উদাহৰণ হ’ল টি-২০ বিশ্বকাপৰ এই ক্ষণ, অপাৰেচন সেন্দূৰ সন্দৰ্ভত পাক সেনাক তীব্ৰ শ্লেষ বিজেপিৰ….

এক টুইটৰ জৰিয়তে বিজেপিয়ে পাকিস্তানক তীব্ৰ নিন্দা কৰিছে। এই টুইটটোত বিজেপিয়ে ২০০৭ চনৰ টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা 'বল আউট' মেচৰ সৈতে অপাৰেচন সেন্দূৰৰ তুলনা কৰিছে। বিজেপিৰ এই পোষ্টটো সম্প্ৰতি সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

উদাহৰণ হ’ল টি-২০ বিশ্বকাপৰ এই ক্ষণ, অপাৰেচন সেন্দূৰ সন্দৰ্ভত পাক সেনাক তীব্ৰ শ্লেষ বিজেপিৰ….

২০০৭ৰ টি-২০ বিশ্বকাপত ভাৰত-পাক মেচ

Published: 

16 May 2025 19:49 PM

পূৰ্ণকালীন যুদ্ধৰ ৰূপ পোৱাৰ পূৰ্বেই সংঘৰ্ষৰ অন্ত পেলাই যোৱা শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰে ভাৰত আৰু পাকিস্তানে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিণতিত দুয়োখন দেশৰ মাজত দেখা দিছিল উত্তেজনাই। সন্ত্ৰাসবাদী আক্ৰমণৰ পোতক তুলি ভাৰতে চলাইছিল অপাৰেচন সেন্দূৰ। এই অভিযানৰ দ্বাৰা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। ইফালে ইয়াৰ পিছতে পাকিস্তানে ড্ৰোনেৰে উপৰ্যুপৰি ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে।

কিন্তু ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ সমুখত পাকিস্তানৰ সকলো আক্ৰমণ ব্যৰ্থ হয়। পাকিস্তানৰ এনে প্ৰচেষ্টাৰ প্ৰত্যুত্তৰত ভাৰতেও প্ৰত্যাক্ৰমণ চলায় আৰু ভাৰতৰ আক্ৰমণত বিপৰ্যস্ত হৈ পৰে চুবুৰীয়া দেশখন। ইয়াৰ পিছত আমেৰিকাৰ মধ্যস্ততাত দুয়ো দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা হয়। ইফালে পাকিস্তান চৰকাৰে ভাৰতৰ বিৰুদ্ধে নিৰীহৰ ওপৰত আক্ৰমণ আৰু ধ্বংসৰ অভিযোগ তোলে।

পাকিস্তান চৰকাৰৰ এই মিথ্যাচাৰ এতিয়া উদঙাই দিছে বিজেপিয়ে। এক টুইটৰ জৰিয়তে বিজেপিয়ে পাকিস্তানক তীব্ৰ নিন্দা কৰিছে। এই টুইটটোত বিজেপিয়ে ২০০৭ চনৰ টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘বল আউট’ মেচৰ সৈতে অপাৰেচন সেন্দূৰৰ তুলনা কৰিছে। বিজেপিৰ এই পোষ্টটো সম্প্ৰতি সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

বিজেপিৰ অফিচিয়েল এক্স একাউণ্টত এই ভিডিঅ’টো পোষ্ট কৰা হৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত এই মেচখনত ফলাফল নিৰ্ণয়ৰ বাবে লোৱা হৈছিল ‘বল আউট’ৰ পদক্ষেপ। ভাৰতীয় খেলুৱৈয়ে এই নিয়মৰ সময়ত তিনিওটা বলতে ষ্টাম্পতে আঘাত কৰে যদিও পাকিস্তানী খেলুৱৈসকল সম্পূৰ্ণ ব্যৰ্থ হয় আৰু এবাৰো ষ্টাম্পত আঘাত কৰিব নোৱাৰে। এতিয়া এই ভিডিঅ’টো পোষ্ট কৰি বিজেপিয়ে লিখিছে, অপাৰেচন সেন্দূৰো ঠিক এনেকুৱাই আছিল।

বিজেপিয়ে পোষ্ট কৰা ভিডিঅ’ ক্লিপত পাকিস্তানী বলাৰে ষ্টাম্পত লগোৱাত ব্যৰ্থ হোৱা প্ৰচেষ্টাক শেহতীয়া এই সংঘৰ্ষৰ সময়ত প্ৰেৰণ কৰা মিছাইলৰ সৈতে তুলনা কৰিছে। ইয়াৰ বিপৰীতে ভাৰতীয় বলাৰে উইকেটত লৰা প্ৰত্যক্ষ আঘাতক ‘ভাৰতৰ মিছাইল’ বুলি অভিহিত কৰা হৈছে। এইদৰে পাকিস্তানী সেনা আৰু চৰকাৰক উদ্দেশ্যি তীব্ৰ শ্লেষ কৰিছে বিজেপিয়ে।

 

টেষ্টৰ পৰা অৱসৰৰ পিছতো ৰোহিত-কোহলীলৈ ধনৰ উজান, লাভ কৰিব বৃহৎ ধনৰাশিৰ পুৰস্কাৰ…
নতুন খেলুৱৈৰ সৈতে IPL ২০২৫ৰ দ্বিতীয়াংশৰ বাবে সাজু কেইবাটাও দল, সুযোগ পালে এইকেইজন খেলুৱৈয়ে….
গৰমৰ দিনত সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চকুৰ যত্ন কেনেকৈ ল'ব ? জানক
কণ বিলাহীত আছে আচৰিত স্বাস্থ্য উপকাৰী গুণ, সবিশেষ জানক