টেষ্ট চেম্পিয়নশ্বিপৰ অংকৰ খেলা! নিউজিলেণ্ডৰ বিপক্ষে জিকিল ইংলেণ্ড, লাভ হ’ল ভাৰতৰ

নিউজিলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত আজি জয়লাভ কৰিছে ইংলেণ্ডে। ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত টেষ্টখনত ঘৰুৱা দলটোক ৮ উইকেটত পৰাস্ত কৰি ইংলেণ্ডে ১-০ৰ অগ্ৰগতি লাভ কৰিছে। ইংলেণ্ডৰ এই জয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ বাবে অত্যন্ত লাভজনক বিবেচিত হৈছে।

টেষ্ট চেম্পিয়নশ্বিপৰ অংকৰ খেলা! নিউজিলেণ্ডৰ বিপক্ষে জিকিল ইংলেণ্ড, লাভ হ’ল ভাৰতৰ

নিউজিলেণ্ড বিপক্ষে ইংলেণ্ডৰ জয়

Published: 

01 Dec 2024 13:01 PM

ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ সমান্তৰালকৈ সম্প্ৰতি চলি আছে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলা। তিনিখনীয়া মেচৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত আজি ভ্ৰমণকাৰী ইংলেণ্ড দলে পৰাস্ত কৰিছে কিৱি দলটোক। ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত হোৱা এই মেচখনত ইংলেণ্ডে ঘৰুৱা দলটোক ৮ উইকেটত পৰাস্ত কৰিছে। নিউজিলেণ্ডে বান্ধি দিয়া ১০৪ ৰানৰ লক্ষ্য ইংলেণ্ডে মাত্ৰ ১২.৪ অভাৰত ২ উইকেট হেৰুৱাই অতিক্ৰম কৰে আৰু শৃংখলাত ১-০ ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে।

ক্ৰাইষ্টচাৰ্চ টেষ্টত ইংলেণ্ডৰ জয়ৰ নায়ক হৈ পৰে পেচাৰ ব্ৰেডেন কাৰ্ছ। দুয়োটা ইনিংছত মুঠ মুঠ ১০টা উইকেট দখল কৰি টেষ্টখনত ঘৰুৱা দলটোৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰে পেচাৰগৰাকী। এনে প্ৰদৰ্শনৰ বাবে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। কাৰ্ছৰ লগতে মেচখনত দুৰন্ত বেটিঙেৰে জয়ৰ অন্যতম এগৰাকী নায়ক হৈ পৰে হেৰী ব্ৰুক। টেষ্টখনৰ প্ৰথম ইনিংছত হেৰী ব্ৰুকে খেলে ১৭১ ৰানৰ এক বিস্ফোৰক ইনিংছ।

টেষ্টখনত টছত জয়ী হৈ ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে ফিল্ডিঙৰ সিদ্ধান্ত লয় আৰু নিউজিলেণ্ডক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। ঘৰুৱা দলটোৱে প্ৰথমে বেটিং কৰি অভিজ্ঞ তাৰকা উইলিয়ামছনৰ ৯৩ ৰান, ফিলিপছৰ অপৰাজিত ৫৮ ৰান আৰু অধিনায়ক লাথামৰ ৪৭ ৰানৰ সহায়ত ৩৪৮ ৰান সংগ্ৰহ কৰে। ব্ৰেডেন কাৰ্ছে দৰ্শনীয় বলিঙেৰে ১৯ অভাৰত ৬৪ ৰান সংগ্ৰহ কৰি ৪ উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ব্ৰুকৰ ১৭১ ৰানৰ লগতে প’পৰ ৭৭ ৰানৰ সহায়ত ৪৯৯ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছত ১৫১ ৰানৰ অগ্ৰগতি লাভ কৰে। ইফালে দ্বিতীয় ইনিংছত ঘৰুৱা দলটোৱে কাৰ্ছৰ দুৰ্দান্ত বলিঙৰ সমুখত মাত্ৰ ২৫৪ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। দলটোৰ হৈ মিচেলে সৰ্বাধিক ৮৪ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে উইলিয়ামছনে সংগ্ৰহ কৰে ৬১ ৰান। কাৰ্ছে ৬টা উইকেট দখলেৰে পুনৰ উজলি উঠে।

এইদৰে নিউজিলেণ্ডে ইংলেণ্ডৰ সমুখত মাত্ৰ ১০৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। এই লক্ষ্য ইংলেণ্ডে মাত্ৰ ১২.৪ অভাৰত ২টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। ইংলেণ্ডৰ এই জয় চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পইণ্ট তালিকাৰ ক্ষেত্ৰত ভাৰতৰ বাবে অত্যন্ত লাভজনক বিবেচিত হৈছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ৰ ফাইনেলৰ বাবে বৰ্তমান ৫টা দলৰ মাজত দেখা গৈছে প্ৰতিদ্বন্দিতা।

বৰ্তমান টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত আছে ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু নিউজিলেণ্ড। এই লক্ষ্যৰ ক্ষেত্ৰত আটাইকেইটা দলৰ স্থিতি অতি ৰোমাঞ্চকৰ পৰ্যায়ত আছে। প্ৰতিখন মেচৰ লগে লগে পইণ্ট তালিকাত দেখা গৈছে উত্থান-পতন। ইংলেণ্ডৰ হাতত পৰাজয়ৰ পিছত নিউজিলেণ্ডৰ পইণ্ট তালিকাত স্থিতি অব্যাহত আছে যদিও দলটোৰ শতাংশ পইণ্ট হ্ৰাস পাইছে।

এতিয়া টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথত নিউজিলেণ্ডে পৰৱৰ্তী দুখন মেচত জয়ী হ’লেও আন দলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এই ফলাফলত লাভ হৈছে ভাৰতৰ। ফাইনেলৰ দৌৰৰ পৰা কোনো দল বাহিৰ হোৱা মানেই এতিয়া ভাৰতৰ লাভ। গতিকে নিউজিলেণ্ডৰ পৰাজয় ভাৰতৰ বাবে ফলপ্ৰসূ বিবেচিত হৈছে। শেহতীয়াকৈ ভাৰতে পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি পইণ্ট তালিকাৰ প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে।

ইফালে শ্ৰীলংকাক পৰাস্ত কৰি ইতিমধ্যে দক্ষিণ আফ্ৰিকাই পইণ্ট তালিকাত অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইয়াৰ বিপৰীতে তৃতীয় স্থানলৈ অৱনমিত হৈছে অষ্ট্ৰেলিয়া। ভাৰতে ফাইনেলত স্থান নিশ্চিত কৰি তুলিবলৈ এতিয়া চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত চাৰিখন মেচতো জয়ৰ বাবে পূৰ্ণ চেষ্টা চলাব। পাৰ্থ টেষ্টত লাভ কৰা জয়ে এইক্ষেত্ৰত ভাৰতক স্বাভাৱিকতেই আত্মবিশ্বাসী কৰি তুলিছে।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক