অনুৰাগীলৈ সকাহ! ভাৰতীয় দলত যোগ দিব ৰোহিতে, দেখা যাব নেকি পাৰ্থ টেষ্টত?

সন্তান জন্মৰ বাবে অষ্ট্ৰেলিয়াৰ বিপক্ষে গুৰুত্বপূৰ্ণ ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ প্ৰথমখন টেষ্টৰ লগতে দ্বিতীয় টেষ্টতো ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা দলত নাথাকিব বুলি চৰ্চা চলিছিল। পিছে শেহতীয়া প্ৰতিবেদনে এই সম্ভাৱনা নাকচ কৰিছে আৰু শীঘ্ৰেই ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ৰোহিত শৰ্মাই ভাৰতীয় শিবিৰত যোগ দিব বুলি উল্লেখ কৰিছে।

অনুৰাগীলৈ সকাহ! ভাৰতীয় দলত যোগ দিব ৰোহিতে, দেখা যাব নেকি পাৰ্থ টেষ্টত?

ৰোহিত শৰ্মা

Updated On: 

21 Nov 2024 18:49 PM

কাইলৈৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট। পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত পেট কামিন্স নেতৃত্বাধীন কেংগাৰু বাহিনীৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভ্ৰমণকাৰী ভাৰতীয় দল। এই টেষ্টখনৰ পূৰ্বে আজি পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। অষ্ট্ৰেলিয়াৰ বিপক্ষে এই গুৰুত্বপূৰ্ণ শৃংখলাৰ প্ৰথমখন টেষ্টৰ লগতে দ্বিতীয় টেষ্টতো ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা দলত নাথাকিব বুলি চৰ্চা চলিছিল। দ্বিতীয় সন্তানৰ জন্মৰ বাবে ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱা নাছিল ৰোহিত শৰ্মা। ৰোহিত শৰ্মাৰ অনুপস্থিতিক লৈ চিন্তিত হৈছিল ভাৰতীয় অনুৰাগীসকল।

পিছে অনুৰাগীৰ এই চিন্তা দীঘলীয়া নহ’ব। শীঘ্ৰেই ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় শিবিৰত যোগ দিব ৰোহিত শৰ্মাই। অৱশ্যে পাৰ্থ টেষ্টত দলত উপলব্ধ নহ’ব ৰোহিত শৰ্মা। তেওঁৰ পৰিৱৰ্তে দলৰ অধিনায়কৰ দায়িত্ব ল’ব যশপ্ৰীত বুমৰাহে। এই টেষ্টৰ মাজতে ৰোহিতে ভাৰতীয় দলৰ সৈতে যোগদান কৰিব। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি ২৪ নৱেম্বৰত পাৰ্থ টেষ্টৰ তৃতীয় দিনা ৰোহিতে দলত যোগ দিব।

একে সময়তে একাংশ বাতৰিত ৰোহিত শৰ্মাই শৃংখলাৰ প্ৰথমখন টেষ্টৰ আৰম্ভণিৰ পূৰ্বেই অৰ্থাৎ কাইলৈ পুৱাই অষ্ট্ৰেলিয়াত উপস্থিত হ’ব পাৰে বুলি দাবী কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। এনে পৰিস্থিতিত ৰোহিত প্ৰথম টেষ্টৰ বাবে যে দলত নাথাকিব সেয়া প্ৰায় নিশ্চিত। ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি ৰোহিতে দেওবাৰে দলত যোগদান কৰিব বুলি ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলক অৱগত কৰিছে।

এই শৃংখলাৰ দ্বিতীয়খন মেচ ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’ব। অৰ্থাৎ এই মেচৰ বাবে ৰোহিত উপলব্ধ হ’ব। আনহাতে পাৰ্থ টেষ্টৰ পিছত আৰু এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় টেষ্টৰ পূৰ্বে  ৩০ নৱেম্বৰৰ পৰা কেনবেৰাত প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে ভাৰতীয় দলে এখন অনুশীলন মেচ খেলিব। ৰোহিতক এই মেচখনত দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰৰ নিশা ৰোহিত শৰ্মা আৰু ঋতিকা সাজদেহৰ সংসাৰলৈ এটি পুত্ৰ সন্তানৰ আগমন ঘটিছিল। সন্তান জন্মৰ বাবে ৰোহিতে জাতীয় দলৰ পৰা কিছুদিনৰ বাবে বিৰতি লৈছিল আৰু সেয়ে অষ্ট্ৰেলিয়া অভিমুখী ভাৰতীয় দলৰ সৈতে যাত্ৰা কৰা নাছিল। ইয়াৰ পিছতে ৰোহিত প্ৰথম টেষ্টৰ লগতে দ্বিতীয় টেষ্টতো দলত নাথাকিব পাৰে বুলিও চৰ্চা চলিছিল।

কিন্তু ক্ৰিকবাজৰ শেহতীয়া প্ৰতিবেদনে এই সম্ভাৱনা নাকচ কৰিছে আৰু শীঘ্ৰেই ৰোহিতে দলত যোগ দিব বুলি উল্লেখ কৰিছে। ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এয়া স্বাভাৱিকতেই এক সকাহৰ খবৰ হ’ব। যদি এই প্ৰতিবেদন সঁচা হয়, পাৰ্থ টেষ্টত বুমৰাহে নেতৃত্বৰ ভাৰ ল’লেও শৃংখলাৰ আন কেইখন টেষ্টত ৰোহিতক অধিনায়ক হিচাপে দেখা যাব।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...