৰতীয় দলে এক আগ্ৰাসী শৈলীৰে চাপত ৰাখিছিল জাপানক। মাত্ৰ ৫ মিনিটতে দুটাকৈ গ’ল স্পৰ্শ কৰি ভাৰতে জাপানক শলঠেকত পেলায়। এনে অৱস্থাত মেচখন একপক্ষীয় হৈ উঠাৰ সম্ভাৱনাই গা কৰি উঠিছিল। কিন্তু ইয়াৰ পিছতে জাপানে প্ৰত্যাৱৰ্তন ঘটাই মেচৰ গতি আকৰ্ষণীয় কৰি তোলে।

এছিয়া কাপত অব্যাহত ভাৰতৰ অপ্ৰতিৰোধ্য গতিঃ জাপানক পৰাস্ত কৰি লভিলে ক্ৰমাগত দ্বিতীয় জয়ৰ সোৱাদ

জাপানক পৰাস্ত কৰিলে ভাৰতে

Updated On: 

31 Aug 2025 | 09:20 PM

এছিয়া কাপ ২০২৫ত অপ্ৰতিৰোধ্য গতি অব্যাহত আছে ভাৰতীয় হকী দলৰ। বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনত আজি ক্ৰমাগত দ্বিতীয় জয়ৰ সোৱাদ পালে হৰমনপ্ৰীত সিং নেতৃত্বাধীন মেন ইন ব্লুৱে। চীনক পৰাস্ত কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰা ভাৰতে আজি নিজৰ দ্বিতীয়খন মেচত জাপানক পৰাস্ত কৰে। এই মেচখনত ভাৰতে কঠিন প্ৰতিদ্বন্দিতাৰ অন্তত জাপানৰ বিৰুদ্ধে ৩-২ গ’লৰ ব্যৱধানত জয়লাভ কৰি পুল এৰ প্ৰথম স্থান দখল কৰে।

মেচখনত প্ৰাৰম্ভিক অৱস্থাত ভাৰতীয় দলে এক আগ্ৰাসী শৈলীৰে চাপত ৰাখিছিল জাপানক। মাত্ৰ ৫ মিনিটতে দুটাকৈ গ’ল স্পৰ্শ কৰি ভাৰতে জাপানক শলঠেকত পেলায়। এনে অৱস্থাত মেচখন একপক্ষীয় হৈ উঠাৰ সম্ভাৱনাই গা কৰি উঠিছিল। কিন্তু ইয়াৰ পিছতে জাপানে প্ৰত্যাৱৰ্তন ঘটাই মেচৰ গতি আকৰ্ষণীয় কৰি তোলে।

চীনৰ বিৰুদ্ধে প্ৰথম মেচত জয়ৰ নায়ক অধিনায়ক হৰমনপ্ৰীত সিং আজিও দলৰ প্ৰধান কাণ্ডাৰী হৈ পৰে আৰু দলক সমুখৰ পৰা নেতৃত্ব দি দুটাকৈ গ’ল স্ক’ৰ কৰে। ভাৰতক মাত্ৰ ৪ মিনিটতে প্ৰথমটো সফলতা দিয়ে মনদীপ সিঙে। ইয়াৰ পিছতে পঞ্চম মিনিটত অধিনায়ক হৰমনপ্ৰীত সিঙে গ’ল স্ক’ৰ কৰি অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে।

কিন্তু তাৰ পিছতে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায় জাপানে। মেচৰ ৩৮ মিনিটত কোছি কাৱাবিয়ে দলক প্ৰথমটো সফলতা প্ৰদান কৰে আৰু ব্যৱধান ২-১লৈ হ্ৰাস কৰে। ভাৰতীয় দলে অৱশ্যে পুনৰ আক্ৰমণৰ চোক বৃদ্ধি কৰি ৪৬ মিনিটত তৃতীয়টো সফলতা লাভ কৰে। পেনাল্টি কৰ্ণাৰৰ সুযোগ কাৰ্যকৰী কৰি অধিনায়ক হৰমনপ্ৰীতে দিয়ে মেচত নিজৰ দ্বিতীয়টো গ’ল।

কিন্তু ৫৯ মিনিটত কাৱাবীয়ে আন এটা গ’ল স্ক’ৰ কৰি জাপানৰ বাবে কিছু আশাৰ সঞ্চাৰ কৰে। অৱশ্যে ভাৰতীয় দলে ৰক্ষণ শক্তিশালী কৰি জাপানক সমতা স্থাপনত বাধা দিয়ে আৰু ৩-২ ব্যৱধানত বিজয় নিশ্চিত কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে ভাৰতীয় দলে ছুপাৰ-৪ত স্থান লাভ কৰিছে।

উল্লেখ্য যে পুল এত ভাৰতে চীন, জাপান আৰু কাজাখস্তানৰ সৈতে স্থান লাভ কৰিছে। প্ৰথমখন মেচত ভাৰতে চীনক ৪-৩ ব্যৱধানত পৰাস্ত কৰিছিল। এই মেচখনত ভাৰতৰ জয়ৰ নায়ক হিচাপে পৰিগণিত হোৱা হৰমনপ্ৰীত সিঙে হেট্ৰিক অৰ্জন কৰিছিল। এতিয়া কাইলৈ কাজাখস্তানৰ বিৰুদ্ধে গ্ৰুপত নিজৰ অন্তিমখন মেচ খেলিব ভাৰতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...