নিষিদ্ধ হ’ব নেকি আকাশ দীপ! আইচিচিক ব্যৱস্থা গ্ৰহণৰ দাবী ইংৰাজ প্ৰশিক্ষকৰ

এডজবাষ্টন টেষ্টত আকাশ দীপে দাঙি ধৰা উজ্জীৱিত প্ৰদৰ্শনে শৃংখলাত ভাৰতৰ প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰিছিল। পিছে এইগৰাকী আকাশ দীপ এতিয়া পৰিব পাৰে বিপদত। আনকি সন্মুখীন হ’ব পাৰে নিষেধাজ্ঞাৰ শাস্তিৰো!

নিষিদ্ধ হ’ব নেকি আকাশ দীপ! আইচিচিক ব্যৱস্থা গ্ৰহণৰ দাবী ইংৰাজ প্ৰশিক্ষকৰ

শাস্তিৰ সন্মুখীন হ’ব আকাশ দীপ!

Published: 

09 Aug 2025 15:11 PM

ইংলেণ্ড ভ্ৰমণ সামৰি ইতিমধ্যে স্বদেশত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। শুভমন গিলৰ নেতৃত্বত যুৱ ভাৰতীয় দলটোৱে পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাত ২-২ ব্যৱধানত ড্ৰ খেলে। শৃংখলাটোত দলৰ প্ৰতিগৰাকী খেলুৱৈয়েই দাঙি ধৰে উন্নত প্ৰদৰ্শন। এইক্ষেত্ৰত ব্যৰ্থ হোৱা নাছিল পেচাৰ আকাশ দীপো। বিশেষকৈ এডজবাষ্টন টেষ্টত আকাশ দীপে দাঙি ধৰা উজ্জীৱিত প্ৰদৰ্শনে শৃংখলাত ভাৰতৰ প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰিছিল। পিছে এইগৰাকী আকাশ দীপ এতিয়া পৰিব পাৰে বিপদত। আনকি সন্মুখীন হ’ব পাৰে নিষেধাজ্ঞাৰ শাস্তিৰো!

আকাশ দীপৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে আইচিচিৰ ওচৰত দাবী জনাইছে ইংলেণ্ডৰ প্ৰশিক্ষকে। ইংলেণ্ড আৰু ভাৰতৰ শেহতীয়া টেষ্ট শৃংখলাৰ সময়ত দুয়োটা দলৰ খেলুৱৈৰ মাজত খেলপথাৰতে বহুবাৰ বিবাদৰ সূত্ৰপাত হৈছিল। ইয়াৰ ফলত এই শৃংখলাটো যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰিছিল।

এই শৃংখলাৰ অন্তিমখন মেচত আকাশ দীপ আৰু ইংলেণ্ডৰ অ’পেনাৰদ্বয়ৰ মাজত কেইবাবাৰো বিবাদ হৈছিল। বিশেষকৈ বেন ডাকেটৰ সৈতে আকাশ দীপৰ বিবাদে ব্যাপক চৰ্চা লাভ কৰিছিল। ইয়াৰ পিছতে ইংৰাজ অ’পেনাৰ বেন ডাকেটৰ প্ৰশিক্ষকে আইচিচিৰ ওচৰত আকাশ দীপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অ’ভেল টেষ্টৰ দ্বিতীয় দিনা ইংলেণ্ডৰ অ’পেনাৰ বেন ডাকেটৰ উইকেট দখল কৰিছিল আকাশ দীপে। মেচখনত ইংলেণ্ডৰ প্ৰথম ইনিংছত ৪৩ ৰান সংগ্ৰহ কৰি আউট হৈছিল ডাকেট। নিজৰ উইকেট হেৰুৱাই ডাকেট পেভিলিয়নলৈ উভতাৰ সময়তে আকাশ দীপে ডাকেটৰ কান্ধত হাত থৈ কোনো মন্তব্য কৰা দেখা যায়।

আকাশ দীপৰ এই কাৰ্যক লৈ ব্যাপক বিতৰ্ক হয়। ইংলেণ্ডৰ খেলুৱৈ-প্ৰাক্তন খেলুৱৈ তথা দলটোৰ প্ৰশিক্ষক কৰ্মচাৰীৰ লগতে বহু ক্ৰিকেট বিশেষজ্ঞই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বেন ডাকেটৰ প্ৰশিক্ষক জেমছ নট আকাশ দীপৰ এই কাৰ্যত অত্যন্ত ক্ষুব্ধ হৈ পৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি জেমছ নটে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে আকাশ দীপক নিষিদ্ধ কৰিব লাগে বুলি দাবী কৰিছে। জেমছ নটৰ মতে অভেল টেষ্টৰ সময়ত আকাশ দীপে বেন ডাকেটৰ সৈতে কৰা কাৰ্যৰ ওপৰত আইচিচিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল।

বেন ডাকেটৰ প্ৰশিক্ষকৰ এই দাবীৰ পিছত এতিয়া আকাশ দীপৰ বিৰুদ্ধে আইচিচিয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি, সেই লৈ ব্যাপক চৰ্চাৰ সূত্ৰপাত হৈছে। উল্লেখ্য যে ইংলেণ্ডৰ বিপক্ষে শৃংখলাটোত আকাশ দীপে ৩খন টেষ্টত ১৩টা উইকেট দখল কৰিছিল। এডজবাষ্টন টেষ্টত তেওঁ দহ উইকেট দখলেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...