খেল পথাৰত অভৱ্য আচৰণ, আই চি চিৰ ৰোষৰ বলি পাকিস্তানী ক্ৰিকেটাৰ

আউট হোৱাৰ লগে লগে ছিদ্ৰা আমিনে খঙেৰে নিজৰ বেটখনেৰে মাটিত কোব মাৰিলে। এই কাৰ্য আইচিচিৰ চকুত পৰিল আৰু মেচ ৰেফাৰীয়ে ৩৩ বছৰীয়া বেটাৰগৰাকীক শাস্তি দিয়ে।

খেল পথাৰত অভৱ্য আচৰণ, আই চি চিৰ ৰোষৰ বলি পাকিস্তানী ক্ৰিকেটাৰ

ছিদ্ৰা আমিন

Updated On: 

06 Oct 2025 | 09:19 PM

পাকিস্তান ক্ৰিকেটক যেন লগ এৰা নাই বিপদে। পুৰুষ এছিয়া কাপত ফাইনেলকে ধৰি তিনিওখন মেচতে ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছতো আই চি চি মহিলা বিশ্বকাপ ২০২৫তো পাকিস্তানী দলটোৰ প্ৰদৰ্শন হতাশাজনক দেখা গৈছে।

পাকিস্তানী মহিলা দলটোৱে প্ৰতিযোগিতাখনৰ দুয়োখন খেলতে পৰাজয়ৰ সন্মুখীন হৈছে। দ্বিতীয়টো পৰাজয়ৰ মুখামুখি হৈছে টিম ইণ্ডিয়াৰ বিৰুদ্ধে। কিন্তু সেয়াই সকলো নহয়; এই পৰাজয়ৰ পিছত আইচিচিয়ে মেচৰ সময়ত কৰা লজ্জাজনক কাৰ্যৰ বাবে পাকিস্তানী দলৰ তাৰকা বেটাৰ ছিদ্ৰা আমিনক শাস্তি বিহিছে।

৫ অক্টোবৰ দেওবাৰে কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত মহিলা বিশ্বকাপৰ খেলখন অনুষ্ঠিত হয়। ভাৰতীয় দলটোৱে পাকিস্তানক ২৪৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

কিন্তু পাকিস্তান আকৌ এবাৰ ব্যৰ্থ হয়, মাত্ৰ ১৫৯ ৰানতে অল আউট হয় দলটো। অভিজ্ঞ বেটাৰ ছিদ্ৰা আমিনে এককভাৱে খেলখন ধৰি ৰাখিছিল, শক্তিশালী ৮১ ৰান সংগ্ৰহ কৰি কিছু আশা জীয়াই ৰাখিছিল।

কিন্তু ৪০ নং অভাৰত ছিদ্ৰাৰ ইনিংছৰো অন্ত পৰিল, আৰু ভাৰতীয় স্পিনাৰ স্নেহ ৰাণাই পেভিলিয়নলৈ ঘূৰাই পঠিয়াই আমিনক। তেওঁ নিজৰ দলটোক জয়ৰ দিশে আগবঢ়াই নিব নোৱাৰিলে, আৰু লগতে নিজৰ শতকৰ পৰাও বঞ্চিত হয়।

হয়তো এই দুয়োটা কাৰকৰ হতাশা ইমানেই আৱৰি ধৰিছিল যে পেভিলিয়নলৈ উভতি অহাৰ আগতে পাকিস্তানী বেটাৰগৰাকীয়ে এটা লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল। আউট হোৱাৰ লগে লগে ছিদ্ৰা আমিনে খঙেৰে নিজৰ বেটখনেৰে মাটিত কোব মাৰিলে। এই কাৰ্য আইচিচিৰ চকুত পৰিল আৰু মেচ ৰেফাৰীয়ে ৩৩ বছৰীয়া বেটাৰগৰাকীক শাস্তি দিয়ে।

৬ অক্টোবৰ সোমবাৰে আইচিচিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰে যে ছিদ্ৰা আমিনে আচৰণ বিধিৰ ২.২ অনুচ্ছেদ উলংঘা কৰিছে। এই অনুচ্ছেদ আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত ক্ৰিকেটৰ সঁজুলি বা কাপোৰৰ সৈতে, বা খেলপথাৰৰ সঁজুলি আৰু অন্যান্য সামগ্ৰীৰ সৈতে হোৱা অসৎ আচৰণৰ সৈতে জড়িত।

খঙত বেটখন কোব মৰাটো ক্ৰিকেটৰ সঁজুলিৰ সৈতে অসৎ আচৰণ বুলি গণ্য কৰা হৈছিল। মেচ ৰেফাৰীয়ে ছিদ্ৰা আমিনৰ এই কাৰ্যক লেভেল ১ অপৰাধ বুলি ঘোষণা কৰি ধমক দিয়ে। যদিও লেভেল ১ অপৰাধৰ বাবে তেওঁৰ মেচৰ মাচুল কৰ্তন কৰা হোৱা নাই, তথাপিও ছিদ্ৰাক এটা ডিমেৰিট পইণ্ট দিয়া হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...