IND vs ENG 2nd Test: টিম ইণ্ডিয়াৰ মূল একাদশ দেখি হতভম্ব ৰবি শাস্ত্ৰী

জিঅ’ হটষ্টাৰৰ সৈতে হোৱা এক বাৰ্তালাপত ৰবি শাস্ত্ৰীয়ে কয় যে মূল একাদশত বুমৰাহক অন্তৰ্ভুক্ত নকৰাটো অতি আচহুৱা কথা। তেওঁ কয় যে এয়া বৰ আচহুৱা সিদ্ধান্ত। যদি বুমৰাহ খেলিবলৈ ফিট আছিল তেন্তে এইটো এটা অদ্ভুত সিদ্ধান্ত।

IND vs ENG 2nd Test: টিম ইণ্ডিয়াৰ মূল একাদশ দেখি হতভম্ব ৰবি শাস্ত্ৰী

ৰবি শাস্ত্ৰী

Published: 

02 Jul 2025 17:38 PM

এজবেষ্টন টেষ্টত টছত পৰাস্ত হৈ টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰে। আৰম্ভণিতেই বিপৰ্যয় টীম ইণ্ডিয়াৰ, মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হয় কে এল ৰাহুল। কিন্তু টছৰ পিছত ৰবি শাস্ত্ৰীয়ে টিম ইণ্ডিয়াক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গ’ল আৰু ইয়াৰ কাৰণ হ’ল গৌতম গম্ভীৰ আৰু শুভমন গিলৰ এক ডাঙৰ সিদ্ধান্ত। আচলতে টিম ইণ্ডিয়াৰ মূল একাদশৰ পৰা যশপ্ৰীত বুমৰাহক বাদ দিছে আৰু ৰবি শাস্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। ৰবি শাস্ত্ৰীয়ে কয় যে যদি যশপ্ৰীত বুমৰাহ এই মেচৰ বাবে ফিট আছিল, তেন্তে তেওঁক এই মেচখন খেলাব লাগিছিল।

কি ক’লে ৰবি শাস্ত্ৰীয়ে?

জিঅ’ হটষ্টাৰৰ সৈতে হোৱা এক বাৰ্তালাপত ৰবি শাস্ত্ৰীয়ে কয় যে মূল একাদশত বুমৰাহক অন্তৰ্ভুক্ত নকৰাটো অতি আচহুৱা কথা। তেওঁ কয়, “এয়া বৰ আচহুৱা সিদ্ধান্ত। যদি বুমৰাহ খেলিবলৈ ফিট আছিল তেন্তে এইটো এটা অদ্ভুত সিদ্ধান্ত। এইখন এখন গুৰুত্বপূৰ্ণ টেষ্ট মেচ। এই মেচত জয় টিম ইণ্ডিয়াৰ বাবে গুৰুত্বপূৰ্ণ। বুমৰাহ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ, কোনো যদি আৰু কিন্তু নাই, বুমৰাহে খেলা উচিত আছিল।”

উল্লেখ্য যে টিম ইণ্ডিয়া প্ৰথম টেষ্টত পৰাস্ত হৈছে আৰু এজবেষ্টনত আজিলৈকে কোনো টেষ্ট মেচত জয়ী হোৱা নাই। এই কাৰণেই শাস্ত্ৰীয়ে এইদৰে মন্তব্য কৰা দেখা গৈছে।

বাছনিৰ বাবে বুমৰাহ উপলব্ধ আছিল

মেচখনৰ এদিন পূৰ্বে টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিলে কয় যে যশপ্ৰীত বুমৰাহ বাছনিৰ বাবে উপযুক্ত। অৱশ্যে বুমৰাহ নেখেলিলেও, ভাৰতৰ হাতত ২০টা উইকেট লোৱাৰ বিকল্প আছে বুলিও তেওঁ কয়। বুমৰাহৰ ঠাইত টীম ইণ্ডিয়াই ছুইং এক্সপাৰ্ট আকাশদ্বীপক সুযোগ দিলে। কেৱল এয়াই নহয়, টিম ইণ্ডিয়াই আৰু দুটা পৰিৱৰ্তন কৰিলে। সাই সুদৰ্শনৰ ঠাইত নীতিশ ৰেড্ডী আৰু শ্বাৰ্দুল ঠাকুৰৰ ঠাইত ৱাশ্বিংটন সুন্দৰে মূল একাদশত স্থান লাভ কৰে। অৰ্শদীপ সিঙে টেষ্টত অভিষেক ঘটোৱাৰ সুযোগ পাব পাৰে বুলি খবৰ ওলাইছিল যদিও সেয়া নহ’ল।

এজবেষ্টন টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ

শুভমন গিল (অধিনায়ক), যশস্বী জয়ছৱাল, কে এল ৰাহুল, কৰুণ নাইৰ, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, আকাশদীপ, ৱাশ্বিংটন সুন্দৰ, প্ৰসিদ্ধ কৃষ্ণ

জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...
নেমুৰ ৰসে আঁতৰাব মুখৰ ক’লা দাগ! কিন্তু কেনেকৈ?