Champions Trophy Schedule : চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা, কেতিয়া অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেল ?

ভাৰতীয় ক্ৰিকেট বৰ্ড আৰু পাকিস্তানৰ ক্ৰিকেট বৰ্ডৰ মাজত চলি থকা বিবাদ আঁতৰা পাছতে আইচিচিয়ে প্ৰকাশ কৰিলে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেলৰ সূচী । প্ৰকাশ কৰা সূচী অনুসৰি, অহা ১৯ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ'ব চেম্পিয়নছ ট্ৰফী ২০২৫।

Champions Trophy Schedule : চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা, কেতিয়া অনুষ্ঠিত হব ভাৰত-পাকিস্তানৰ খেল ?

চেম্পিয়ন ট্ৰফী ২০২৫

Updated On: 

24 Dec 2024 | 07:02 PM

প্ৰকাশ পালে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেলৰ সূচী । ভাৰতীয় ক্ৰিকেট বৰ্ড আৰু পাকিস্তানৰ ক্ৰিকেট বৰ্ডৰ মাজত চলি থকা বিবাদ আঁতৰা পাছতে আইচিচিয়ে প্ৰকাশ কৰিলে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেলৰ সূচী । প্ৰকাশ কৰা সূচী অনুসৰি, অহা ১৯ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেল কাৰাচীত নিউজিলেণ্ড আৰু আয়োজক পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । চেম্পিয়নছ ট্ৰেফীৰ চূড়ান্ত খেল অনুষ্ঠিত হ’ব ১৯ মাৰ্চত । উল্লেখ্য় যে, টিম ইণ্ডিয়াই সকলো মেচ পাকিস্তানৰ বিপৰীত ডুবাইত খেলিব। অনুৰাগীয়ে আশা কৰি থকা ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল অহা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব ।

পাকিস্তানে আয়োজন কৰিবলৈ লোৱা এই প্ৰতিযোগিতাখনৰ বাবে ভাৰত চৰকাৰে টিম ইণ্ডিয়াক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল । ইয়াৰ বাবেই বিচিচিআইয়ে হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে দাবী জনাইছিল। এই বিষয়টোক লৈ দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত দীৰ্ঘসময় ধৰি সংঘাত চলি আছিল। এতিয়া হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন খেলিবলৈ সন্মতি দিয়াৰ পিছত আইচিচিয়ে সূচী প্ৰকাশ কৰিছে ।

চেম্পিয়নছ ট্ৰফীৰ সূচী

  • ১৯ ফেব্ৰুৱাৰী- পাকিস্তান বনাম নিউজিলেণ্ড, কৰাচী
  • ২০ ফেব্ৰুৱাৰী- ভাৰত বনাম বাংলাদেশ, ডুবাই
  • ২১ ফেব্ৰুৱাৰী-আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, কৰাচী
  • ২২ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, লাহোৰ
  • ২৩ ফেব্ৰুৱাৰী-পাকিস্তান বনাম ভাৰত, ডুবাই
  • ২৪ ফেব্ৰুৱাৰী-বাংলাদেশ বনাম নিউজিলেণ্ড, ৰাৱালপিণ্ডি
  • ২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি
  • ২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড, লাহোৰ
  • ২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি
  • ২৮ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, লাহোৰ
  • ১ মাৰ্চ- দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, কৰাচী
  • ২ মাৰ্চ- নিউজিলেণ্ড বনাম ভাৰত, ডুবাই
  • ৪ মাৰ্চ- ছেমিফাইনেল ১, ডুবাই
  • ৫ মাৰ্চ-ছেমিফাইনেল ২, লাহোৰ
  • ৯ মাৰ্চ- ফাইনেল- লাহোৰ/ডুবাই

চেম্পিয়ন ট্ৰফীৰ দলবোৰক দুটা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ A ত আছে পাকিস্তান, ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশ। B গ্ৰুপত আছে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড। ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব। যদি দলটোৱে ফাইনেলত প্ৰৱেশ কৰে তেন্তে লাহোৰৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত হ’ব চূড়ান্ত খেল। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফীৰ সকলো খেল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...