Virat Kohli: ৰাঁচীত কিং কোহলীৰ বিস্ফোৰক ইনিংছ! ৫২ সংখ্যক শতকেৰে ভাঙিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ

Virat Kohli Century: অষ্ট্ৰেলিয়া ভ্ৰমণত এদিনীয়া শৃংখলাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি অহা বিৰাট কোহলীয়ে আকৰ্ষণীয়তকৈ প্ৰদৰ্শন কৰিব নোৱাৰিলেও ৰাঁচীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত তেওঁ এক উজ্জ্বল শতকেৰে অনুৰাগীসকলক সুখী কৰিছিল।

Virat Kohli: ৰাঁচীত কিং কোহলীৰ বিস্ফোৰক ইনিংছ! ৫২ সংখ্যক শতকেৰে ভাঙিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ

বিৰাট কোহলী

Updated On: 

30 Nov 2025 | 06:45 PM

যেতিয়া বাৰে বাৰে প্ৰশ্ন উত্থাপন হয় আৰু ক্ষমতাক লৈ সন্দেহ কৰা হয়, তেতিয়া উত্তৰ দিয়াৰ এটাই উপায় থাকে: শক্তিশালী প্ৰদৰ্শন। তাৰকা বেটছমেন তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ঠিক তেনেকুৱাই কৰিছে। প্ৰতিখন মেচৰ লগে লগে এদিনীয়া ক্ৰিকেটত কোহলীৰ ভৱিষ্যতক লৈ সন্দেহ কৰা হৈছিল, বিৰাটে এতিয়া নিজৰ বেটেৰে প্ৰত্যুত্তৰ দিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত এক উজ্জ্বল শতকৰে কোহলীয়ে সমালোচক আনকি বি চি চি আইৰ ভিতৰৰ সিদ্ধান্ত গ্ৰহণকাৰীকো উত্তৰ দিছিল।

অষ্ট্ৰেলিয়া ভ্ৰমণত এদিনীয়া শৃংখলাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি অহা বিৰাট কোহলীয়ে আকৰ্ষণীয়তকৈ প্ৰদৰ্শন কৰিব নোৱাৰিলেও ৰাঁচীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত তেওঁ এক উজ্জ্বল শতকেৰে অনুৰাগীসকলক সুখী কৰিছিল। ইতিমধ্যে ৰাঞ্চিৰ জেএছচিএ ক্ৰিকেট ষ্টেডিয়ামত এদিনীয়াত দুটা শতক অৰ্জন কৰা ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে খেলপথাৰত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি তৃতীয়টো শতক অৰ্জন কৰে।

প্ৰথম বেটিং কৰি ভাৰতে চতুৰ্থ অভাৰত অ’পেনাৰ যশস্বী জয়ছৱালৰ উইকেট হেৰুৱাই।  তাৰ পিছতে বিৰাট কোহলীয়ে ইনিংছত প্ৰৱেশ কৰে। লগে লগে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে কোহলীয়ে । এইবাৰ তেওঁ চাৰি আৰু ছয় কোবোৱাত কৰাত মনোনিৱেশ কৰিছিল। অৰ্ধশতকত উপনীত হোৱাৰ আগতে তিনিটা ছয় মাৰিছিল। এই সময়ছোৱাত কোহলীয়ে ৰোহিত শৰ্মাৰ সৈতে ১৩৬ ৰানৰ এক উজ্জ্বল অংশীদাৰিত্ব ভাগ কৰে। অৱশ্যে ৰোহিতৰ আউটৰ পিছত দ্ৰুতগতিত একেৰাহে তিনিটা উইকেট পৰিল যদিও কোহলী ক্ৰীজত থাকিল।

তাৰ পাছত ৩৮ নং অভাৰত কোহলীয়ে চাৰি ৰান কৰি নিজৰ উজ্জ্বল শতক সম্পূৰ্ণ কৰে। কোহলীয়ে ১০২টা বলত ৫২ সংখ্যক এদিনীয়া শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ একক ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰে। টেষ্ট ক্ৰিকেটত ৫১টা শতকৰে সৰ্বাধিক শতক অৰ্জন কৰিছিল শচীনে। কিন্তু এতিয়া কোহলীয়ে ৩০৬খন এদিনীয়াত নিজৰ অভিলেখ ভংগ কৰি ১ নং বেটছমেন হিচাপে পৰিগণিত হৈছে। এইবাৰ কোহলীৰ এয়া দ্বিতীয় শতক। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল।

কোহলীয়ে ডাবল চেঞ্চুৰী কৰাৰ সুযোগ পাইছিল যদিও ভাগৰ আৰু কঁকালৰ বিষে যেন তেওঁক আগুৰি ধৰিছিল, আৰু ৪৩ অভাৰত ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি থকা অৱস্থাত আউট হয়। তথাপিও কোহলীয়ে ৰাঞ্চিৰ দৰ্শকক আমোদ দিছিল, আৰু পেভিলিয়নলৈ উভতি অহাৰ লগে লগে ষ্টেডিয়ামত থকা অনুৰাগীসকলে তেওঁক সম্পূৰ্ণ সন্মান জনাইছিল। কোহলীয়ে ১২০টা বলত ১৩৫ ৰানৰ উজ্জ্বল ইনিংছ খেলে, য’ত ১১টা চাৰি আৰু ৭টা ছয় আছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...