পাৰ্থ জয়ৰ আত্মবিশ্বাস নিটিকিল এডিলেইডতঃ দ্বিতীয় টেষ্টত বিধ্বস্ত ভাৰত

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচত পাৰ্থত বৃ্হৎ জয়ৰ পিছত প্ৰবল আত্মবিশ্বাসেৰে এডিলেইডত দ্বিতীয় টেষ্টত অৱতীৰ্ণ হৈছিল ভাৰতীয় দল। পিছে পাৰ্থ জয়ৰ আত্মবিশ্বাসৰ ফল ভাৰতে দেখুৱাব নোৱাৰিলে এডিলেইডত। অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণত দিশহাৰা হোৱা ভ্ৰমণকাৰী ভাৰতীয় দল এডিলেইডত ১০ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে।

পাৰ্থ জয়ৰ আত্মবিশ্বাস নিটিকিল এডিলেইডতঃ দ্বিতীয় টেষ্টত বিধ্বস্ত ভাৰত

এডিলেইডত শোচনীয় পৰাজয় ভাৰতৰ

Published: 

08 Dec 2024 12:48 PM

নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা শৃংখলাত লজ্জাজনকভাৱে হোৱাইট ৱাছ হোৱাৰ পিছত অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছিল ভাৰতীয় দল। পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পাৰ্থত বৃ্হৎ জয়েৰে কিৱিৰ বিপক্ষে পৰাজয় পাহৰি মনোবল বৃদ্ধি কৰিছিল ভাৰতে। এই আত্মবিশ্বাসেৰেই ভাৰতীয় দল এডিলেইডত অৱতীৰ্ণ হৈছিল। পিছে পাৰ্থ জয়ৰ আত্মবিশ্বাসৰ ফল ভাৰতে দেখুৱাব নোৱাৰিলে এডিলেইডত। অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণত দিশহাৰা হোৱা ভ্ৰমণকাৰী ভাৰতীয় দল এডিলেইডত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। দুৰন্ত প্ৰত্যাৱৰ্তনেৰে কেংগাৰু বাহিনীয়ে এডিলেইড টেষ্টত ১০ উইকেটত জয়লাভ কৰিছে।

চূড়ান্ত বেটিং ব্যৰ্থতাৰে এই টেষ্টত ভাৰতীয় দলে একপ্ৰকাৰে আত্মসমৰ্পণ কৰে অষ্ট্ৰেলিয়াৰ সমুখত। টেষ্টৰ প্ৰথম ইনিংছত মিচেল ষ্টাৰ্কৰ ঘাতক বলিঙত বিধ্বস্ত হৈ পৰা ভাৰতে মাত্ৰ ১৮০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ট্ৰেভিছ হেডৰ বিস্ফোৰক শতকৰ সহায়ত ৩৩৭ ৰান সংগ্ৰহ কৰি ১৫৭ ৰানৰ অগ্ৰগতি লাভ কৰিছিল। ভাৰতৰ সমুখত পুনৰ এবাৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা হেডে মাত্ৰ ১৪১ বনত ১৪০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।

ইফালে ১৫৭ ৰানত পিছ পৰি ৰোৱা ভাৰতীয় দলে দ্বিতীয় ইনিংছ আৰম্ভ কৰি প্ৰাৰম্ভিক অৱস্থাতে উজুটি খায়। মাত্ৰ ১২ ৰানতে পেভিলিয়নলৈ উভতিছিল ৰাহুল। কালি দ্বিতীয় দিনাৰ খেল সামৰণিৰ পৰলৈ ভাৰতে মাত্ৰ ১২৮ ৰানত ৫টা উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ শংকাত পৰিছিল। আজি এই স্ক’ৰৰ পৰা খেল আৰম্ভ কৰি ভাৰতে প্ৰথমটো অভাৰতে পণ্টৰ উইকেট হেৰুৱায়। ইয়াৰ পিছতে ভাৰতীয় ইনিংছত পুনৰ খহনীয়া আৰম্ভ হয়।

একমাত্ৰ যুৱ তাৰকা নীতিশ কুমাৰ ৰেড্ডীয়ে অষ্ট্ৰেলিয়ান বলিঙৰ সমুখত কিছু প্ৰত্যাহ্বান গঢ়ি তুলিবলৈ সক্ষম হয়। প্ৰথম ইনিংছত দলৰ হৈ সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰা নীতিশ দ্বিতীয় ইনিংছতো দললৈ সৰ্বাধিক ৪২ ৰানৰ অৱদান আগবঢ়ায়। নীতিশৰ এই ইনিংছৰ সহায়তহে ভাৰতে কোনোমতে ইনিংছ পৰাজয়ৰ পৰা ৰক্ষা পৰে। তেওঁৰ বাদে দ্বিতীয় ইনিংছত পণ্ট আৰু গিলৰ বেটৰ পৰা ২৮ ৰানৰ অৱদান আহে। ২৪ ৰান কৰে গিলে।

আনহাতে দুৰ্বল ফৰ্ম অব্যাহত থকা অধিনায়ক ৰোহিতে মাত্ৰ ৬ ৰান সংগ্ৰহ কৰে। একেদৰে ব্যৰ্থ হয় দলৰ বেটিং বিভাগৰ আটাইতকৈ অভিজ্ঞ আৰু প্ৰধান ভৰসা কোহলী (১১)। ভাৰতীয় দলৰ বাবে দ্বিতীয় ইনিংছত  বিপৰ্যয়ৰ কাৰণ হৈ পৰে কেংগাৰু অধিনায়ক পেট কামিন্স। কামিন্সে ৫টা উইকেট দখল কৰাৰ বিপৰীতে ব’লাণ্ডে ৩টা আৰু ষ্টাৰ্কে ২টা উইকেট দখল কৰে। ইফালে ভাৰতে ১৭৫ ৰানত ইনিংছ সামৰাৰ বাবে অষ্ট্ৰেলিয়াই জয়ৰ বাবে মাত্ৰ ১৯ ৰানৰ লক্ষ্য লাভ কৰে।

জয়ৰ বাবে এই সহজ লক্ষ্য অষ্ট্ৰেলিয়াই মাত্ৰ ৩.২ অভাৰতে অতিক্ৰম কৰে আৰু ১০ উইকেটত সহজ জয়েৰে শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে। বিস্ফোৰক বেটিঙেৰে অষ্ট্ৰেলিয়াৰ জয়ত মুখ্য ভূমিকা লোৱা হেড মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। এই শৃংখলাৰ তৃতীয়খন টেষ্ট অহা ১৪ ডিচেম্বৰৰ পৰা ব্ৰিছবেনত আৰম্ভ হ’ব। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতৰ শেহতীয়া আধিপত্য অব্যাহত ৰখাৰ লগতে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা জীয়াই ৰাখিবলৈ হ’লে এই মেচখনত ভাৰতৰ প্ৰত্যাৱৰ্তন নিতান্তই প্ৰয়োজনীয় হ’ব।

বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক
বেছিকৈ পূজা কৰা দুখৰ কাৰণ হ'ব পাৰে নেকি? জানক প্ৰেমানন্দ মহাৰাজৰ পৰা...