ভাৰত-ইংলেণ্ডৰ টেষ্ট মেচৰ মাজতে বেয়া খবৰ! কিংবদন্তি খেলুৱৈৰ মৃত্যু…
ইংলেণ্ড আৰু ভাৰতীয় ক্ৰিকেট দলৰ মাজত ৫খন খেলৰ টেষ্ট ছিৰিজ চলি আছে। কিন্তু ইয়াৰ মাজতে আহিছে এক বেয়া খবৰ। মৃত্যু হয় ইংলেণ্ডৰ দিগ্বজয় খেলুৱৈৰ।

প্ৰতীকী ফটো
ভাৰতীয় ক্ৰিকেট দল বৰ্তমান ইংলেণ্ডত আছে। ইংলেণ্ড আৰু ভাৰতীয় ক্ৰিকেট দলৰ মাজত ৫খন খেলৰ টেষ্ট ছিৰিজ চলি আছে। এই ছিৰিজৰ প্ৰথমখন মেচ লিডছৰ খেলপথাৰত অনুষ্ঠিত হৈছে। কিন্তু এই মেচৰ মাজতে ইংলেণ্ডৰ পৰা আহিছে এক দুঃখবৰ। মৃত্যু হৈছে ইংলেণ্ডৰ এগৰাকী কিংবদন্তি খেলুৱৈৰ। এইগৰাকী খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ দীঘলীয়া নাছিল যদিও ঘৰুৱা ক্ৰিকেটত প্ৰদৰ্শন আছিল আকৰ্ষণীয়।
গ্ল’চেষ্টাৰশ্বাইৰ আৰু ইংলেণ্ডৰ প্ৰাক্তন বেগী বলাৰ ডেভিদ লৰেন্সৰ ৬১ বছৰ বয়সত মৃত্যু হয়। এয়া ক্ৰিকেট জগতৰ বাবে দুখজনক খবৰ, কিয়নো লৰেন্সে কেৰিয়াৰত অতি কম সময়তে নিজৰ গতি আৰু প্ৰদৰ্শনৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৮০ আৰু নব্বৈৰ দশকত গ্ল’চেষ্টাৰশ্বাৰৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল লৰেন্সে। তেওঁৰ বল দিয়াৰ শৈলীয়ে মন মুহিছিল ক্ৰিকেটপ্ৰেমীৰ। তেওঁ ইংলেণ্ডৰ হৈ ৫ খন টেষ্ট মেচ আৰু এখন এদিনীয়া খেলত অংশ লৈছিল। কিন্তু আঘাতৰ বাবে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ থমকি ৰৈছিল। তাৰ পাছতো তেওঁ প্ৰতিভাৰ ফলত বিভিন্নজনৰ মনত ঠাই দখল কৰিবলৈ সক্ষম হৈছিল।
ডেভিদ লৰেন্সৰ জন্ম হৈছিল গ্ল’চেষ্টাৰশ্বাৰত। খেলপথাৰত তেওঁৰ আক্ৰমণাত্মক শৈলী আৰু খেলপথাৰৰ বাহিৰত তেওঁৰ বন্ধুত্বপূৰ্ণ স্বভাৱে সকলোৰে মাজত জনপ্ৰিয় কৰি তুলিছিল। মৃত্যুৰ পাছত লৰেন্সৰ পৰিয়ালে জাৰি কৰা এক বিবৃতি অনুসৰি,মটৰ নিউৰন ৰোগৰ বিৰুদ্ধে যুঁজি আছিল তেওঁ। কিন্তু অৱশেষত তেওঁৰ মৃত্যু হয়। ক্ৰিকেট খেলপথাৰৰ ভিতৰত আৰু বাহিৰৰ বাবে তেওঁ এজন প্ৰেৰণাদায়ক ব্যক্তি আছিল। কিন্তু সকলোতকৈ তেওঁৰ বাবে ওপৰত আছিল তেওঁৰ পৰিয়াল।
১৯৮৮ চনত ইংলেণ্ডৰ হৈ অভিষেক ঘটা ডেভিদ লৰেন্সে ১৯৯২ চনত শেষ মেচ খেলিছিল। তেওঁ কেৰিয়াৰত৫খন টেষ্ট মেচত ১৮টা উইকেট দখল কৰিছিল আৰু এদিনীয়াত তেওঁৰ নামত ৪টা উইকেট আছে। ইয়াৰ বাহিৰেও তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মুঠ ৫১৫টা উইকেট দখল কৰে। ইয়াৰোপৰি তেওঁ ২০২২ চনত তেওঁ নিজৰ কাউন্টিৰ সভাপতি হিচাপেও নিৰ্বাচিত হয়।
অন্য খবৰ পঢ়কঃ অম্বুবাচী মেলাৰ পৰা ইৰাণক আমেৰিকাৰ আক্ৰমণলৈ…দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…