ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে গিলে, টেষ্টত ১০ টা শতকেৰে নতুন অভিলেখ ৰচনা
টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিলে নিজৰ টেষ্ট কেৰিয়াৰত আৰু এটা শতক সংযোজন কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টৰ প্ৰথম ইনিংছত শতক অৰ্জন কৰিছে গিলে। ইয়াৰ লগে লগে তেওঁ এটা ডাঙৰ অভিলেখো গঢ়িবলৈ সক্ষম হৈছে।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত চলি থকা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচত টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিলে নিজৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰে। প্ৰথমখন মেচত অৰ্ধশতক অৰ্জন কৰা গিলে এইবাৰ শতক অৰ্জন কৰিবলৈ সক্ষম হয়। অধিনায়কৰ দায়িত্ব পালন কৰি এই ইনিংছৰ জৰিয়তে শুভমন গিলে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ নামত থকা এটা ডাঙৰ অভিলেখ ভংগ কৰে। তেওঁ এতিয়া বিশেষ তালিকাত ৰোহিত শৰ্মাৰ লগতে আন সকলো ভাৰতীয় বেটছমেনক চেৰ পেলাইছে।
শুভমন গিলৰ অভিলেখ ভংগকাৰী শতক
এই ইনিংছত ১৭৭ টা বলৰ মুখামুখি হৈ শতক অৰ্জন কৰে শুভমন গিলে। এই শতকৰ জৰিয়তে টেষ্ট কেৰিয়াৰত ১০ টা শতক সম্পূৰ্ণ কৰে খেলুৱৈগৰাকীয়ে। উল্লেখযোগ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সময়ত গিলে এই সকলোবোৰ শতক অৰ্জন কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক স্ক’ৰ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ১০টা শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। গিলে ৯ টা শতক অৰ্জন কৰা ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক অতিক্ৰম কৰে।
এতিয়া এই তালিকাৰ দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ৰোহিত। গিলৰ পিছতে আছে ৭টা শতক অৰ্জন কৰা যুৱ অ’পেনাৰ যশস্বী জয়ছৱাল। ছটাকৈ শতকৰে চতুৰ্থ স্থানত আছে কে এল ৰাহুল আৰু ঋষভ পণ্ট। আনহাতে ৰবীন্দ্ৰ জাদেজা আৰু বিৰাট কোহলিয়ে পাঁচটাকৈ শতকৰে পঞ্চম স্থানত সমতা স্থাপন কৰিছে।
অধিনায়ক হোৱাৰ লগে লগে শতক অৰ্জন
ইংলেণ্ড ভ্ৰমণৰ সময়ত ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্ব গ্ৰহণ কৰিছিল শুভমন গিলে। অধিনায়ক হোৱাৰ পৰাই তেওঁ দুৰ্দান্ত ফৰ্মত আছে। টেষ্টৰ অধিনায়ক হিচাপে তেওঁ ৭খন মেচত ৫টা শতক অৰ্জন কৰিছে। ইয়াৰে চাৰিটা শতক ইংলেণ্ডৰ ছিৰিজত আছিল। এতিয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে। ইয়াৰ লগে লগে গিলে ভাৰতীয় অধিনায়ক হিচাপে এবছৰত সৰ্বাধিক শতক অৰ্জন কৰি বিৰাট কোহলীৰ সৈতে সমতা স্থাপন কৰিছে। বিৰাটেও অধিনায়ক হিচাপে এবছৰত পাঁচটা শতক অৰ্জন কৰি দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰে।