Gautam Gambhir Birthday: আজি ‘বহু যুঁজৰ নায়ক’ গম্ভীৰৰ জন্মদিনঃ গম্ভীৰৰ চমক আৰু ভাৰতীয় ক্ৰিকেটৰ সেই বিশেষ দৃশ্য…

২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত গম্ভীৰে খেলা সেই দুই ঐতিহাসিক ইনিংছ ভাৰতীয় ক্ৰিকেট ইতিহাসৰে উল্লেখনীয় ইনিংছ হৈ ৰ’ব। ভাৰতৰ বিশ্বকাপ জয়ৰ অন্যতম নায়ক তথা বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ আজি জন্মদিন।

Gautam Gambhir Birthday: আজি ‘বহু যুঁজৰ নায়ক’ গম্ভীৰৰ জন্মদিনঃ গম্ভীৰৰ চমক আৰু ভাৰতীয় ক্ৰিকেটৰ সেই বিশেষ দৃশ্য...

গৌতম গম্ভীৰ

Published: 

14 Oct 2024 | 07:26 PM

আজি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা তথা বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ জন্মদিন। প্ৰশিক্ষক হিচাপে গম্ভীৰৰ তত্বাৱধানত ভাৰতীয় দলে এইপৰ্যন্ত আশানুৰূপ প্ৰদৰ্শন আগবঢ়াইছে। তাৰ পূৰ্বে এগৰাকী খেলুৱৈ হিচাপে গম্ভীৰৰ অনন্য সাফল্যৰ কথা প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ নখদৰ্পণত। ২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত গম্ভীৰে খেলা সেই দুই ঐতিহাসিক ইনিংছ ভাৰতীয় ক্ৰিকেট ইতিহাসৰে উল্লেখনীয় ইনিংছ হৈ ৰ’ব।

কেৱল এই দুটা ইনিংছেই নহয়, গম্ভীৰৰ নামত আছে ভাৰতীয় ক্ৰিকেটৰ আন এক ঐতিহাসিক ইনিংছ। এই ইনিংছটোৰে গম্ভীৰে ভাৰতীয় ক্ৰিকেটলৈ ৪১ বৰ্ষৰ মূৰত আনি দিছিল এক বিশেষ ক্ষণ। এই বিশেষ ক্ষণটিৰ এক বিশেষ ভিডিঅ’ই আৰু এক বিশেষ ফটোৱে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীক গৌতম গম্ভীৰৰ অনন্য প্ৰতিভাৰ কথা সোঁৱৰাই আহিছে।

পিছে কি এই বিশেষ ঐতিহ্য! এই ঐতিহ্যৰ নায়ক আছিল গৌতম গম্ভীৰ। ১৯৮১ চনত জন্মগ্ৰহণ কৰা গৌতম গম্ভীৰৰ তেতিয়া বয়স আছিল ২৮ বছৰ। সেয়া আছিল ২০০৯ চনৰ কথা। তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ড ভ্ৰমণ কৰিছিল ভাৰতীয় ক্ৰিকেট দলে। হেমিল্টনত খেলা প্ৰথমখন টেষ্টত ভাৰতে ১০ উইকেটত জয়লাভ কৰে। ইয়াৰ পিছত নেপিয়াৰত অনুষ্ঠিত হয় দ্বিতীয়খন টেষ্ট।

নেপিয়াৰ টেষ্টত জেছি ৰাইডাৰৰ দ্বিশতক, ৰ’ছ টেইলৰ আৰু ব্ৰেণ্ডন মেককালামৰ শতকৰ সহায়ত নিউজিলেণ্ডে ৯ উইকেটত ৬১৯ ৰানত বৃ্হৎ স্ক’ৰ থিয় কৰাই প্ৰথম ইনিংছ ঘোষণা কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দল প্ৰথম ইনিংছত ৩০৫ ৰানতে অলআউট হয় আৰু ফ’ল’অনৰ সন্মুখীন হয়। প্ৰথম ইনিংছত এই বৃ্হৎ অগ্ৰগতিৰ পিছত নিউজিলেণ্ডে নিশ্চিতভাৱে ভাৰতক ইনিংছ ব্যৱধানত পৰাস্ত কৰাৰ পৰিকল্পনা কৰে।

কিন্তু নিউজিলেণ্ডৰ এই উদ্দেশ্যত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে গৌতম গম্ভীৰে। অতুলনীয় ধৈৰ্য্য, দৃঢ়তা আৰু একাগ্ৰতাৰে গম্ভীৰে খেলিছিল নিজৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ এক ইনিংছ। গম্ভীৰৰ সেই ইনিংছটোৰ ভিডিঅ’ আৰু তাৰ পিছৰ এখন ছবিয়ে সদায়েই সোঁৱৰাই আহিছে এই ইনিংছটোৰ মহত্ব। অদম্য যুঁজাৰু মনোভাৱৰ পৰিচয় দি গৌতম গম্ভীৰে দ্বিতীয় ইনিংছত ১৩ ঘণ্টা ধৰি ক্ৰীজত বেটিং কৰে।

 

মুঠ ৬৪৩ মিনিট বেটিং কৰি ৪৩৬ বলৰ সন্মুখীন হৈ ১৩৭ ৰানৰ এক মাৰাথন ইনিংছ খেলে গম্ভীৰে। এই অতুলনীয় ইনিংছ খেলি পেভিলিয়নলৈ উভতাৰ সময়ত গম্ভীৰক ভাৰতীয় দলৰ প্ৰতিগৰাকী সদস্যই ড্ৰেছিং ৰুমত হাতচাপৰিৰে আদৰণি জনায়। গম্ভীৰৰ সেই মাৰাথন ইনিংছ ভাৰতীয় টেষ্ট ক্ৰিকেট ইতিহাসৰ বিশেষ ইনিংছসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়।

সেই ইনিংছটোৱেই নেপিয়াৰ টেষ্টত এক নিশ্চিত পৰাজয়ৰ পৰা ভাৰতীয় দলক ৰক্ষা কৰে। গম্ভীৰৰ সেই ইনিংছে ভাৰতীয় দলৰ মনোবল বৃদ্ধি কৰিছিল। এই টেষ্টখন ড্ৰ ৰূপে সামৰণি পৰাৰ পিছত ৱেলিংটনত খেলা তৃতীয়খন টেষ্টো ভাৰতীয় দলে ড্ৰ কৰিবলৈ সক্ষম হয় আৰু নিউজিলেণ্ডৰ মাটিত ৪১ বছৰৰ পাছত টেষ্ট শৃংখলা জয় কৰাৰ ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...