ভাৰত-ৱেষ্ট ইণ্ডিজৰ টেষ্টৰ মাজতে গেলাৰীত যুৱকৰ গালত যুৱতীৰ প্ৰচণ্ড চৰ

India vs West Indies, 2nd Test: দিল্লী টেষ্টৰ চতুৰ্থ দিনটোত টিম ইণ্ডিয়া জয়ী হোৱা নাই, কিন্তু নিশ্চিতভাৱে জয়ৰ ওচৰ চাপিছে। ভাৰতক জয়ী হ’বলৈ মাত্ৰ ৫৮ ৰানৰ প্ৰয়োজন। অৱশ্যে খেলৰ সময়ত সংঘটিত হোৱা এক ঘটনাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভাৰত-ৱেষ্ট ইণ্ডিজৰ টেষ্টৰ মাজতে গেলাৰীত যুৱকৰ গালত যুৱতীৰ প্ৰচণ্ড চৰ

খেলৰ মাজতে আচৰিত ঘটনা

Published: 

13 Oct 2025 19:09 PM

দিল্লী টেষ্টত টিম ইণ্ডিয়াই প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলি থকাৰ সময়তে ষ্টেডিয়ামত বহি থকা এটা দম্পতীৰ কাৰ্যই সকলোকে আচৰিত কৰি তোলে। দিল্লী টেষ্টৰ চতুৰ্থ দিনা অৰুণ জেটলী ষ্টেডিয়ামত এজন যুৱক আৰু এগৰাকী যুৱতীয়ে একেলগে বহি খেল উপভোগ কৰি আছিল। তাৰ মাজতে যুৱতীগৰাকীয়ে হঠাৎ চৰ মাৰিলে যুৱকজনক।

যুৱতীগৰাকীয়ে কাষত বহি থকা যুৱকজনক দুবাৰকৈ চৰ মাৰি তাৰ পিছত ডিঙিত চেপি ধৰিলে। প্ৰথমতে ছোৱালীজনীয়ে খঙত এই কাম কৰা যেন লাগিছিল যদিও পিছত দুয়োজনে হাঁহি থকা দেখা গৈছিল। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

যুৱকজনক চৰিওৱাৰ পিছত কি হ’ল?

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেল চলি থকাৰ মাজতে যুৱতীগৰাকীয়ে যুৱকজনক চৰ মৰাৰ যেতিয়া ভিডিঅ’ ভাইৰেল হৈছিল তেতিয়া ৱেষ্ট ইণ্ডিজে ৪ উইকেটত ২৯৩ ৰান কৰিছিল। যুৱতীগৰাকীয়ে কাষত বহি থকা ল’ৰাটোক চৰ মাৰিছিল, আনহাতে তেওঁ হাঁহিছিল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, আৰু আমোদজনকভাৱে হঠাতে ৱেষ্ট ইণ্ডিজৰ দলটোৰ খেলৰ ছন্দ সলনি হৈ পৰে।

কুলদীপ যাদৱে বিধ্বংসী ৰূপ ধাৰণ কৰে

এজনী ছোৱালীয়ে ল’ৰাক চৰ মৰা ঘটনাৰ পিছত হঠাৎ পোহৰলৈ আহিল কুলদীপ যাদৱৰ বিধ্বংসী ৰূপ। ৱেষ্ট ইণ্ডিজক পঞ্চমটো আঘাত দিন দলীয় স্ক’ৰ ২৯৩ ৰান হোৱা অৱস্থাত তেওঁ উইকেটকীপাৰ টেভিন ইমলাচক আউট কৰে। পাঁচ ৰানৰ পাছত তেওঁ ৰষ্টন চেজৰ উইকেটো দখল কৰে।

অলপ সময়ৰ ভিতৰতে তেওঁ খাৰী পিয়েৰকো পেভিলিয়নলৈ ওভতা পঠায়। ৱেষ্ট ইণ্ডিজে ৩১১ ৰানত ৯ উইকেট হেৰুৱায়। অৱশ্যে ৱেষ্ট ইণ্ডিজৰ শেষৰ যুটিটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই দশম উইকেটৰ বাবে ৭৯ ৰানৰ অভিলেখ সৃষ্টি কৰি দলটোক ৩৯০ ৰানলৈ লৈ যায়। এই অংশীদাৰিত্বই চতুৰ্থ দিনত টিম ইণ্ডিয়াক জয় হোৱাৰ পথ ৰুদ্ধ কৰে। এতিয়া পঞ্চম দিনা টিম ইণ্ডিয়াক জয়ী হ’বলৈ আৰু ৫৮ ৰানৰ প্ৰয়োজন।

ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! খাওক মাত্ৰ এই পানীয়...
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে? ইয়াৰ কাৰণ জানক
প্ৰটিনৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
মৰ্ণিং ৱাকৰ বাবে খালী পেটেৰেই যায় নেকি? সাৱধান, এই চাৰিটা ভুল কৰিলে পৰিব বিপদত