চেম্পিয়নছ ট্ৰফীত উঠিব ধনৰ উজান! কিমান ধনৰাশি পুৰস্কাৰ লাভ কৰিব বিজয়ী দলে?

অহা বুধবাৰ অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী। ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উন্মাদনাৰ মাজতে আইচিচিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধনৰ সবিশেষ তথ্য। আইচিচিৰ এই অন্যতম মূল ইভেণ্টৰ বাবে পুৰস্কাৰ হিচাপে এইবাৰ বৃ্হৎ পৰিমাণৰ ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে।

চেম্পিয়নছ ট্ৰফীত উঠিব ধনৰ উজান! কিমান ধনৰাশি পুৰস্কাৰ লাভ কৰিব বিজয়ী দলে?

চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰ

Edited By: 

Barasha Sarma | Updated On: 18 Feb 2025 | 11:00 AM

আৰম্ভ হৈছে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ কাউণ্টডাউন। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে পাকিস্তানত বাজি উঠিব ক্ৰিকেটপ্ৰেমী উছাহৰ ধ্বনি। অহা বুধবাৰ অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচিৰ এই প্ৰতিযোগিতা। ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উন্মাদনাৰ মাজতে আইচিচিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধনৰ সবিশেষ তথ্য। আইচিচিৰ এই অন্যতম মূল ইভেণ্টৰ বাবে পুৰস্কাৰ হিচাপে এইবাৰ বৃ্হৎ পৰিমাণৰ ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখ্য যে সুদীৰ্ঘ ৮ বছৰৰ পিছত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাখন ২০১৭ চনত অন্তিমবাৰ অনুষ্ঠিত হৈছিল আৰু পাকিস্তানে অৰ্জন কৰিছিল শ্ৰেষ্ঠত্ব। এইবাৰ প্ৰতিযোগিতাখনত পূৰ্বৰ সংস্কৰণৰ তুলনাত ৫৩% পুৰস্কাৰৰ ধনৰাশি বৃদ্ধি কৰা হৈছে। এদিনীয়া ক্ৰিকেট ৰেংকিঙৰ শীৰ্ষ ৮টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত প্ৰতিটো দলেই লাভ কৰিব নিৰ্ধাৰিত পৰিমাণৰ ধন।

অৰ্থাৎ বিজয়ী দল বাদেই, প্ৰতিযোগিতাত অন্তিম স্থানত থকা দলটোও খালী হাতেৰে উভতি আহিবলগীয়া নহ’ব। চেম্পিয়নছ ট্ৰফী ২০২৫ৰ মুঠ পুৰস্কাৰৰ ধন ৬৯ লাখ মাৰ্কিন ডলাৰ। এইবাৰ চেম্পিয়ন হোৱা দলটোক ২২.৪ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ২০ কোটি টকা প্ৰদান কৰা হ’ব। একে সময়তে ৰানাৰ্ছ আপ দলটোৱে ১১.২ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১০ কোটি টকা লাভ কৰিব।

ইয়াৰ উপৰিও ছেমি ফাইনেলত পৰাস্ত হোৱা দুয়োটা দলকে প্ৰায় ৫ কোটি টকাকৈ পুৰস্কাৰ হিচাপে দিয়া হ’ব। আনহাতে গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হোৱা দলকেইটায়ো লাভ কৰিব নিৰ্দিষ্ট পৰিমাণৰ ধন। পঞ্চম বা ষষ্ঠ স্থান দখল কৰা দল দুটাই ৩.৫ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ৩ কোটি টকা লাভ কৰিব। একে সময়তে সপ্তম আৰু অষ্টম স্থানত থকা দল দুটাক প্ৰায় ১ কোটি ২০ লাখ টকা দিয়া হ’ব।

আনহাতে গ্ৰুপ পৰ্যায়ত প্ৰতিখন মেচত জয়ৰ বাবে ৩৪ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৩০ লাখ টকা দিয়া হ’ব। আনহাতে, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আঠটা দলৰ আটাইকেইটাকে ১ লাখ ২৫ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ১ কোটি টকা পৃথকে পৃথকে দিয়া হ’ব। এইদৰে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ সুবাদতে বৃহৎ ধনৰাশি লাভ কৰিব দলসমূহে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...