IPL Auction 2026: আই পি এলৰ আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত কেমেৰন গ্ৰীণ

নিলামৰ আৰম্ভণিতে ছেট ১ ত অন্তৰ্ভুক্ত খেলুৱৈৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণকো ছেট ১ ত অন্তৰ্ভুক্ত কৰা হয় আৰু আশা কৰা মতে তেওঁৰ বেছ মূল্যতকৈ বহুগুণ বেছি মূল্য লাভ কৰে।

IPL Auction 2026: আই পি এলৰ আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত কেমেৰন গ্ৰীণ
Edited By: 

Raj Saikia | Updated On: 16 Dec 2025 | 06:25 PM

আবুধাবিত অনুষ্ঠিত হোৱা IPL 2026 ৰ মিনি নিলামৰ আৰম্ভণিতে ছেট ১ ত অন্তৰ্ভুক্ত খেলুৱৈৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণকো ছেট ১ ত অন্তৰ্ভুক্ত কৰা হয় আৰু আশা কৰা মতে তেওঁৰ বেছ মূল্যতকৈ বহুগুণ বেছি মূল্য লাভ কৰে। গ্ৰীণৰ বেছ মূল্য আছিল ২ কোটি টকা, কিন্তু কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ২৫.২০ কোটি টকাত ক্ৰয় কৰে। এই বৃহৎ ধনেৰে কেমেৰন গ্ৰীণ আই পি এলত বিক্ৰী হোৱা আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হয়।

কেমেৰন গ্ৰীণক ক্ৰয় কৰিবলৈ KKR তিনিটা দলৰ সৈতে প্ৰতিযোগিতাত নামিছিল। মুম্বাই ইণ্ডিয়ানছে গ্ৰীণৰ বাবে নিবিদা আৰম্ভ কৰিছিল যদিও তাৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছে দৌৰত যোগদান কৰে। ৰাজস্থান ৰয়েলছে গ্ৰীণৰ বাবে চূড়ান্ত নিবিদা ১৩.৪০ কোটি টকা দিছিল। ৰাজস্থান ৰয়েলছে দৌৰৰ পৰা আঁতৰি যোৱাৰ পিছত চি এছ কেয়েও যোগদান কৰে আৰু তেওঁলোকৰ চূড়ান্ত নিবিদা ২৫ কোটি টকা আছিল। কিন্তু, শেষত কেকেআৰে ২৫.২০ কোটি টকাত কেমেৰন গ্ৰীণক ক্ৰয় কৰে।

কেমেৰনে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছৰ সৈতে আই পি এলত অভিষেক ঘটায়। ইয়াৰ পিছত ২০২৪ চনৰ আই পি এলত আৰ চি বিৰ হৈ খেলিছিল। ২০২৫ চনৰ আই পি এলতো আৰ চি বিৰ হৈ খেলে। অৱশ্যে আই পি এল ২০২৬ৰ মিনি নিলামৰ পূৰ্বে আৰ চি বিয়ে তেওঁক মুকলি কৰি দিছিল।

কেমেৰন গ্ৰীণে আই পি এলৰ ইতিহাসত ৭০৭ ৰান সংগ্ৰহ কৰাৰ লগত ১৬টা উইকেট দখল কৰিছে। ইয়াৰে ১৬খন খেলত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪৫২ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ খেলি থাকোতে ৬টা উইকেট দখল কৰে। আৰ চি বিৰ সৈতে থকা দুটা ছিজনত কেমেৰন গ্ৰীনে মুঠ ১৩খন মেচ খেলি ২৫৫ ৰান সংগ্ৰহ কৰি ১০টা উইকেট দখল কৰিছে। আই পি এলতো তেওঁৰ এটা শতক আছে, যিটো তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি থাকোতে কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...