চৰ্চাৰ অন্ত! পাকিস্তানত নহয়, এই স্থানত চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব ভাৰতে…

আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত লোৱা সিদ্ধান্তই এতিয়া ক্ষুব্ধ কৰি তুলিছে পাকিস্তানক। কেৱল সিমানেই নহয়, এই সিদ্ধান্তই পাকিস্তান ক্ৰিকেট ব’ৰ্ডক লোকচানৰ মুখলৈও ঠেলি দিছে। আইচিচিয়ে চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেলত অনুমোদন জনাইছে। সেই সূত্ৰে এতিয়া ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী খেলাৰ বাবে পাকিস্তানলৈ যাব নালাগে।

চৰ্চাৰ অন্ত! পাকিস্তানত নহয়, এই স্থানত চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব ভাৰতে…

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত পোহৰলৈ নতুন খবৰ

Updated On: 

13 Dec 2024 | 09:15 PM

অৱশেষত অন্ত পৰিল দীৰ্ঘদিনৰ পৰা চলি থকা জল্পনা-কল্পনা। চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত অৱশেষত লোৱা হৈছে চূড়ান্ত সিদ্ধান্ত। ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহে নিযুক্তি লোৱাৰ পিছতে এই সন্দৰ্ভত নিশ্চিতভাৱে বিচিচিআইৰ পক্ষত সিদ্ধান্ত আহিব বুলি অনুমান কৰা হৈছিল আৰু এতিয়া এই অনুমানেই কাৰ্যতঃ স্পষ্ট হৈ পৰিছে। আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহে লোৱা সিদ্ধান্তই এতিয়া পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে। কেৱল সিমানেই নহয়, এই সিদ্ধান্তই পাকিস্তান ক্ৰিকেট ব’ৰ্ডক লোকচানৰ মুখলৈও ঠেলি দিছে।

প্ৰকাশিত খবৰ অনুসৰি, আইচিচিয়ে চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেলত অনুমোদন জনাইছে। সেই সূত্ৰে এতিয়া ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী খেলাৰ বাবে পাকিস্তানলৈ যাব নালাগে। ভাৰতীয় দলে এতিয়া এই প্ৰতিযোগিতাৰ সকলো মেচ খেলিব ডুবাইত। তাতোকৈ গুৰুত্বপূৰ্ণ, আইচিচিয়ে এই সিদ্ধান্তৰ বাবে পাকিস্তানক কোনো অতিৰিক্ত ধন বা ক্ষতিপূৰণ নিদিয়ে। এনে পৰিস্থিতিত স্বাভাৱিকতেই ক্ষোভিত হৈছে পাকিস্তান ব’ৰ্ড।

চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেলৰ বিনিময়ত কোটি কোটি টকা ক্ষতিপূৰণ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিল পাকিস্তান ব’ৰ্ডে। এই সন্দৰ্ভত পাকিস্তান ব’ৰ্ডে আইচিচিৰ ওচৰত দাবীও জনাইছিল। কিন্তু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এই দাবী নাকচ কৰিছে আইচিচিয়ে। খবৰ অনুসৰি চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত আইচিচিৰ বৈঠকত ভাৰতীয় দলৰ সকলো মেচ ডুবাইত খেলিব বুলি সিদ্ধান্ত লোৱা হয়।

যদি ভাৰতীয় দলে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে, তেন্তে ফাইনেল মেচখনো ডুবাইত অনুষ্ঠিত হ’ব। অৰ্থাৎ যদি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত-পাকিস্তান মুখামুখি হয়, প্ৰতিযোগিতাৰ আয়োজক দেশ হোৱাৰ পিছতো পাকিস্তানে ডুবাইত খেলিব লাগিব এই মেচ। অৱশ্যে ভাৰতীয় দল যদি ফাইনেলৰ পূৰ্বেই প্ৰতিযোগিতাৰ পৰা বিদায় লয়, তেতিয়া পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুসাৰে লাহোৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ।

অৱশ্যে এই সন্দৰ্ভত আইচিচিয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। আইচিচিৰ এক সূত্ৰৰ উদ্ধৃতিৰে এই খবৰ প্ৰকাশ পাইছে। ইফালে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজৰ লীগ মেচ কলম্বোত অনুষ্ঠিত হ’ব বুলিও সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু এই বিশ্বকাপত যদি দুয়োটা দল নক আউট ৰাউণ্ডত প্ৰৱেশ কৰে তেতিয়া পাকিস্তান ভাৰতলৈ আহিব লাগিব বুলি খবৰ প্ৰকাশ পাইছে।

আইচিচিৰ এই বৈঠকৰ পিছত চেম্পিয়নছ ট্ৰফীৰ সূচী শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি অনুমান কৰা হৈছে। ইতিপূৰ্বে প্ৰতিযোগিতাৰ বাবে এক ড্ৰাফ্ট সূচী প্ৰকাশ কৰা হৈছিল। এই সূচী অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...