অৱসৰ ল’ব নেকি জাদেজাই! চৰ্চাৰ মাজতে নিজে অনুৰাগীলৈ দিলে এনে বাৰ্তা

টি-২০ বিশ্বকাপ জয়ৰ পিছতে ভাৰতীয় ক্ৰিকেটপ্ৰেমীক অবিস্মৰণীয় স্মৃতি প্ৰদান কৰি এই চমু ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাই। কালি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ চলি থকাৰ সময়তে পুনৰ তেনে এক সম্ভাৱনাই অনুৰাগীৰ মনত জোকাৰণি তুলিছিল। জাদেজাৰ সম্ভাৱ্য অৱসৰৰ বাতৰিক লৈ চলিছিল চৰ্চা।

অৱসৰ ল’ব নেকি জাদেজাই! চৰ্চাৰ মাজতে নিজে অনুৰাগীলৈ দিলে এনে বাৰ্তা

ৰবীন্দ্ৰ জাদেজা

Updated On: 

10 Mar 2025 19:06 PM

দেশৰ ক্ৰিকেটপ্ৰেমীৰ মাজত এতিয়া চেম্পিয়নছ ট্ৰফী জয়ৰ হৰ্ষোল্লাস। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে দেওবাৰে ডুবাইত চেম্পিয়নছ ট্ৰফী জয় কৰি দেশবাসীক পুনৰ এবাৰ আনন্দ উদযাপনৰ সুযোগ প্ৰদান কৰে। বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পিছত একেৰাহে দ্বিতীয়টো আইচিচি খিতাপ জয় কৰে ভাৰতীয় দলে। পিছে চেম্পিয়নছ ট্ৰফী জয়ৰ এই আনন্দৰ মাজতো ক্ৰিকেটপ্ৰেমীৰ মনত এক অজানা দুখবোধেও ক্ৰিয়া কৰি আছিল। এই দুখবোধৰ কাৰণ আছিল খেলপথাৰত দেখা পোৱা এক বিশেষ দৃশ্য। এই দৃশ্যই সামাজিক মাধ্যমত তুলিছিল চৰ্চাৰ লহৰ।

টি-২০ বিশ্বকাপ জয়ৰ পিছতে ভাৰতীয় ক্ৰিকেটপ্ৰেমীক অবিস্মৰণীয় স্মৃতি প্ৰদান কৰি এই চমু ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাই। কালি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ চলি থকাৰ সময়তে পুনৰ তেনে এক সম্ভাৱনাই অনুৰাগীৰ মনত জোকাৰণি তুলিছিল। মেচখনত ৰবীন্দ্ৰ জাদেজাই নিজ স্পেল সম্পূৰ্ণ কৰাৰ পিছতে বিৰাট কোহলীয়ে তেওঁক সাবটি ধৰা দেখিবলৈ পোৱা গৈছিল।

ইয়াৰ পিছতে অনুৰাগীৰ মাজত ৰবীন্দ্ৰ জাদেজাই ফাইনেল মেচখনৰ পিছতে এদিনীয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছিল। সামাজিক মাধ্যমতো এই বিষয়ত ব্যাপক জল্পনা-কল্পনা পৰিলক্ষিত হৈছিল। লক্ষণীয়ভাৱে অষ্ট্ৰেলিয়াৰ বিপক্ষে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত বিৰাট কোহলীয়ে ৰবিচন্দ্ৰন অশ্বিনক ড্ৰেচিং ৰুমত আলিঙ্গন কৰা এখন ছবি ভাইৰেল হৈছিল আৰু তাৰ পিছতে অৱসৰ ঘোষণা কৰিছিল অশ্বিনে।

এই বিশেষ ক্ষণটিৰ বাবেই কালি জাদেজা-কোহলীৰ আলিঙ্গনো সকলোৰে চৰ্চাৰ কাৰণ হৈ পৰিছিল। পিছে এনে সম্ভাৱনা পূৰ্ণমাত্ৰাই নাকচ কৰিছে তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে। নিজা ইনষ্টাগ্ৰাম একাউণ্ট যোগে জাদেজাই শ্বেয়াৰ কৰা এটা ষ্ট’ৰীয়ে এই সকলো চৰ্চাৰ অন্ত পেলাইছে। জাদেজাই এই ষ্ট’ৰীটোৰ জৰিয়তে কোনোধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনায়। ষ্ট’ৰীটোত অৱসৰৰ চৰ্চা সন্দৰ্ভত স্পষ্ট উল্লেখ নাথাকিলেও সেই বিষয়তে আহ্বান জনোৱা বুলি ধাৰণা কৰা হৈছে।

 

জাদেজাৰ এই ষ্ট’ৰীটোৱে অৱসৰৰ সম্ভাৱনাক লৈ চৰ্চাৰ যতি পেলোৱাৰ লগতে অনুৰাগীক চেম্পিয়নছ ট্ৰফী জয়ৰ আনন্দ উপভোগৰ পৰিৱেশ অধিক মুকলি কৰি তোলে। জাদেজাৰ লগতে অধিনায়ক ৰোহিত শৰ্মায়ো ইতিমধ্যে অৱসৰৰ সম্ভাৱনা অস্বীকাৰ কৰিছে। সংবাদমেলত ৰোহিতে এদিনীয়া ফৰ্মেটৰ পৰা এতিয়াও অৱসৰ লোৱা নাই বুলি স্পষ্ট কৰি দিয়ে আৰু এনে উৰাবাতৰি প্ৰচাৰ কৰা উচিত নহয় বুলি মন্তব্য কৰে।

কিদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত? নকৰিব এইকেইটা ভুল!
বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...